অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম

আলাইহি-আছ-ছালাম (عليه السلام) হ'ল এটা বাগধাৰা বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- তেখেতৰ ওপৰত শান্তি বৰ্ষিত হওক। যিটো ধাৰ্মিক মুছলিমসকলে Jesus/ঈছা (আঃ), Moses/মুছা (আঃ), Abraham/ইব্ৰাহিম (আঃ) সহ অন্যান্য সকলো নবীসকলৰ নামৰ শেষত উচ্চাৰণ কৰি থাকে। ইয়াক সংক্ষেপে আঃ লিখা হয়।

হালনাগাদ: ২৪ এপ্ৰিল ২০২১ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আলাইহি-আছ-ছালাম (عليه السلام) হ'ল এটা বাগধাৰা বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- তেখেতৰ ওপৰত শান্তি বৰ্ষিত হওক। যিটো ধাৰ্মিক মুছলমানসকলে Jesus/ঈছা (আঃ), Moses/মুছা (আঃ), Abraham/ইব্ৰাহিম (আঃ) সহ অন্যান্য সকলো নবীসকলৰ নামৰ শেষত উচ্চাৰণ কৰি থাকে। ইয়াক সংক্ষেপে আঃ লিখা হয়। আকৌ একমাত্ৰ শেষ নবী মুহাম্মাদ (ছাঃ)ৰ নামৰ শেষত ইয়াৰ এটা বৰ্ধিত সংস্কৰণ উচ্চাৰণ কৰা হয় যিটো হ'ল চাল্লাহু আলাইহি ওয়াছাল্লাম। যিটো সংক্ষেপে ছাঃ/চাঃ/দঃ লিখা দেখা যায়; ইয়াৰ অৰ্থ হৈছে তেখেতৰ ও তেখেতৰ পৰিয়ালৰ ওপৰত ঈশ্বৰৰ প্ৰাৰ্থনা আৰু শান্তি বৰ্ষিত হওক।১ তেখেতৰ ওপৰত শান্তি বৰ্ষিত হওক হ'ল আলাইহি ওয়া ছাল্লাম আৰু বহুত সময়ত ই অসমীয়া ভাষাত চাল্লাহু আলাইহি ওয়াছাল্লামৰ অনূদিত সংস্কৰণ।

যিকোনো ভাষাতেই এটা মহান সম্মান আৰু শ্ৰদ্ধাৰ এটা চিহ্নস্বৰূপ।১২মুছলিমসকলে এই বাগধাৰাটো মুহাম্মাদ(ছাঃ)ৰ বাবে আল্লাহৰ আশীৰ্বাদ প্ৰাৰ্থনাৰ উদ্দেশ্যেৰে উচ্চাৰিত কৰে বা লিখে আৰু বিনিময়ত আল্লাহেও সিহঁতক আশীৰ্বাদ কৰে বুলি সিহঁতে বিশ্বাস কৰে।২ এই বাগধাৰাটো মুছলিম বিশ্বৰ বেচৰকাৰী আৰু বহত ক্ষেত্ৰত চৰকাৰী কাগজপত্ৰতো লিখা-লিখিতো ব্যৱহৃত হয়।২ ইছলামৰ প্ৰধান ধৰ্মগ্ৰন্থ কোৰআনত এই সম্মান প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। কোৰআনত কোৱা হৈছে,

"ঈশ্বৰ আৰু তেখেতৰ স্বৰ্গীয় দূতসকলে নবীৰ প্ৰতি আশীৰ্বাদ প্ৰেৰণ কৰে। হে বিশ্বাসীসকল! তোমালোকেও তেওঁৰ প্ৰতি আশীৰ্বাদ প্ৰেৰণ কৰা, আৰু শ্ৰদ্ধাৰ সৈতে তেওঁৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰা।"২ এইটো মুছলিম সকলৰ বাবে এটা স্মাৰক যিটোয়ে সকলো কাম-কৰ্ম মুহাম্মাদ(ছাঃ)ৰ আদৰ্শ অনুসৰণত সচেতন কৰে।৩

তথ্যসূত্ৰ

  1. ↑ What does the Muslim phrase, "Peace Be Upon Him" mean?. InnovateUs Inc
  2. ↑ John L. Esposito, What Everyone Needs to Know about Islam, Second Edition (ইংৰাজী), (New York: Oxford University Press, 2011), p. 128
  3. ↑ Jean Mead, Why Is Muhammad Important to Muslims? (ইংৰাজী) (London: Evans, 2008), p. 5

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্মশ্লোগান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম” প্ৰবন্ধৰ সংশোধন ২৭২১৬৭ (২৪ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।