অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিলুফাৰ ৰহমানী

নিলুফাৰ ৰহমানী (পাৰ্চী ভাষাত: نیلوفر رحمانی)ৰ জন্ম ১৯৯০ চনৰ আৰম্ভণিত৷ আফগানিস্তানৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ফিক্সড উইং বায়ুসেনাৰ বিমানচালক আৰু ২০০১ চনত তালিবানৰ পতনৰ পাছত আফগান বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা পাইলট।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নিলুফাৰ ৰহমানী (পাৰ্চী ভাষাত: نیلوفر رحمانی)ৰ জন্ম ১৯৯০ চনৰ আৰম্ভণিত৷ ১২৩ আফগানিস্তানৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ফিক্সড উইং বায়ুসেনাৰ বিমানচালক আৰু ২০০১ চনত তালিবানৰ পতনৰ পাছত আফগান বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা পাইলট।৪ যদিও তেওঁৰ পৰিয়ালে মৃত্যুৰ ভাবুকি পাইছিল, তথাপিও তেওঁ নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ অধ্যৱসায় কৰিছিল আৰু ২০১৫ চনত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সাহসী মহিলা বঁটা লাভ কৰিছিল।৫

প্ৰাথমিক জীৱন

২য় লেফটেনেণ্ট নিলুফাৰ ৰহমানী ২০১৩ চনৰ ১৪ মে'ত আফগানিস্তানৰ শ্বিন্দাণ্ড বিমান ঘাটিত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত পাইলট উইং লাভ কৰাৰ ঠিক আগতে স্নাতক পাইলট প্ৰশিক্ষণৰ আন চাৰিজন স্নাতকৰ কাষত থিয় হৈ আছে।
২য় লেফটেনেণ্ট নিলুফাৰ ৰহমানী ২০১৩ চনৰ ১৪ মে'ত আফগানিস্তানৰ শ্বিন্দাণ্ড বিমান ঘাটিত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত পাইলট উইং লাভ কৰাৰ ঠিক আগতে স্নাতক পাইলট প্ৰশিক্ষণৰ আন চাৰিজন স্নাতকৰ কাষত থিয় হৈ আছে।ছবি: U.S. Department of Defense Current Photos · Public domain

১৯৯২ চনত আফগানিস্তানত পাৰ্চী ভাষী এক পৰিয়ালত ৰহমানীৰ জন্ম হৈছিল৷ ২০০১ চনত কাবুললৈ উভতি অহাৰ আগতে তেওঁ পাকিস্তানত পৰিয়ালৰ সৈতে বাস কৰিছিল।২ সৰুৰে পৰাই তেওঁৰ পাইলট হোৱাৰ সপোন আছিল আৰু বিমান বিদ্যালয়ত পঢ়িব পৰাকৈ ইংৰাজী শিকিবলৈ তেওঁ প্ৰায় এবছৰ সময় অতিবাহিত কৰিছিল৷৬ তেওঁ তাজিক বংশৰ।৭

উৰণৰ কেৰিয়াৰ

২০১০ চনত তেওঁ আফগান বায়ুসেনাৰ বিষয়া প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰে আৰু ২০১২ চনৰ জুলাই মাহত দ্বিতীয় লেফটেনেণ্ট হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে।৫ গোটেই কাৰ্যসূচীটোত আফগান বায়ুসেনাৰ চিকিৎসকে তেওঁক শাৰীৰিকভাৱে উৰণৰ বাবে অযোগ্য বুলি গণ্য কৰাৰ চেষ্টা কৰিছিল; এই কাৰ্যসূচীত তেওঁ একমাত্ৰ মহিলা প্ৰাৰ্থী আছিল।২ ছোভিয়েট যুগৰ দুগৰাকী মহিলা হেলিকপ্টাৰ পাইলট নাবিজাদা ভগ্নীসকলে তেওঁৰ পিতৃৰ সৈতে ৰহমানীৰ এই কৃতিত্বত প্ৰেৰণা হিচাপে ইন্ধন যোগাইছিল।৮৯

ডাঙৰ বিমান উৰুৱাব বিচৰাৰ বাবে তেওঁ উন্নত বিমান বিদ্যালয়লৈ যায় আৰু অতি সোনকালেই চি-২০৮ সামৰিক মালবাহী বিমান উৰুৱাবলৈ আৰম্ভ কৰে।১০ পৰম্পৰাগতভাৱে মহিলাসকল পাইলটসকলক মৃত বা আহত সৈনিক কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল; কিন্তু ৰহমানীয়ে এবাৰ এটা মিছনত অৱতৰণ কৰাৰ সময়ত আহত সৈনিকক দেখি সেই আদেশ অমান্য কৰিছিল। তেওঁলোকক চিকিৎসালয়লৈ উৰাজাহাজেৰে লৈ গৈ তেওঁ নিজৰ কাৰ্য্যৰ বিষয়ে তেওঁৰ উৰ্ধতন বিষয়াসকলক জনাইছিল আৰু তেওঁলোকে‍ কোনো নিষেধাজ্ঞা আৰোপ কৰা নাছিল।১১

যেতিয়া তেওঁৰ এই কৃতিত্বৰ কথা প্ৰচাৰ হৈছিল, তেতিয়া কেপ্তেইন ৰহমানীৰ পৰিয়ালে পৰিয়ালৰ সদস্য আৰু তালিবান উভয়ৰে পৰা ভাবুকি পাইছিল যিয়ে তেওঁৰ উচ্চাকাংক্ষা আৰু কেৰিয়াৰৰ পছন্দক স্বীকাৰ কৰিব বিচৰা নাছিল৷ পৰিয়ালটো কেইবাবাৰো স্থানান্তৰিত হ'বলগীয়া হৈছিল ৫ কিন্তু ৰহমানী দৃঢ়প্ৰতিজ্ঞ আছিল আৰু ডাঙৰ চি-১৩০ বিমান উৰুৱাই আন মহিলাসকলক অনুপ্ৰাণিত কৰিবলৈ বিমান প্ৰশিক্ষক হোৱাৰ লক্ষ্য লৈছিল।৯ ২০১৫ চনত তেওঁ আমেৰিকাৰ বায়ুসেনাৰ সৈতে চি-১৩০ বিমানৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰু ২০১৬ চনৰ ডিচেম্বৰ মাহত এই কাৰ্যসূচী সম্পূৰ্ণ কৰে, তাৰ পাছত তেওঁ আমেৰিকাত আশ্ৰয়ৰ বাবে আৱেদন কৰে।১২ ৰহমানীয়ে অৱশেষত আমেৰিকাৰ বায়ুসেনাৰ সামৰিক পাইলট হোৱাৰ আশা কৰিছিল।১৩১৪

আশ্ৰয়

আন্তঃৰাষ্ট্ৰীয় অধিবক্তা কিম্বাৰ্লি মটলীয়ে প্ৰতিনিধিত্ব কৰা ৰহমানীক ২০১৮ চনৰ এপ্ৰিল মাহত আমেৰিকাত আশ্ৰয় প্ৰদান কৰা হৈছিল।১৫ তেওঁ ফ্ল’ৰিডাত এগৰাকী ভগ্নীৰ সৈতে থাকে, যি নিজেও আশ্ৰয় লাভৰ বাবে‍ চেষ্টা কৰি আছে। তেওঁ পাৰ্চী, দাৰী আৰু ইংৰাজী ভাষাত অনুবাদক হিচাপে কাম কৰে।২

২০২১ চনত তেওঁ অ’পেন স্কাইজঃ মাই লাইফ এজ আফগানিস্তানচ ফাষ্ট ফিমেল পাইলট শীৰ্ষক তেওঁৰ আত্মজীৱনীখন প্ৰকাশ কৰে।১৬

তথ্যসূত্ৰ

  1. ↑ Open Skies: My Life as Afghanistan’s First Female Pilot. Publishers Weekly Newsletter, Juli 2021
  2. ↑ Rajagopalan, Megha. (December 14, 2019). The "Badass" Afghan Pilot Who Went Massively Viral Is Now Living In Exile. She Just Wants To Be Able To Fly Again.. BuzzFeed News
  3. ↑ Niloofar Rahmani. In: Thomas H. Johnson, Ludwig W. Adamec: Historical Dictionary of Afghanistan. Rowman & Littlefield, 2021, ISBN 9781538149294, pp. 416-417
  4. ↑ (25 July 2015). The Conversation: Pilots Niloofar Rahmani and Esther Mbabazi. BBC News
  5. ↑ (March 2015). Biographies of 2015 Award Winners. U.S. State Department
  6. ↑ Jawad, Sayed. (16 May 2013). First Female Afghan Air Force pilot graduated in 30 years. Khaama Press
  7. ↑ Rahmani, Niloofar. (July 26, 2021). Open Skies: My Life as Afghanistan's First Female Pilot. Chicago Review Press. ISBN 9781641603379
  8. ↑ (10 March 2015). MilitaryFirst Afghan female pilot aims to soar. newscentral
  9. ↑ Kovach, Gretel C. (March 10, 2015). Pilot Breaks Gender Barrier. U-T SanDiego
  10. ↑ Lebron, Jennifer. (13 March 2015). First Afghan Woman Pilot Flies with Blue Angels. US Navy
  11. ↑ Naso, Bridget. (Mar 9, 2015). Groundbreaking Female Afghan Pilot Inspires in San Diego. NBC San Diego
  12. ↑ Stancati, Margherita. (December 24, 2016). First Female Pilot in Afghanistan Requests Asylum in U.S.. The Wall Street Journal
  13. ↑ Ernesto Londoño. (23 December 2016). A Female Afghan Pilot Soars and Gives Up. New York Times
  14. ↑ Andrew Watkins. (29 December 2016). Duty or Desertion in Afghanistan. Boston Globe
  15. ↑ March, Stephanie. (1 May 2018). Former Afghan Air Force pilot Niloofar Rahmani granted asylum in the United States. ABC News. Australian Broadcasting Corporation
  16. ↑ Barbara Spindel: Afghanistan’s first female pilot paid a steep price for the freedom to fly. Christian Science Monitor, 19 August 2021

সম্পৰ্কিত শ্ৰেণী

আফগানিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিলুফাৰ ৰহমানী” প্ৰবন্ধৰ সংশোধন ৬৩৭২৮৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।