অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

তাওৰাত

তাওৰাত এটা আকাশী কিতাপ যিটো ইছলামৰ ৰাছুল মুছা (আঃ)ৰ উপৰত অৱতীৰ্ণ হৈছিল। ই হিব্ৰু ভাষাত লিখিত ইহুদীসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ। হিব্ৰু ভাষাত ইয়াৰ নাম '"তোৰাহ্। তোৰাহ্ শব্দৰ অৰ্থ "আইন", "নিয়ম", বা "শিক্ষণীয় উপদেশ"। ই ৫ টা পুস্তকৰ সম্বন্ধয়েৰে গঠিত সেয়েহেই তাওৰাতক বহুতে মুছাৰ "পঞ্চ পুস্তক" বুলি কয়।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০১৮ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

তাওৰাত এটা আকাশী কিতাপ যিটো ইছলামৰ ৰাছুল মুছা (আঃ)ৰ উপৰত অৱতীৰ্ণ হৈছিল। ই হিব্ৰু ভাষাত লিখিত ইহুদীসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ। হিব্ৰু ভাষাত ইয়াৰ নাম '"তোৰাহ্''। তোৰাহ্ শব্দৰ অৰ্থ "আইন", "নিয়ম", বা "শিক্ষণীয় উপদেশ"। ই ৫ টা পুস্তকৰ সম্বন্ধয়েৰে গঠিত সেয়েহেই তাওৰাতক বহুতে মুছাৰ "পঞ্চ পুস্তক" বুলি কয়।

তাওৰাত ইহুদিসকলৰ ধৰ্মীয় ৰীতিনীতিৰ মূল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দলিল। এইটো এটা হিব্ৰু ভাষা শব্দ, যাৰ অৰ্থ "শিক্ষা"। তাওৰাত মূলত সিহঁতৰ ধৰ্মগ্ৰন্থ তানাখৰ প্ৰথম অংশক বুজালেও, সাৰ্বিকভাবে তোৰাহ বুলিলে ইহুদিসকলৰ লিখিত আৰু মৌখিক শিক্ষা, যেনেকৈ - মিশ্বনাহ, তালমুদ, মিদ্ৰাশ্ব, ইত্যাদি ধৰ্মীয় অনুশাসনমূলক গ্ৰন্থক একেলগে ইঙ্গিত কৰে।

তাওৰাতৰ মাজত হিব্ৰু বাইবেলৰ প্ৰথম পাঁচখন কিতাপ পৰে। এই পঞ্চ পুস্তকৰ নাম নিম্নৰূপ।

  • জেনেচিচ
  • এক্সোডাচ
  • লেভিটিচাচ
  • নাম্বাৰচ
  • ড্যুটাৰনমি

ইহুদিসকলে বিশ্বাস কৰে তাওৰাত হ'ল মুছাৰ ওচৰত ঈশ্বৰৰ পোনপটীয়া প্ৰদত্ত বাণী।

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্মধৰ্ম গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাওৰাত” প্ৰবন্ধৰ সংশোধন ১৮৩১৭০ (১৭ ছেপ্তেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।