আফগানিস্তানৰ ব্যক্তি
১৭ প্ৰবন্ধ
-
আশ্ৰফ ঘানী
আশ্ৰফ ঘানী আহমদজাই (Ashraf Ghani, ১৯৪৯ চনৰ ১৯ মে'ত জন্ম) হ'ল আফগানিস্তানৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি। শিক্ষাত তেওঁ এজন নৃতত্ত্ববিদ। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে ঘানী আছিল আফগানিস্তান চৰকাৰৰ বিত্তমন্ত্ৰী তথা কাবুল বিশ্ববিদ্যালয়ৰ আচাৰ্য। ১৯৯১ চনত আশ্ৰফ ঘানীয়ে বিশ্ব বেংকত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
-
জাকিয়া খুদাদাদী
জাকিয়া খুদাদাদী (Zakia Khudadadi; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৯৮) এগৰাকী আফগান পেৰা-টাইকোৱানড' খেলুৱৈ। তেওঁ প্ৰথম আফগান মহিলা টাইকোৱানড' খেলুৱৈ। ২০১৬ চনত ১৮ বছৰ বয়সত আফ্ৰিকান আন্তঃৰাষ্ট্ৰীয় পেৰা-টাইকোৱানড' চেম্পিয়নশ্বিপ জয় লাভ কৰাৰ পাছত তেওঁ প্ৰসিদ্ধি লাভ কৰে।
-
আৰিয়ানা ছয়ীদ
আৰিয়ানা ছয়ীদ (দাৰি/পাস্তু:, Aryana Sayeed) এগৰাকী আফগান কণ্ঠশিল্পী, গীতিকাৰ আৰু টিভি ব্যক্তিত্ব। তেওঁ মুখ্যতঃ দাৰি ভাষাত গীত গায় যদিও তেওঁৰ যথেষ্ঠ সংখ্যক পাস্তু গীতো আছে। তেওঁ আফগানিস্তানৰ অতি প্ৰখ্যাত সংগীত শিল্পীসকলৰ অন্যতম।
-
খালীদ হোছেইনি
খালীদ হোছেইনি এগৰাকী আফগান তথা আমেৰিকান শৰনাৰ্থী সাহিত্যিক, চিকিৎসক আৰু সমাজসেৱক।
-
ছুছান ফিৰুজ
ছুছান ফিৰুজ (দাৰী ভাষাত: سوسن فیروز, কেতিয়াবা চুজান ফেৰ'জ বুলিও বানান কৰা হয়) এগৰাকী আফগান অভিনেত্ৰী আৰু ৰেপাৰ। আফগানিস্তানৰ প্ৰথমগৰাকী মহিলা ৰেপাৰ হিচাপে তেওঁক অভিহিত কৰা হৈছে। সমাজৰ নীতি-নিয়ম আৰু আফগান মহিলাৰ পৰম্পৰাগত ভূমিকাক প্ৰত্যাহ্বান জনোৱা এগৰাকী বিতৰ্কিত ব্যক্তিত্ব।
-
জালাচট চাদাত
জালাচট চাদাত (ইংৰাজী: Zallascht Sadat; জন্ম: ১২ এপ্ৰিল ১৯৮৬) এগৰাকী আফগান-জাৰ্মান মডেল যিয়ে শেহতীয়া বছৰবোৰত কেইবাটাও সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছে। তেওঁৰ আটাইতকৈ শেহতীয়া বিজয় আছিল মিছ গ্ল’ব ২০১২ খিতাপ।
-
জোহৰা ৰাছেখ কাছানিয়ান
জোহৰা ৰাছেখ কাছানিয়ান ( Zohra Rasekh Kashanian; ৭ ফেব্ৰুৱাৰী ১৯৬৯ – মাৰ্চ ২০২৫) আছিল এগৰাকী আফগান চিকিৎসক, মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। দ্য তালিবানছ ৱাৰ অন উইমেন: এ হেল্থ এণ্ড হিউমেন ৰাইটছ ক্ৰাইচিছ ইন আফগানিস্তান নামৰ প্ৰতিৱেদনৰ সহ-লেখিকা হিচাপে গ্ল’বেল ৱাচ গ্ৰুপ (জি ডব্লিউ জি), ফিজিচিয়ানছ ফৰ…
-
নাদিয়া অঞ্জুমান
নাদিয়া অঞ্জুমান (জন্ম ২৭ ডিচেম্বৰ, ১৯৮০ – মৃত্যু ৪ নৱেম্বৰ, ২০০৫) আফগানিস্তানৰ এগৰাকী কবি আছিল।
-
নাদিয়া নদিম
নাদিয়া নদিম পাৰ্চী: نادیه ندیم; (জন্ম হৈছিল ২ জানুৱাৰী ১৯৮৮) এগৰাকী আফগান-ডেনিছ পেছাদাৰী মহিলা ফুটবলাৰ যি চিৰি এ ক্লাব এচি মিলানৰ হৈ ষ্ট্ৰাইকাৰ হিচাপে খেলে। আফগানিস্তানত জন্মগ্ৰহণ কৰা নাদিয়া নাদিমে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দলৰ হৈ ফুটবল খেলে।
-
নিলুফাৰ ৰহমানী
নিলুফাৰ ৰহমানী (পাৰ্চী ভাষাত: نیلوفر رحمانی)ৰ জন্ম ১৯৯০ চনৰ আৰম্ভণিত৷ আফগানিস্তানৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ফিক্সড উইং বায়ুসেনাৰ বিমানচালক আৰু ২০০১ চনত তালিবানৰ পতনৰ পাছত আফগান বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা পাইলট।
-
ফাৰ্জানা ওৱাহিদী
ফাৰ্জানা ওৱাহিদী ( Farzana Wahidy; জন্ম: ১৯৮৪) এগৰাকী আফগান তথ্যচিত্ৰ ফটোগ্ৰাফাৰ আৰু ফটো সাংবাদিক। আফগানিস্তানৰ বহু মহিলা আৰু ছোৱালীৰ তেওঁ ফটোগ্ৰাফী কৰিছে।
-
ফৰিদা আহমদী
ফৰিদা আহমদী (জন্ম ২৬ মাৰ্চ ১৯৫৭) এগৰাকী আফগান লেখিকা আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ নৰৱেত বাস কৰে। ছোভিয়েট–আফগান যুদ্ধৰ সময়ত কাৰাগাৰত বন্দী আৰু নিৰ্যাতন চলোৱাৰ লগতে ৰিভল্যুচনেৰী এছ’চিয়েশ্যন অৱ উইমেন অৱ আফগানিস্তানৰ (ৰাৱা) এগৰাকী আগশাৰীৰ সদস্য আছিল।
-
ভিডা চামাদজাই
ভিডা চামাদজাই (ইংৰাজী: Vida Samadzai; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৭৮) এগৰাকী আফগান-আমেৰিকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আফগানিস্তান ২০০৩ ৰ খিতাপ অৰ্জন কৰিছিল।
-
মীনা কেশ্বৰ কমল
মীনা কেশ্বৰ কমলপশতু/পাৰ্চী: مینا کشور کمال; (জন্ম ২৭ ফেব্ৰুৱাৰী, ১৯৫৬ – মৃত্যু ৪ ফেব্ৰুৱাৰী, ১৯৮৭) আফগানিস্তানৰ মীনা বুলি পৰিচিত। তেওঁ আছিল এগৰাকী আফগান বিপ্লৱী আৰু ৰাজনৈতিক কৰ্মী। তেওঁ মহিলা অধিকাৰ কৰ্মী আৰু ৰিভলিউচনৰী এছ'চিয়েচন অফ দা ৱমেন অফ আফগানিস্তান (ৰাৱা)ৰ প্ৰতিষ্ঠাপক আছিল।
-
শ্বাফিকা কুৰেইছি
শ্বাফিকা কুৰেইছি (Shafiqa Quraishi) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।২০১০ চনৰ পৰা তেওঁ এগৰাকী আৰক্ষী কৰ্ণেল আৰু আফগানিস্তানৰ স্বৰাজ মন্ত্ৰালয়ৰ ভিতৰত লিংগ, মানৱ আৰু শিশু অধিকাৰৰ সঞ্চালিকা।
-
শ্বাফিকা হাবিবি
শ্বাফিকা হাবিবি (Shafiqa Habibi) আফগানিস্তানৰ এগৰাকী সাংবাদিক, টেলিভিছন এংকৰ, কৰ্মী, ৰাজনীতিবিদ। মহিলা সাংবাদিকসকলক সহায় কৰাৰ বাবে কৰাৰ বাবে, আৰু ২০০৪ চনত আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতিৰ বাবে আব্দুল ৰছিদ দস্তুমৰ ৰানিং মেট হিচাপে প্ৰাৰ্থীত্ব লাভ কৰাৰ বাবে তেওঁ পৰিচিত।
-
হাছিনা জালাল
হাছিনা জালাল ( Hasina Jalal) আফগানিস্তানত মহিলাৰ মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ পোষকতা কৰা এগৰাকী ব্যক্তি। ২০১৪ চনত ইউএনডিপি এছিয়া পেচিফিক আঞ্চলিক কাৰ্যালয়ৰ পৰা "এন-পিচ এৱাৰ্ড" আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ শান্তিৰ বাবে বিশ্ববিদ্যালয়ৰ বিশেষ উপদেষ্টা হিচাপে জনসাধাৰণৰ ভোটত জালাল নিৰ্বাচিত হৈছিল।