শ্বীৰ্কঃ (شرك širk) শ্বীৰ্ক শব্দৰ অৰ্থ-অংশীদাৰিত্ব,অংশীবাদ,মিলোৱা, সমকক্ষ কৰা, সমান কৰা, শৰিক কৰা, ভগাভাগি কৰা। ইংৰাজীত Polytheism (একাধিক উপাস্যত বিশ্বাস), Associate,partner.
বিশ্বাসগতভাবে,আমলগতভাবে আল্লাহৰ সৈতে ইবাদতৰ ক্ষেত্ৰত অন্য কোনো ব্যক্তি বা বস্তুক আল্লাহৰ অংশীদাৰ/সমতুল্য বা সমান বনোৱাকে/কৰাকে শ্বীৰ্ক বোলে।
ৰব আৰু ইলাহ হিচাপে আল্লাহৰ সৈতে অন্য কাৰোবাক অংশীদাৰ সাব্যস্ত কৰাৰ নামেই শ্বীৰ্ক। অধিকাংশ ক্ষেত্ৰত উলুহিয়াত তথা ইলাহ হিচাপে আল্লাহৰ সৈতে শ্বীৰ্ক কৰা হয়৷ যেনেকৈঃ আল্লাহৰ সৈতে অন্য কাৰোবাৰ ওচৰত দোয়া কৰা কিংবা বিভিন্ন প্ৰকাৰ ইবাদত যেনেকৈঃ যবেহ, মান্নাত, ভয়, কুৰবানী, আশা, মহব্বত,আনুগত্য,ভৰসা ইত্যাদি কোনো বস্তুয়েই গাইৰুল্লাহৰ উদ্দেশ্যৰে নিবেদন কৰা৷ আল্লাহক আহ্বানৰ নিচিনা অন্যক আহ্বান কৰা, আল্লাহক ভয় কৰাৰ নিচিনা অন্যকে ভয় কৰা, তেওঁৰ ওচৰত যি কামনা কৰা হয়, অন্যৰ ওচৰত সেয়া কামনা কৰা। তেওঁক ভালপোৱাৰ নিচিনা অন্যকো ভালপোৱা। ১
শ্বীৰ্ক হ'ল তাওহিদৰ পৰিপন্থী এটা বিষয়। ইছলামত শ্বীৰ্ক হ'ল এটা অমাৰ্জনীয় অপৰাধ যদি মৃত্যু নিকটবৰ্তী হোৱাৰ পূৰ্বে আল্লাহৰ ওচৰত এই অপৰাধৰ বাবে ক্ষমা বিচৰা নহয়। ইছলামৰ নিৰ্ভৰযোগ্য তথ্য অনুসৰি, আল্লাহ তাআলাৰ ওচৰত ক্ষমা বিচাৰিলে মৃত্যুৰ পাছত নিজৰ বিচাৰ অনুসৰি ইবাদতকাৰী সকলৰ যিকোনো ভুল ক্ষমা কৰিব পাৰে, কিন্তু শ্বীৰ্কৰ অপৰাধী দুনিয়াত ক্ষমা নিবিচাৰিলে কেতিয়াও ক্ষমা নকৰিব। আল্লাহ তা'আলা শ্বীৰ্কৰ বিপৰীত তাওহিদৰ মূল বক্তব্য উপস্থাপন কৰিছে এনেকৈ-, ২
শ্বীৰ্কৰ প্ৰকাৰ
লগতে চাওক
তথ্যসূত্ৰ
- ↑ লেখকঃ ছেলেহ বিন ফাওযান আল-ফাওযান। ইছলাম প্ৰচাৰ ব্যুৰো, ৰিয়াদ, চৌদিআৰব।
- ↑ (কোৰআনঃ ১১২) | কুৰআন ১১২}}
- ↑ allahordikeahban.wordpress.com/2015/08/11/%E0%A6 link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বীৰ্ক” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৯৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।