উম্মাহ (أمة) এটা আৰবী ভাষা শব্দ আৰু ইছলামি পৰিভাষা, যিটোৰ দ্বাৰা মুছলিম জাতি বা সম্প্ৰদায় বুজোৱা হয়। কিন্তু ইয়াৰ সৈতে নৃতাত্ত্বিক বা ভৌগলিক বৈশিষ্ট্যৰ দ্বাৰা নিৰ্ণীত জাতিৰ মাজত পাৰ্থক্য আছে। ইয়াৰ দ্বাৰা অনুৰূপ বহুসংখ্যক জাতিৰ সমন্বয়ত গঠিত সামগ্ৰিক মুছলিম জনগোষ্ঠীক বুজায়। ইছলাম অনুযায়ী যিকোনো নৃতাত্ত্বিক, ভৌগলিক বা ভাষাভাষীৰ মুছলিম ব্যক্তি উম্মাহৰ সদস্য হিচাপে গণ্য হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উম্মাহ” প্ৰবন্ধৰ সংশোধন ১৬৬৯৪২ (১৩ মাৰ্চ ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।