অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য স্কাই ইজ ফলিং (২০০১ উপন্যাস)

দ্য স্কাই ইজ ফলিং (The Sky Is Falling) হ'ল ২০০১ চনত আমেৰিকান সাহিত্যিক ছিডনী শ্বেলডনৰ দ্বাৰা ৰচিত এক উপন্যাস।

হালনাগাদ: ২৭ এপ্ৰিল ২০২০ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দ্য স্কাই ইজ ফলিং (The Sky Is Falling) হ'ল ২০০১ চনত আমেৰিকান সাহিত্যিক ছিডনী শ্বেলডনৰ দ্বাৰা ৰচিত এক উপন্যাস।

কাহিনীৰ সাৰাংশ

যদি আমেৰিকাত এক ৰাজপৰিয়াল থাকিলহেতেন তেন্তে নিশ্চয়কৈ সেয়া ৱিনথ্ৰপ পৰিয়াল হ'লহেতেন। জনসেৱা,প্ৰচূৰ দান বৰঙনি আৰু গ্লেমাৰসম্পন্ন জীৱন যাপন আদিৰ জৰিয়তে গোটেই বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা ৱিনথ্ৰপ সকল প্ৰায় ভগৱানৰ শাৰীত পৰিছিল। কিন্তু এবছৰৰ ভিতৰতে টেইলৰ ৱিনথ্ৰপ,তেওঁৰ পত্নী,জীয়ৰী আৰু দুই পুত্ৰই কিছুমান "দুৰ্ঘটনা"ত মৃত্যু বৰণ কৰে। ৱাছিংটন টিভি নেটৱৰ্কৰ আকৰ্ষণীয় যুৱ আঁত ধৰোতা ডেনা ইভান্সে ইয়াত কিবা গূঢ় ৰহস্য লুকাই থকা বুলি অনুভৱ কৰে আৰু ৰহস্যৰ সন্ধানত নামি পৰে। আমেৰিকান উচ্চ বিষয়া ৰজাৰ হাডচনে তাইক সহায় কৰে। হত্যাকাৰীৰ সন্ধানত ডেনাই ফ্ৰান্স,ৰাছিয়া ইটালী আদি অনেক দেশলৈ যাবলগীয়া হয়। আৰু ক্ৰমে ক্ৰমে তাই অধিক ৰহস্যৰ মাজলৈ সোমাই যায়। এক ভয়াল নিগনি মেকুৰীৰ খেলৰ মাজত ডেনা বন্দী হয় যাক মৃত্যুৱে পলে পলে অনুসৰণ কৰি থাকে। অৱশেষত ডেনাই হত্যাৰ কাৰণ বিচাৰি পায়। ৰাছিয়াৰ পৰা চোৰাং প্লুটনিয়ামৰ বিক্ৰী সন্দৰ্ভতেই টেইলৰ ৱিনথ্ৰপৰ এক সংগীয়ে তেওঁক সবংশে ধ্বংস কৰে। কিন্তু ডেনাই এই সংগীৰ নাম জনাৰ আগতেই তাইৰ ওপৰত কেইবাটাও প্ৰাণঘাতী আক্ৰমণ হয়। তেতিয়া তাই ৰজাৰ হাডচনৰ সহায় বিচাৰে। কিন্তু ঘটনাক্ৰমত ওলাই পৰে যে হাডচনেই সেই সংগী আৰু তেৱেই ডেনাক হত্যাৰ চেষ্টা চলাইছিল। অৱশেষত ডেনাই সকলো ফাদিল কৰিবলৈ সক্ষম হয় আৰু পলাবলৈ কৰা এক চেষ্টাত হাডচন পৰিয়াল মৃত্যুমুখত পৰে। শ্বাসৰূদ্ধকাৰী এই অভিযানৰ অন্তত ডেনাই জেফ আৰু তুলি লোৱা সন্তান কেমলৰ সৈতে সুখত থাকে।

গ্ৰন্থালোচনা

মাউথশ্বাটে ইয়াক পাঁচটা তৰাৰ ভিতৰত চাৰিটা দি কৈছে "এখন উপভোগ্য ৰহস্য উপন্যাসৰ আটাইকেইটা উপাদানেই ইয়াত আছে-এক নিখুঁট পটভূমি,ৰহস্যময় চৰিত্ৰ,সঠিক গতি,বিশ্বাসযোগ্য যুক্তি আৰু এক পৰিপূৰক সামৰণি।"১ গুডৰীড ডট কমে ইয়াক ৫টাৰ ভিতৰত ৩.৪টা তৰা দিয়ে। তাত ভেৰোণিকা ছিংগলটোনে কয় "তুমি যদি এক দ্ৰুতগতিৰ ৰহস্য উপন্যাস ভাল পোৱা তেন্তে ইয়াক পঢ়া উচিত"।২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ SKY IS FALLING, THE - SIDNEY SHELDON Reviews and Ratings. MouthShut.com
  2. ↑ Sidney Sheldon. (2012-08-17). Veronica Singleton's review of The Sky Is Falling. Goodreads.com

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থআমেৰিকান উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য স্কাই ইজ ফলিং (২০০১ উপন্যাস)” প্ৰবন্ধৰ সংশোধন ২২৩১৩৩ (২৭ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।