অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

টিংকাৰ বেল (চলচ্চিত্ৰ)

টিংকাৰ বেল (Tinker Bell) হ'ল ২০০৮ চনত ডিজনী টুন ষ্টুডিঅ'ৰ দ্বাৰা ডিজনী পৰীৰ ওপৰত নিৰ্মাণ কৰা এক এনিমেটেড চলচ্চিত্ৰ। জে.এম.বেৰীৰ পিটাৰ পেন নাটত আবিৰ্ভাৱ হোৱা আৰু ডিজনী চলচ্চিত্ৰ পিটাৰ পেন (১৯৫৩) আৰু ৰিটাৰ্ণ টু নেভাৰলেণ্ড (২০০২)ত ভূমুকি মৰা টিংকাৰ বেল নামৰ পৰীজনী ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ১,১৭৩ শব্দ · ৭ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

টিংকাৰ বেল (Tinker Bell) হ'ল ২০০৮ চনত ডিজনী টুন ষ্টুডিঅ'ৰ দ্বাৰা ডিজনী পৰীৰ ওপৰত নিৰ্মাণ কৰা এক এনিমেছন চলচ্চিত্ৰ। জে.এম.বেৰীৰ পিটাৰ পেন নাটত আবিৰ্ভাৱ হোৱা আৰু ডিজনী চলচ্চিত্ৰ পিটাৰ পেন (১৯৫৩) আৰু ৰিটাৰ্ণ টু নেভাৰলেণ্ড (২০০২)ত ভূমুকি মৰা টিংকাৰ বেল নামৰ পৰীজনী ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ। 3D পদ্ধতিত নিৰ্মিত এই ছবিখন ডিজনী হোম ভিডিঅ'ই ১৮ ছেপ্টেম্বৰ,২০০৮ত মুকলি কৰে।

কাহিনীৰ সাৰাংশ

এটা শিশুৰ প্ৰথম হাঁহিটোৰ পৰা জন্ম হোৱা টিংকাৰ বেল (মে হুইটমেন)ক বতাহে পিক্সি হ'ল'লৈ (Pixie Hollow) (যি নেভাৰলেণ্ড দ্বীপৰ এটা অংশ) কঢ়িয়াই আনে। তাই গম পাই যে তাই হ'ল এজন টিংকাৰ যাৰ কাম হ'ল ভগা চিগা বস্তু যোৰা লগোৱা। আন দুজন টিংকাৰ পৰী ব'বল(ৰব পাউলচেন) আৰু ক্লেংকে(জেফ বেনেট) তাইক কাম কাজ বোৰ শিকাই দিয়ে আৰু সেই পৰী সকলৰ কথা কয় যিয়ে প্ৰতিটো ঋতুক আদৰি আনিবলৈ মেইনলেণ্ডলৈ ৰাঁওনা হয়। ইয়াকে শুনি টিংকাৰ বেলেও বসন্তক আদৰিবলৈ মেইনলেণ্ডলৈ যাবলৈ উৎসুক হৈ পৰে। নিজৰ কাম কৰি থাকোঁতে তাই জলপৰী ছিলভাৰমিষ্ট(ল্যুচি লু),ফুলনিৰ পৰী ৰোজেটা (ক্ৰিষ্টিন কেনোৱেথ), পোহৰৰ পৰী ইৰিডেচা (ৰাৱেন ছিমন), জন্তুৰ পৰী ফ'ন (এমেৰিকা ফেৰাৰা) আদিক লগ পায়। আনহাতে তাই লক্ষ্য কৰে তাইৰ জ্ঞানৰ বাবে ৱিডিয়া(পামেলা এলডন) নামৰ পৰী জনীয়ে তাইক বেয়া পাই। ৱিদিয়াই টিংকাৰৰ লগত তাই মেইনলেণ্ডলৈ যাব পাৰিব নে নোৱাৰে সেই সম্পৰ্কে বাজী মাৰে। তেতিয়া টিংকাৰ বেলে বহুতো বস্তু উদ্ভাৱন কৰে আৰু সেইবোৰ বসন্তৰ মন্ত্ৰীক দেখুৱাই। আনহাতে ৰাণী ক্লেৰিয়নৰ পৰা তাই গম পাই যে কেৱল প্ৰাকৃতিক শক্তি থকা পৰীবোৰ হে মেইনলেণ্ডলৈ যাব পাৰে। তেতিয়া তাই প্ৰাকৃতিক কাম যেনে ছিলভাৰমিষ্টৰ লগত নিঁয়ৰৰ টোপাল বনোৱা,ইৰিডেচাৰ লগত জোনাকী পৰুৱাত পোহৰ দিয়া,ফ' নৰ লগত সৰু চৰাইক উৰিবলৈ শিকোৱা আদি কাম কৰিবলৈ চেষ্টা কৰে কিন্তু বিফল হয়। ইপিনে নিজৰ কামত ধ্যান নিদিয়া বাবে মেৰী পৰী তাইৰ ওপৰত অসন্তুষ্ট হয়। এবাৰ তাই সাগৰৰ পাৰত ভগা চিগা গান শুনা বাকচ এটা বিচাৰি পাই আৰু সেইটো পুনৰনিৰ্মাণ কৰে। তাকে দেখি ইৰিডেচা,ছিলভাৰমিষ্ট,ফ'ন আৰু ৰোজেটাই তাইক কয় যে তাই যিহেতু নিজৰ কামত খুবেই পাৰদৰ্শী,তাই মেইনলেণ্ডৰ কথা ভাবি দুখ কৰিব নালাগে। তাই পুনৰ ৰোজেটাক তাইক ফুলনিৰ পৰী হ'বলৈ সহায় কৰিবনে সোধে। কিন্তু ৰোজেটাই কয় যে টিংকাৰ হিচাপেই তাই শ্ৰেষ্ঠ। অৱশেষত উপাই নাপাই তাই ৱিদিয়াৰ সহায় বিচাৰে। ৱিদিয়াই তাইক জঁপিয়াই থকা থিষ্টল গছ ধৰি তাইৰ ক্ষমতা প্ৰমাণ কৰিবলৈ কয়। কিন্তু টিংকাৰ বেলে এই কামত সফলতা পোৱা দেখি ৱিদিয়াই বান্ধি থোৱা গছবোৰৰ বান্ধ ঢিলা কৰি দিয়ে আৰু সেইবোৰক ধৰিবলৈ যাঁওতে তাই বসন্তৰ সকলো আয়োজন নষ্ট কৰি পেলাই। দুঃখিত হৈ তাই সেই ঠাই এৰিবলৈ বিচাৰে। কিন্তু পোহৰ ৰক্ষক টেৰেন্সৰ(জেচ্চ মেককাৰ্টনী) লগত কথা পাতি তাই নিজৰ কামৰ প্ৰয়োজনীতা বুজি পায়। তাই এনে কিছুমান যন্ত্ৰ আৱিষ্কাৰ যিয়ে পোক পৰুৱা,ফুল আদিৰ সাঁজ-সজ্জাৰ কামবোৰ ক্ষিপ্ৰ কৰি তোলে। ফলত বাকীবোৰ পৰীয়েও নিজৰ কামবোৰ সুকলমে কৰিব পাৰে আৰু বসন্তক আদৰিবলৈ সকলো সাজু হৈ উঠে। ৱিদিয়াক তাইৰ কামৰ বাবে শাস্তি দিয়া হয়। ৰাণী ক্লেৰিয়নে থিৰ কৰে যে টিংকাৰ বেলো মেইনলেণ্ডলৈ যাবৰ বাবে উপযুক্ত। সেই গান শুনা বাকচটো তাৰ আচল গৰাকীক দিবলৈ টিংকাৰক দ্বায়িত্ব দিয়া হয়। ভাষ্যকাৰে শেষক কয় যে যেতিয়া হেৰোৱা পুতলা এটা বিচাৰি পোৱা যায় বা বেয়া হৈ থকা ঘড়ী এটাই পুনৰ কাম কৰিবলৈ লয়,"ই মাত্ৰ ইয়াকে বুজাই যে এজনী বিশেষ কণমানি পৰী ওচৰে পাঁজৰে আছে। "

চৰিত্ৰ ৰূপায়ণ

এটা শিশুৰ প্ৰথম হাঁহিটিৰ পৰা জন্ম হোৱা টিংকাৰ বেলৰ চৰিত্ৰত কণ্ঠদান কৰিছে মে হুইটমেনে। মেইনলেণ্ডৰ কাহিনীবোৰ শুনি তাই মন্ত্ৰমুগ্ধ হয় কিন্তু নিজে তালৈ যাব নোৱাৰিব বুলি জানি দুঃখিত হৈ পৰে। প্ৰথমতে তাই বেলেগ কামবোৰ শিকিব খোঁজে যদিও শেষত অনুভৱ কৰে যে তাই দৰাচলতে এজনী টিংকাৰ বা অভিযন্তা পৰী। তাই নিজে নষ্ট কৰা সকলো আয়োজন নিজেই ঠিক কৰে আৰু পুৰস্কাৰ হিচাপে তাই মেইনলেণ্ডলৈ যোৱাৰ সুযোগ লাভ কৰে। শেষত তাই ৱেণ্ডীক হেৰোৱা পুতলাটিও দি আহে।

ফুলনিৰ পৰী ৰোজেটাৰ চৰিত্ৰত কণ্ঠদান কৰে ক্ৰিষ্টিন কেনোৱেথে। তাই প্ৰথমতে টিংকাৰ বেলক ফুলনিৰ কাম শিকাবলৈ চেষ্টা কৰে যদিও আভিযান্ত্ৰিক দিশত তাইৰ পাৰদৰ্শিতা দেখি তাইক টিংকাৰ হৈ থাকিবলৈয়ে পৰামৰ্শ দিয়ে।

ৰাৱেন ছিমনে 'ইৰিডেচা' নামৰ পোহৰৰ পৰীজনীৰ চৰিত্ৰত কণ্ঠদান কৰে যিয়ে টিংকাৰ বেলক জোনাকী পৰুৱাক পোহৰ দিবলৈ শিকাই। ইৰিডেচাই প্ৰথমতে টিংকাৰ বেলৰ এজন টিংকাৰ হ'ব নোখোঁজা কথাটোত আপত্তি কৰিছিল।

ল্যুচি লুৱে কণ্ঠদান কৰা 'ছিলভাৰমিষ্ট'এ টিংকাৰ বেলক নিয়ঁৰৰ টোপাল বনাবলৈ শিকাই। তাই এক সৰস বুদ্ধিমতাৰ গৰাকী।

জন্তুৰ পৰী ফ'নৰ চৰিত্ৰত কণ্ঠ প্ৰক্ষেপ কৰিছে এমেৰিকা ফেৰাৰাই যিয়ে টিংকাৰক শিকাই সৰু চৰাইবোৰক কেনেকৈ উৰিবলৈ শিকাব লাগে। তায়েই টিংকাৰ বেলৰ সৰ্বোত্তম বন্ধু আৰু তাইক সুখী হোৱাটো বিচাৰে,আৰু ফনৰ মতে এজন টিংকাৰ হোৱাটোৱেই তাইৰ পক্ষে সঠিক।

জেন হ'ৰক্সে টিংকাৰ পৰী সকলৰ প্ৰশাসক মেৰী পৰী বা ফেইৰি মেৰীৰ চৰিত্ৰত কণ্ঠ নিগৰাইছে। তেওঁ টিংকাৰ বেলৰ ওপৰত গভীৰ আস্থা ৰাখে কিন্তু তাই নিজৰ কামটো পছন্দ নকৰে বুলি জানি হতাশ হয়। অৱশ্যে টিংকাৰ বেলে পিছত সকলো থান থিত লগাই দিয়া বাবে তেওঁ সুখী হয় আৰু টিংকাৰ বেলে মেৰামতি কৰা পুতলাটি তাৰ গৰাকীক গতাই দিয়াৰ দ্বায়িত্ব প্ৰদান কৰে।

জেচ্চ্ মেককাৰ্টনী বা টেৰেঞ্চ হ'ল পিক্সি ধূলিৰ ৰক্ষক। টিংকাৰ বেলে তাৰ নামটো জনা দেখি সি খুব আচৰিত হয়। তাৰ কামৰ প্ৰয়োজনীয়তাৰ কথা শুনিয়েই টিংকাৰ বেলে নিজৰ কামৰ প্ৰয়োজনীয়তা বুজি উঠে।

জেফ বেনেট বা ক্লেংক হ'ল এজন শকত আৱত টিংকাৰ পৰী যাক সাধাৰণতে টিংকাৰ বেল বা ব'বলৰ লগত পোৱা যায়।

ৰব পাউলচন বা ব'বল হ'ল ডাঙৰ চশমা পিন্ধা এজন টিংকাৰ পৰী যিয়ে টিংকাৰ বেলক যথেষ্ট সহায় কৰে আৰু সি বেছিভাগ সময় ব'বল বা তাৰ নিগনিটোৰ লগতেই কটায়।

পামেলা এলডন বা ৱিদিয়া হ'ল টিংকাৰ বেলৰ শত্ৰু। তাই তেতিয়াৰ পৰাই টিংকাৰক শত্ৰু জ্ঞান কৰে যেতিয়া এবাৰ দুয়ো শেন এটাৰ পৰা পলাই সাৰোঁতে একে ঠাইতে লুকাইছিল আৰু ৱিদিয়াৰ গাত এসোপা ফল বাগৰি পৰিছিল। টিংকাৰে তাইৰ সহায় বিচাৰোঁতে ৱিদিয়াই তাইক জঁপিয়াই থকা থিষ্টল গছ ধৰিবলৈ কৈছিল। নিজৰ কৰ্মকাণ্ডৰ বাবে ৱিদিয়াই শেষত শাস্তি পায়।

এঞ্জেলিকা হা'ষ্টনে পিক্সি হ'ল'ৰ ৰাণী কুইন ক্লেৰিয়নৰ চৰিত্ৰত কণ্ঠ দিছে যিয়ে টিংকাৰ বেলক চাকৰি দিয়ে আৰু চাৰিওটা ঋতু পৰিচালনা কৰে। টিংকাৰৰ উৎসুকতাৰ বাবে তেওঁ চিন্তিত হৈ থাকে আৰু তেওঁৰ অনুমান সঠিক কৰি টিংকাৰ বেলে বসন্তৰ সকলো আয়োজন নষ্ট কৰি পেলাই। পিছত অৱশ্যে ৰাণীয়ে তাইক ক্ষমা কৰি দিয়ে আৰু মেইনলেণ্ডলৈ যোৱাৰ সুযোগ দিয়ে।

ল'ৰীনা মেককেনিটে ধাৰাভাষ্যকাৰ হিচাপে কাহিনীক আগুৱাই নিয়ে।

ইয়াৰ উপৰিও ষ্টিভ ভেলেনটাইনে বসন্তৰ মন্ত্ৰী,কেথী নাজিমিয়ে গ্ৰীষ্মৰ মন্ত্ৰী,ৰিছাৰ্ড পোৰ্টনাৱে শৰতৰ মন্ত্ৰী আৰু গেইল বৰ্গছে শীতৰ মন্ত্ৰীৰ চৰিত্ৰত কণ্ঠ দিয়ে।

আমেৰিকা য়ঙে ৱেণ্ডি ডাৰ্লিঙৰ ভূমিকা লয় যাৰ পুতলাটো টিংকাৰে মেৰামতি কৰে।

কেথেৰিন ক্ৰেছিডাই শ্ৰীমতি য়ং আৰু বব বাৰ্গনে জোনাকি পৰুৱাৰ চৰিত্ৰত কণ্ঠ দিয়ে।

প্ৰযোজনা

টিংকাৰ বেল হ'ল ডিজনীৰ প্ৰথম ছবি য'ত টিংকাৰ বেলক কথা কোৱা হিচাপে উপস্থাপন কৰা হৈছে। প্ৰথমতে মে হুইটমেনৰ পৰিৱৰ্তে প্ৰয়াত অভিনেত্ৰী ব্ৰিটানী মাৰ্ফীকহে টিংকাৰ বেলৰ চৰিত্ৰৰ বাবে বাছনি কৰা হৈছিল।১ ২০০৭ ত মুক্তি দিবলৈ থিৰ কৰা ছবিখনৰ কামবোৰ ডিজনীৰ বিভিন্ন ভিতৰুৱা কাৰণত পিছপৰি আছিল।২ ২০০৬ চনত ডিজনীয়ে পিক্সাৰ (Pixer) এনিমেচন ক্ৰয় কৰিছিল আৰু পিক্সাৰৰ কৰ্মকৰ্তাজন লেচেটাৰ আৰু এড কেটমূলক "ৱাল্ট ডিজনী ফিচাৰ এনিমেচন"ৰ দ্বায়িত্ব দিয়া হয়। যদিও ডিজনীটুন তেওঁলোকৰ অধীনত নাছিল তেওঁলোকে "এইটো গোটৰ কামকাজত অত্যধিক পৰিমাণে জড়িত হৈ পৰে। "৩ লেছেটাৰে কয় যে সেই সময়ত ছবিখন চাব নোৱাৰা হৈ আছিল৪ আৰু ই ৱাল্ট ডিজনী ফিচাৰ এনিমেচন আৰু ডিজনী কনজিউমাৰ প্ৰডাক্টছ উভয়ৰে ক্ষতি সাধন কৰিলেহেতেন।৫ জিম হিলে কয় যে এই ছবিখনৰ পৰা হোৱা জটিলতাবোৰৰ পৰা এইটো সিদ্ধান্ত লোৱা হয় যে ডিজনীয়ে আৰু কেতিয়াও ইয়াৰ ছবিসমূহৰ পোনপটীয়া ডিভিডি ছিকুৱেল নিৰ্মাণ নকৰে।৪

সংগীত

ছবিখনিৰ সংগীতৰ স্বৰলিপি লিখিছে জোৱেন মেকনীলিয়ে,যিয়ে হলিউদ ষ্টুডিঅ' ছিম্ফনীৰ ৮৮-পিছ এনচেম্বলৰ দ্বাৰা আৰু চেল্টিক ভায়োলিন বাদক Máiréad Nesbittৰ সহযোগত ছনী স্কৰিং ষ্টেজ ত সংগীত বাণীবন্ধন কৰে।৬

চাউণ্ডট্ৰেক

১৪ অক্টোবৰ,২০০৮ত,টিংকাৰ বেল ছবিৰ ডিভিডি মুকলি হোৱাৰ এসপ্তাহ আগতে ইয়াৰ চাউণ্ডট্ৰেক মুকলি হয় আৰু তাত নিম্নোক্ত গীত সমূহ অন্তৰ্ভুক্ত কৰা হৈছিল৭

  • "টু দা ফেইৰিজ ডেই ড্ৰ নিয়েৰ"-ল'ৰীনা মেককেনিত
  • "ফ্লাই টু ইয়ৰ হাৰ্ট"- চেলেনা গমেজ
  • "হাউ টু বিলিভ"-ৰুবী চামাৰ
  • "লেট ইয়ৰ হাৰ্ট চিং"-কেথেৰিণ মেকফি
  • "বি ট্ৰু"-জোনাথা ব্ৰুক
  • "টু দা ফেইৰিজ ডেই ড্ৰ নিয়েৰ পাৰ্ট ২"-ল'ৰীনা মেককেনিত
  • "শ্বাইন"-টিফানি জিয়াৰদিনা
  • "ফ্লাই ৱিদ মি"-কেৰি কিমেল
  • "ৱণ্ডাৰ অফ ইট অল"-স্কটি হেস্কেল
  • "এণ্ড ক্ৰেডিট স্কোৰ চুইট"-জোৱেল মেকনীলি

ব্যৱসায়

চিণ্ডেৰেলা III-এ টুইষ্ট ইন টাইমৰ নিৰ্দেশক ফ্ৰেংক নিচেনে ডিজনী এক্সডি ৰ ফেইৰী চেনেলত ছবিখনৰ প্ৰচাৰৰ বাবে বহুকেইটা ৱেবিচোড(webisodes) নিৰ্মাণ কৰে। ইয়াৰে এটাৰ বাদে বাকীবোৰ নিৰ্বাক।

শীৰ্ষকবৰ্ণনা
টিংক এণ্ড দা বেলটিংকাৰ বেলে এটা ৰূপালী জিংগল বেল বিচাৰি পাই যিয়ে তাইৰ এক ধেমেলীয়া প্ৰতিবিম্ব দেখুৱাই আৰু তাৰ পিছত তাই তাতেই ব্যস্ত হৈ পৰে।
টিংক এণ্ড দা পিপাৰ শ্বেকাৰটিংকাৰ বেলে এটা পিপাৰ শ্বেকাৰ বিচাৰি পাই আৰু তাৰ লগত খেলি থাকে।
ফ'ন এণ্ড দা লগফ'নে কিছুমান শুই থকা কেৰ্কেটুৱাক এটা লগত জগাবলৈ চেষ্টা কৰে।
ফ'ন এণ্ড দা বাটাৰফ্লাই" | ফ'নে এটা পখিলাক ইয়াৰ লেটাৰ পৰা ওলোৱাত সহায় কৰে। |- | ছিলভাৰমিষ্ট এণ্ড দা ফিশ্ব | ছিলভাৰমিষ্টে এটা সৰু মাছক এটা জলপ্ৰপাত পাৰ হোৱাত সহায় কৰে যাতে সি তাৰ পৰিয়ালক লগ পাব পাৰে। |- | ইৰিডেচা এণ্ড দা লাইট বাগচ"পিক্সি ধূলিৰ সহায়ত ইৰিডেচাই জোনাকী পৰুৱাক উৰাত সহায় কৰে।
ৰোজেটা এণ্ড দা ফ্লাৱাৰএটা আঁকোৰগোজ ফুলকলিক জগাবলৈ গৈ ৰোজেটাই কিছু সমস্যা সন্মুখীন হয়।
টিংক এণ্ড দা বাৰ্ড ৱাল্ট ডিজনীৰ পিটাৰ পেনৰ সম্প্ৰচাৰৰ সময়ত ইয়াক দেখুওৱা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ AWN. (2006-06-20). Brittany Murphy to Tone in as Tinker Bell | AWN | Animation World Network. AWN
  2. ↑ (2006-12-21). Merchandise has less magic with delay of 'Tinker Bell' - Los Angeles Times. Articles.latimes.com
  3. ↑ McNary, Dave. (2007-06-21). Disney tosses Toons topper. Variety
  4. ↑ Say "So Long!" to direct-to-video sequels: DisneyToon Studios tunes out Sharon Morrill. Jimhillmedia.com
  5. ↑ আৰ্কাইভ কপি
  6. ↑ Joel McNeely scores Tinker Bell. ScoringSessions.com
  7. ↑ (2008-10-14). iTunes - Music - Tinker Bell - Songs from and Inspired By Disney Fairies by Various Artists. Itunes.apple.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰইংৰাজী চলচ্চিত্ৰএনিমেছন চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিংকাৰ বেল (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৩৬৭২ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।