অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য মেন হু নিউ ইনফিনিটি (চলচ্চিত্ৰ)

দ্য মেন হু নিউ ইনফিনিটি (The Man Who Knew Infinity) ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লৈ নিৰ্মিত তথা ২০১৫ বৰ্ষত মুক্তি লাভ কৰা এখন ইংৰাজী চলচ্চিত্ৰ। ১৯৯১ চনত প্ৰকাশিত ৰবাৰ্ট কানিগেলৰ দ্য মেন হু নিউ ইনফিনিটি কিতাপখনৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৮৪৮ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দ্য মেন হু নিউ ইনফিনিটি (The Man Who Knew Infinity) ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লৈ নিৰ্মিত তথা ২০১৫ বৰ্ষত মুক্তি লাভ কৰা এখন ইংৰাজী চলচ্চিত্ৰ। ১৯৯১ চনত প্ৰকাশিত ৰবাৰ্ট কানিগেলৰ দ্য মেন হু নিউ ইনফিনিটি কিতাপখনৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। মেথিউ ব্ৰাউনৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত ৰামানুজনৰ চৰিত্ৰত অভিনয় কৰিছে দেৱ পাটেল আৰু জি. এইচ. হাৰ্ডিৰ (গডফ্ৰে হেৰল্ড হাৰ্ডি) চৰিত্ৰত অভিনয় কৰিছে একাডেমী বঁটা প্ৰাপ্ত অভিনেতা জেৰেমি আইৰণছে। ২০১৪ চনত কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হয়।১ ২০১৫ বৰ্ষৰ টৰন্টো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱকে ধৰি ছিংগাপুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰু ডুবাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনে বিশেষ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।২৩৪উল্লেখযোগ্য যে বিশিষ্ট গণিতজ্ঞ কেন অনো আৰু ফিল্ডছ্ মেডেল প্ৰাপ্ত গণিতজ্ঞ মঞ্জুল ভাৰ্গৱে চলচ্চিত্ৰখনৰ নিৰ্মাণত বিশেষ সহযোগিতা আগবঢ়াইছে।

কাহিনী

চলচ্চিত্ৰখনত শ্ৰীনিবাস ৰামানুজন আয়েংগাৰৰ জীৱনৰ এছোৱা বিশেষ সময়ৰ ঘটনা দেখুওৱা হৈছে। বিশেষকৈ কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত হাৰ্ডিৰ স'তে কটোৱা সময়খিনি চলচ্চিত্ৰখনত উপস্থাপন কৰা হৈছে। চলচ্চিত্ৰখনত প্ৰথমে ৰামানুজনক দেখা যায় মাড্ৰাছৰ (বৰ্তমানৰ চেন্নাই) নামাগিৰি দেৱীৰ মন্দিৰৰ বাৰান্দাত অংক কৰি থকা অৱস্থাত। তাৰ পাছত চলচ্চিত্ৰখনৰ কাহিনী আৰম্ভ হয়। নিজ পৰিয়ালক পোহপাল দিয়াৰ অৰ্থে ৰামানুজনে কাৰ্যালয়ে কাৰ্যালয়ে কাম বিচাৰি গৈয়ো কেৱল ডিগ্ৰী এটা নথকাৰ বাবে কাম পোৱা নাছিল। অৱশেষত তেওঁ নাৰায়ণ আয়াৰৰ ওচৰ চাপে। নাৰায়ণ আয়াৰে ৰামানুজনৰ গাণিতিক প্ৰতিভা দেখি ছাৰ ফ্ৰান্সিছৰ ওচৰলৈ ৰামানুজনকৈ লৈ যায় আৰু ৰামানুজনক ক্লাৰ্ক হিচাপে নিযুক্তি দিয়ে। কাম পোৱাৰ পাছতেই ৰামানুজনে নিজ পত্নী জানকী আৰু মাতৃক নিজ গৃহলৈ লৈ আহে। কাৰ্যালয়ত কাম কৰি থকা সত্বেও ৰামানুজনে গণিতচৰ্চা কৰি গৈছিল আৰু আৱিস্কাৰ কৰিছিল নতুন নতুন সূত্ৰ। ৰামানুজনৰ এই গাণিতিক প্ৰতিভা দেখি নাৰায়ণ আয়াৰে ৰামানুজনক ইংলেণ্ডলৈ গৈ গাণিতিক সূত্ৰসমূহ প্ৰকাশৰ বাবে উপদেশ দিছিল। সেইহেতুকে ৰামানুজনে ট্ৰিনিটি কলেজৰ প্ৰফেচাৰ জি. এইচ. হাৰ্ডিলৈ (গডফ্ৰে হেৰল্ড হাৰ্ডি) এখন চিঠি লিখিলে। প্ৰথমাৱস্থাত হাৰ্ডিয়ে চিঠিখন আওকান কৰে যদিও হাৰ্ডিৰ সহকৰ্মী লিটিলউদে চিঠিখন পঢ়ি ৰামানুজনৰ বিচক্ষণতাৰ উমান পায় আৰু পাছত হাৰ্ডি আৰু লিটিলউদে ৰামানুজনক ইংলেণ্ডলৈ মাতি পঠিয়াই। ৰামানুজনেও ইংলেণ্ডলৈ যাবলৈ যো-জা চলালে। কিন্তু ৰামানুজনৰ মাতৃয়ে ৰামানুজন ইংলেণ্ডলৈ যোৱাতো বিচৰা নাছিল কিয়নো তেওঁৰ মাতৃয়ে ভয় খাইছিল জানোচা ৰামানুজন ঘূৰি নাহেয়েই। তথাপিও ৰামানুজনে নিজৰ গাণিতিক সূত্ৰসমূহ প্ৰকাশৰ বাবে ইংলেণ্ডলৈ যাবলৈ নিশ্চিত হ'ল। ইংলেণ্ডৰ ট্ৰিনিটি কলেজলৈ গৈ ৰামানুজনে হাৰ্ডি আৰু লিটিলউদৰ সৈতে মিলিত হৈ তেওঁৰ টোকাবহী দুখন দেখুওৱাত হাৰ্ডি আৰু লিটিলউদে হতভম্ব হৈ কৈছিল যে এনেকুৱা এখন টোকাবহী লিখিবলৈ এজন মানুহৰ গোটেই জীৱন লাগিব। ৰামানুজনে প্ৰকাশ কৰিব বিচৰা সূত্ৰসমূহৰ কোনো প্ৰমাণ নাছিল, সেয়েহে হাৰ্ডিয়ে ৰামানুজনক সূত্ৰসমূহ প্ৰমাণ কৰাৰ অৰ্থে তেওঁক ট্ৰিনিটিত উচ্চ গণিতৰ পাঠ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। অৱশ্যে ৰামানুজনে কেৱল তেওঁৰ সূত্ৰসমূহ প্ৰকাশৰ বাবেহে তালৈ গৈছিল। কেম্ব্ৰিজত থকা সময়ছোৱাত ৰামানুজন নানা অসুবিধাৰ সন্মূখীন হৈছিল। নিৰামিশভোজী ৰামানুজনে খোৱা-বোৱাৰ ক্ষেত্ৰটো অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছিল আৰু তাৰ ধৰ্ম, আচাৰ-ব্যৱহাৰ, ৰীতি নীতিৰ মাজতো আছিল যথেষ্ট পাৰ্থক্য যাৰ বাবে ৰামানুজনে মাজে সময়ে অসুবিধাৰ সন্মূখীন হৈছিল। উল্লেখযোগ্য যে ৰামানুজনে কেম্ব্ৰিজতেই প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ সংস্পৰ্শলৈ আহে। এদিন হাৰ্ডিয়ে ৰামানুজনক ৰেন পুঁথিভৰাললৈ লৈ যায় আৰু মিল্টনৰ কবিতাপুথি, নিউটনৰ ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা আদি দেখুৱাই ৰামানুজনক কৈছিল যদিহে ৰামানুজনৰ সূত্ৰসমূহ প্ৰমাণিত হয় তেন্তে তেওঁৰ টোকাবহী কেইখনো এদিন ৰেন পুঁথিভৰালত স্থান লাভ কৰিব আৰু এইদৰে হাৰ্ডিয়ে ৰামানুজনক উৎসাহিত কৰিছিল। মাজে সময়ে ৰামানুজন আৰু হাৰ্ডি বিভিন্ন তৰ্কতো লিপ্ত হৈছিল যদিও দুয়োজনে নিষ্ঠাৰে সূত্ৰসমূহ প্ৰমাণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। ৰামানুজন কেম্ব্ৰিজত থকা সময়ছোৱাত প্ৰথম বিশ্বযুদ্ধ চলি আছিল। খাদ্যৰ নাটনি আৰু পৰিৱৰ্তিত জলবায়ুৰ বাবে ৰামানুজন বেমাৰত পৰিল। অসুখীয়া গাটো লৈয়েই ৰামানুজনে সূত্ৰসমূহ প্ৰমাণ কৰি গৈছিল। ইফালে ৰামানুজনে জানকীলৈ পঠিওৱা চিঠিসমূহ ৰামানুজনৰ মাতৃয়ে লুকাই থৈছিল যাৰ ফলত জানকী ৰামানুজনৰ একো খবৰ পোৱা নাছিল। এদিন হাৰ্ডিয়ে ৰামানুজনক মেজৰ মেকমোহনৰ ওচৰলৈ লৈ যায় আৰু মেজৰ মেকমোহনৰ স'তে ৰামানুজন অংকযুদ্ধত লিপ্ত হয়। অৱশেষত ৰামানুজনৰ জয়ী হোৱাত মেকমোহন মূক হৈ ৰয়। ৰামানুজনৰ স্বাস্থ্য দিনক দিনে বেয়াৰ ফালে যোৱাত তেওঁ কেম্ব্ৰিজৰ অস্থায়ী চিকিৎসালয়ত ভৰ্তি হয়। তেওঁ চিকিৎসালয়ত থকা খবৰ পাই হাৰ্ডি ৰামানুজনৰ ওচৰলৈ যায়। ৰামানুজনে হাৰ্ডিক ওচৰত পাই তেওঁ আৱিস্কাৰ কৰা সূত্ৰসমূহ তেওঁ কেনেকৈ পালে বিৱৰি ক'বলৈ ধৰে আৰু এইক্ষেত্ৰত নামাগিৰি দেৱীয়ে তেওঁক কেনেকৈ সহায় কৰিলে সেইয়াও ক'লে, কিন্তু নাস্তিক হাৰ্ডিয়ে সেইবোৰ বিশ্বাস কৰিবলৈ টান পালে কিয়নো প্ৰমাণ অবিহনে কোনো কথাই তেওঁ বিশ্বাস নকৰে। তথাপিও ৰামানুজনে কয় যে— যেতিয়ালৈকে এটা সমীকৰণত ভগৱানৰ চিন্তা প্ৰতিফলিত নহয়, তেতিয়ালৈকে সেই সমীকৰণে ৰামানুজনৰ বাবে কোনো তাৎপৰ্য বহন নকৰে৷ প্ৰকৃতাৰ্থত ৰামানুজন আছিল এজন আস্তিক। কেম্ব্ৰিজত থকা সময়তো ৰামানুজনে নামাগিৰি দেৱীক পূজা কৰিবলৈ এৰা নাছিল। ৰামানুজনে নিজৰ প্ৰমাণ সমূহ সম্পূৰ্ণ নহওঁতেই এদিন নৰিয়া দেহাটো লৈয়েই ৰে'লৰ সন্মূখত আত্মহননৰ পথ বাছি লৈছিল যদিও সৌভাগ্যক্ৰমে তেওঁ বাছি গৈছিল আৰু তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। ডাক্তৰে হাৰ্ডিক জনোৱামতে তেওঁ টি.বি. ৰোগত আক্ৰান্ত হৈছে। হস্পিতালত থকা সময়খিনিটো ৰামানুজনে কৰি গৈছিল এটাৰ পিছত এটা সূত্ৰৰ প্ৰমাণ। অৱশেষত ৰামানুজনক প্ৰদান কৰা হ'ল ৰ'য়েল চ'ছাইটিৰ সভ্য পদ। ৰামানুজনক এই পদ দিয়াবলৈ হাৰ্ডিয়ে অশেষ চেষ্টা কৰিছিল কিয়নো ৰামানুজন আছিল ইয়াৰ যোগ্য। তাৰ পাছতেই ৰামানুজনে নিজ গৃহলৈ যাবলৈ ওলাল। যোৱাৰ আগমূহুৰ্তত হাৰ্ডিয়ে ৰামানুজনক বিদায় দিবলৈ আহে আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ৰামানুজনে বিদেশ এৰি স্বদেশলৈ যাত্ৰা আৰম্ভ কৰিলে। নিজ দেশলৈ অহাৰ পাছতেই ৰামানুজনৰ বেমাৰ পুনৰ উভতি আহে যাৰ ফলত ৰামানুজনে অতি কম বয়সতে ইহসংসাৰ ত্যাগ কৰে। ৰামানুজনৰ মৃত্যুৰ খবৰ পাই হাৰ্ডি মৰ্মাহত হৈ পৰে। আৰু এনেকৈয়ে চলচ্চিত্ৰখনৰ সমাপ্তি ঘটে।

অভিনয় শিল্পী

  • দেৱ পাটেল (শ্ৰীনিবাস ৰামানুজন)
  • জেৰেমি আইৰণছ (জি. এইচ. হাৰ্ডি)
  • দেৱিকা ভীসে (জানকী)
  • টবি জ'নছ (জন এদেনছৰ লিটিলউদ)
  • ষ্টিফেন ফ্ৰাই (ছাৰ ফ্ৰান্সিছ স্প্ৰিং)
  • জেৰেমি নৰথাম (বাৰ্ট্ৰেণ্ড ৰাছেল)
  • কেভিন মেকনেলী (মেজৰ মেকমোহন)
  • এঞ্জো চিলেন্টি (ডাক্টৰ)
  • অৰুন্ধতী নাগ (কোমলতামল, ৰামানুজনৰ মাতৃ)
  • ধৃতিমান চেটাৰ্জী (নাৰায়ণ আয়াৰ)
  • ছাজাদ লটিফ (প্ৰশান্ত চন্দ্ৰ মহালানবিছ)

মুক্তি

২০১৬ বৰ্ষৰ ৮ এপ্ৰিলত ৱাৰ্ণাৰ ব্ৰ'জে ইংলেণ্ডত আৰু ২৯ এপ্ৰিলত আইএফচি ফিল্মছে আমেৰিকা যুক্তৰাষ্ট্ৰত চলচ্চিত্ৰখন মুক্তি দিয়ে।৫৬

লগতে চাওক

বাহ্যিক লিংক

তথ্যসূত্ৰ

  1. ↑ Dev Patel's 'The Man Who Knew Infinity' Moves to Production After 8 Years in Development. Variety
  2. ↑ The Man Who Knew Infinity (programme note). TIFF.net. Toronto International Film Festival
  3. ↑ (2015). The Man Who Knew Infinity. SGIFF
  4. ↑ (2016). The Man Who Knew Infinity. DIFF
  5. ↑ N'Duka, Amanda. (10 September 2015). ‘The Man Who Knew Infinity’ Clip: Toronto Film About Math Genius Ramanujan
  6. ↑ Matt Brennan. (14 October 2015). IFC Films Acquires Math Genius Biopic 'The Man Who Knew Infinity,' with Jeremy Irons and Dev Patel. Indiewire / Thompson on Hollywood!

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী চলচ্চিত্ৰ২০১৫ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য মেন হু নিউ ইনফিনিটি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮১৪২৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।