ইংৰাজী গ্ৰন্থ
৪২ প্ৰবন্ধ
-
জ্যোতিপ্ৰসাদ এজ্ এ ফিল্ম মেকাৰ
জ্যোতিপ্ৰসাদ এছ এ ফিল্ম মেকাৰ (Jyotiprasad as a Film Maker) গৌহাটী চাইন ক্লাবৰ সৌজন্যত প্ৰকাশিত অপূৰ্ব শৰ্মাৰ দ্বাৰা ৰচিত আৰু আদি পাব্লিকেশ্যনছৰ ৰাজীৱ বৰুৱাৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ৷ এই গ্ৰন্থখনে ২০০৫ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱস, শিল্পী দিৱসৰ দিনাখনত মুক্তি পাইছিল৷ গ্ৰন্থখনত…
-
টু কিল এ মকিংবাৰ্ড
টু কিল এ মকিংবাৰ্ড (To Kill a Mockingbird) হৈছে আমেৰিকান লেখিকা হাৰ্পাৰ লীৰ দ্বাৰা ৰচিত এখন ইংৰাজী ভাষাৰ উপন্যাস। ১৯৬০ চনত প্ৰকাশিত উপন্যাসখন প্ৰকাশৰ লগে লগেই সফলতাৰ মুখ দেখে আৰু পুলিৎজাৰ বঁটা বুটলিবলৈ সক্ষম হয়।
-
টে'ল মী য়'ৰ ড্ৰীম্ছ
টেল মী য়ৰ ড্ৰীমছ ১৯৯৮ চনত আমেৰিকান লিখক ছিডনী শ্বেলডন ৰচিত এক মনোবিজ্ঞান ভিত্তিক, থ্ৰিলাৰ উপন্যাস।
-
দ্য কেণ্টাৰবেৰি টেলছ
দ্যকেণ্টাৰবেৰি টেলছ (ইংৰাজীঃ The Canterbury Tales) হৈছে চৌব্বিছটা কাহিনীৰ সংকলন। ১৩৮৭ চনৰ পৰা ১৪০০ চনৰ ভিতৰত জেফ্ৰী চ'ছাৰৰ দ্বাৰা মধ্য ইংৰাজী ভাষাত লিখিত কাহিনীভাগ ১৭,০০০ শাৰীৰো অধিক। গ্ৰন্থখনক চ'ছাৰৰ মহান ৰচনা হিচাপে গণ্য কৰা হয়। কাহিনীবোৰৰ অধিকাংশ পদ্যত লিখা আৰু কিছুমান গদ্যত আছে।
-
দ্য চিক্ৰেট গাৰ্ডেন
দ্য চিক্ৰেট গাৰ্ডেন (The Secret Garden) হ'ল ফ্ৰান্সেছ হডছন বাৰ্নেট ৰচিত এখন শিশু উপন্যাস। ১৯১০ চনৰ শৰৎ কালৰ পৰা ইয়াৰ খণ্ড খণ্ডকৈ প্ৰকাশ আৰম্ভ হয় আৰু ১৯১১ চনত ই সম্পূৰ্ণৰূপে প্ৰকাশ হৈ ওলায়।
-
দ্য ছিক্ৰেট (গ্ৰন্থ)
দ্য ছিক্ৰেট ( ইংৰাজী: The Secret )শীৰ্ষক গ্ৰন্থখন পূৰ্বে নিৰ্মিত একে নামৰ চলচ্চিত্ৰৰ আধাৰত ২০০৬ চনত লিখা ৰ’ণ্ডা বায়নৰ আত্মসহায়ক গ্ৰন্থ। ইয়াৰ ভিত্তি হৈছে আকৰ্ষণৰ ছদ্মবৈজ্ঞানিক নিয়ম। যিয়ে দাবী কৰে যে কেৱল চিন্তাই মানুহৰ জীৱনৰ ভিতৰৰ বস্তুনিষ্ঠ পৰিস্থিতিত প্ৰভাৱ পেলাব পাৰে।
-
দ্য লিটল হোৱাইট হৰ্ছ
দ্য লিটল হোৱাইট হৰ্ছ (ইংৰাজী: The Little White Horse) হ'ল এলিজাবেথ গৌডজৰদ্বাৰা ৰচিত এখন ফেণ্টাছী ধৰ্মী শিশু উপন্যাস। এইখন পোনপ্ৰথমবাৰৰ বাবে ১৯৪৬ চনত ইউনিভাৰ্ছিটি অৱ লণ্ডন প্ৰেছৰদ্বাৰা প্ৰকাশিত হৈছিল আৰু ইয়াত চি. ৱাল্টাৰ হজেছৰ চিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল।
-
ব্ৰহ্মপুত্ৰ: দ্য আহোম ছন ৰাইজেছ - ১
ব্ৰহ্মপুত্ৰ: দ্য আহোম ছন ৰাইজেছ - ১ (Brahmaputra: The Ahom Son Rises -1) ঐতিহাসিক কাহিনী আধাৰিত ইংৰাজী ভাষাৰ এখন উপন্যাস। উপন্যাসৰ লেখকদ্বয় হৈছে কুলদীপ যাদৱ আৰু এছ এছ ৰাজামৌলীৰ পিতৃ তথা ৰাজ্যসভাৰ সাংসদ বিজয়েন্দ্ৰ প্ৰসাদ। বিজয়েন্দ্ৰ প্ৰসাদে আৰআৰআৰ চলচ্চিত্ৰৰ চিত্ৰনাট্যও ৰচনা কৰিছিল।
-
লাষ্ট ফ'ৰ লাইফ
লাষ্ট ফ'ৰ লাইফ (Lust for Life) বিশ্ববিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ জীৱনৰ ওপৰত আধাৰিত এখন বিশ্ববিখ্যাত উপন্যাস। ১৯৩৪ চনত এইখন প্ৰকাশ হৈছিল আৰু এইখন লিখিছিল আৰভিং ষ্টনে।
-
হেইডি
হেইডি (Heidi) দুটা খণ্ডত প্ৰকাশিত এক ছুইজাৰলেণ্ড দেশীয় কল্প কাহিনী, প্ৰথম খণ্ড-হেইডিৰ শিক্ষণ আৰু ভ্ৰমণৰ কালছোৱা (Heidi's years of learning and travel, Heidis Lehr- und Wanderjahre) আৰু দ্বিতীয় খণ্ড-হেইডিয়ে যি শিকিলে তাক ব্যৱহাৰ কৰিলে (Heidi makes use of what she has learned, Heidi kann brauchen,…
-
ৰে'জ অৱ এঞ্জেল্ছ
ৰে'জ অৱ এঞ্জেল্ছ ১৯৮০ চনত প্ৰকাশিত ছিডনী শ্বেলডনৰ এক উপন্যাস। এই উপন্যাসখনত জেনিফাৰ পাৰ্কাৰ নামৰ এগৰাকী মহিলা আইনবিদৰ কাহিনী আছে যিয়ে এক ভুল বুজাবুজিৰ পৰিণতিত জীৱনৰ সকলো আশা-সপোন হেৰুৱাই পেলায়।
-
ৱিণ্ডমিলছ অৱ দ্য গডছ
ৱিণ্ডমিলছ অৱ দ্য গডছ হ’ল ১৯৮৭ চনত আমেৰিকান ঔপন্যাসিক ছিডনী শ্বেলডন ৰচিত এক ৰহস্যধৰ্মী উপন্যাস।