অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নাথিং লাষ্টছ ফৰেভাৰ (১৯৯৪ উপন্যাস)

নাথিং লাষ্টছ ফৰেভাৰ (Nothing Lasts Forever) ১৯৯৪ চনত ছিডনী শ্বেলডন ৰচিত এখন থ্ৰিলাৰ উপন্যাস। পুৰুষ নিয়ন্ত্ৰিত এক বৃত্তিত তিনিগৰাকী মহিলা চিকিত্সকে নিজকে প্ৰমাণ কৰাৰ এক কাহিনী ইয়াত বৰ্ণিত হৈছে। তেওঁলোক তিনিওৰে এক নিজস্ব কাহিনী আছে।

হালনাগাদ: ১৭ জুলাই ২০২৫ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নাথিং লাষ্টছ ফৰেভাৰ (Nothing Lasts Forever) ১৯৯৪ চনত ছিডনী শ্বেলডন ৰচিত এখন থ্ৰিলাৰ উপন্যাস।১ পুৰুষ নিয়ন্ত্ৰিত এক বৃত্তিত তিনিগৰাকী মহিলা চিকিত্সকে নিজকে প্ৰমাণ কৰাৰ এক কাহিনী ইয়াত বৰ্ণিত হৈছে। তেওঁলোক তিনিওৰে এক নিজস্ব কাহিনী আছে। কিন্তু হঠাত্ সকলো ওলট-পালট হৈ যায়; এগৰাকীৰ মৃত্যু হয়,এগৰাকীৰ কাৰণে হস্পিতাল খন বন্ধ হোৱাৰ উপক্ৰম হয় আৰু আন গৰাকী হত্যাৰ অভিযোগত অভিযুক্ত হয়। এক শ্বেলডনধৰ্মী আওঁপকীয়া সামৰণিৰে কাহিনীৰ সমাপ্তি ঘটে।

কাহিনীৰ সাৰাংশ

তিনিগৰাকী কমবয়সীয়া মহিলা চিকিত্সকে ছান-ফ্ৰান্সিছকোৰ এম্বাৰ্কেডাৰো কাউন্টী হস্পিতালত পাঁচ বছৰীয়া প্ৰশিক্ষণ আৰম্ভ কৰে। তিনিও খুব সোনকালে বন্ধু হৈ পৰে আৰু এটা ঘৰতে থাকিবলৈ লয়। পুৰুষ নিয়ন্ত্ৰিত সেই পৰিবেশত নিজৰ এক চিনাকি ডাঙি ধৰিবলৈ তিনিও বদ্ধপৰিকৰ হয়।

ডা° পেইজ টেইলৰ: যন্ত্ৰণাত ভূগি থকা এজন কোটিপতিক টেইলৰে তেওঁৰ ইচ্ছাতেই মৃত্যুবৰণত সহায় কৰে আৰু তেওঁৰ সকলো সম্পত্তিৰ গৰাকী হৈ পৰে। কিন্তু ইয়াৰ কোনো প্ৰমাণ নথকাত ডা° টেইলৰ হত্যাৰ অভিযোগত অভিযুক্ত হয়। বিচাৰৰ শেষ মুহুৰ্তলৈকে হতাশাগ্ৰস্ত হৈ থকা টেইলৰে তেতিয়াহে সকাহ পায় যেতিয়া তাই শত্ৰু জ্ঞান কৰি অহা জ্যেষ্ঠ চিকিত্সক এজনে তাইৰ সপক্ষে মিছা সাক্ষী দি তাইক ৰক্ষাকৰে।

ডা° কেট হাণ্টাৰ: এক দুখগ্ৰস্ত শৈশৱৰ ফলশ্ৰুতিত “কেতিয়াও কোনো পুৰুষক কাষ চাপিব নিদিওঁ” বুলি কেটে শপত খায়। কিন্তু এক প্ৰাণঘাতী বাজীৰ পৰিণতিত কেটে প্ৰাণ হেৰুৱাব লগা হয় আৰু অসম্ভৱক সম্ভৱ কৰি পেইজ টেইলৰে হত্যাকাৰীক কৰায়ত্ত কৰাত সহায় কৰে।

ডা° হানী টাফ্ট: চিকিত্সা বিজ্ঞানক বৃত্তি হিচাপে ল’বলৈ মগজৰ দৰকাৰ। এয়া হানীয়ে জানে। কিন্তু হানীয়ে এয়াও জানে যে কেৱল মগজতকৈ তাইক ভগৱানে বহুত কিবাকিবি দিছে আৰু এগৰাকী চিকিত্সক হোৱাৰ সপোন পূৰণ কৰিবলৈ তাই নিজৰ সকলো ব্যৱহাৰ কৰে।

মতামত

গুডৰীডছ ডট কমে ইয়াক পাঁচটাৰ ভিতৰত ৩.৭টা তৰা দিয়ে আৰু কয় যে “জীৱন-মৰণৰ সংগ্ৰাম জৰিত অস্ত্ৰোপচাৰ কক্ষৰ পৰা মানসিক-দুঃচিন্তা জৰ্জৰিত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়ালৈকে,ছিডনী শ্বেলডনৰ নাথিং লাষ্টছ ফৰেভাৰে ৰক্ষক আৰু ভক্ষক,প্ৰেমিক আৰু প্ৰতাৰকৰ লক্ষ্য আৰু ভয়সমুহক নগ্নভাৱে প্ৰতিফলিত কৰিছে।”২ গুগলবুকছে ইয়াক তিনিটা তৰা৩ আৰু বাৰ্ণছ এণ্ড নোবলছে ইয়াক ৪.৫ টা তৰা দিয়ে।৪ অলৰীডাৰ্ছৰ এলেক্সিছ ফষ্টাৰে কয় “ৰহস্যৰ চাকনৈয়া আৰু আওঁপকীয়া কাহিনীৰ এই সংমিশ্ৰণেৰে শ্বেলডনে আকৌ এবাৰ মোৰ সন্মতি পালে। এইখন কিতাপ সকলোৱে পঢ়া উচিত।“৫ কিৰকাছে কয় “শ্বেলডনৰ অনুৰাগী সকলৰ ওপৰত এই কৌশল চলিব কিন্তু ই কোনো পৰিৱৰ্তন আনিব নোৱাৰে”।৬

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ SidneySheldon.com · Bookshelf
  2. ↑ Nothing Lasts Forever by Sidney Sheldon - Reviews, Discussion, Bookclubs, Lists. Goodreads.com
  3. ↑ Nothing Lasts Forever - Sidney Sheldon - Google Books. Books.google.co.in
  4. ↑ by. BARNES & NOBLE | Nothing Lasts Forever by Sidney Sheldon | NOOK Book (eBook), Paperback, Hardcover, Audiobook. Barnesandnoble.com
  5. ↑ Nothing Lasts Forever by Sidney Sheldon Detailed Book Review. Allreaders.com
  6. ↑ https://www.kirkusreview

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থআমেৰিকান উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাথিং লাষ্টছ ফৰেভাৰ (১৯৯৪ উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৫২৪৬৫০ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।