জাকিয়া খুদাদাদী (Zakia Khudadadi; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৯৮)১২ এগৰাকী আফগান পেৰা-টাইকোৱানড' খেলুৱৈ। তেওঁ প্ৰথম আফগান মহিলা টাইকোৱানড' খেলুৱৈ। ২০১৬ চনত ১৮ বছৰ বয়সত আফ্ৰিকান আন্তঃৰাষ্ট্ৰীয় পেৰা-টাইকোৱানড' চেম্পিয়নশ্বিপ জয় লাভ কৰাৰ পাছত তেওঁ প্ৰসিদ্ধি লাভ কৰে। তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত আফগানিস্তানক প্ৰতিনিধিত্ব কৰিছিল। তালিবানৰ আফগানিস্তান অধিগ্ৰহণৰ ফলত তেওঁ তেওঁৰ প্ৰথম পেৰালিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগৰ পৰা প্ৰথমে বঞ্চিত হৈছিল কিন্তু পাছত আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক সমিতিয়ে আফগানিস্তানৰ পৰা তেওঁক সুৰক্ষিতভাৱে উলিয়াই অনাৰ পাছত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ অনুমতি দিছিল।৩৪ ২০০৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত মৰিনা কৰিমৰ অংশগ্ৰহণৰ ১৭ বছৰৰ পাছত তেওঁ প্ৰতিযোগিতাত আফগান মহিলা পেৰালিম্পিক প্ৰতিযোগীৰূপে অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়।৫৬৭ তালিবানৰ আফগানিস্তান অধিগ্ৰহণৰ পাছত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তেওঁ আনুষ্ঠানিকভাৱে প্ৰথম আফগান মহিলা খেলুৱৈ হিচাপেও পৰিগণিত হয়।
ব্যক্তিগত জীৱন
খুদাদাদী মূলতঃ আফগানিস্তানৰ হেৰাট প্ৰদেশৰ বাসিন্দা। তেওঁৰ মাত্ৰ এটা কাৰ্যকৰী বাহু আছে।৮
কেৰিয়াৰ
২০১২ আৰু ২০১৬ চনত টাইকোৱানড'ত আফগানিস্তানৰ একমাত্ৰ অলিম্পিক পদক অহাৰ পাছত খুদাদাদীয়ে টাইকোৱানড' খেলিবলৈ অনুপ্ৰাণিত হৈছিল। তেওঁ ৰোহুল্লাহ নিকঁপাইৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল, যি হৈছে আফগানিস্তানৰ প্ৰথম (আৰু বৰ্তমানলৈ একমাত্ৰ) অলিম্পিক পদক বিজয়ী।৯ ২০০১ চনত তালিবানৰ পতনৰ পাছত তেওঁ আফগানিস্তানৰ আন বহুতো মহিলাৰ দৰে পুৰুষৰ দৰেই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত হৈছিল। অৱশ্যে, তেওঁ বেছিভাগ প্ৰশিক্ষণ ঘৰতে কৰিছিল কিয়নো তেওঁৰ গৃহ প্ৰদেশ হেৰাটত তালিবানৰ উপস্থিতিৰ বাবে স্থানীয় ক্লাববোৰক প্ৰতিনিধিত্ব কৰাৰ সুযোগৰ পৰা বঞ্চিত হৈছিল।৯
তেওঁ ইজিপ্তত অনুষ্ঠিত ২০১৬ চনৰ আফ্ৰিকান আন্তঃৰাষ্ট্ৰীয় পেৰা-টাইকোৱানড' চেম্পিয়নশ্বিপ জয় লাভ কৰিছিল।৯ তেওঁ বিলম্বিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিবলৈ ৱাইল্ড কাৰ্ড লাভ কৰিছিল, য'ত তেওঁ ট্ৰেক এথলীট হোছেইন ৰাছৌলিৰ সৈতে আফগানিস্তানৰ দুজন প্ৰতিযোগীৰ মাজৰ এজন হিচাপে নিৰ্বাচিত হৈছিল। খুদাদাদীয়ে মহিলাৰ কে৪৪ ৪৯ কিলোগ্ৰাম-অনুৰ্ধ ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছিল।১০
তেওঁ তেওঁৰ পিতৃ-মাতৃক এৰি গ্ৰীষ্মকালীন পেৰালিম্পিকৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ ল'বলৈ কাবুললৈ যাত্ৰা কৰে। অৱশ্যে, তালিবানৰ দ্বাৰা কাবুলৰ পতনৰ পাছত পেৰালিম্পিকত আফগানিস্তানৰ অংশগ্ৰহণ অনিশ্চিত হৈ পৰিছিল। বিমানবন্দৰসমূহ বন্ধ হোৱাৰ বাবে আফগান খেলুৱৈসকলেও কাবুল এৰিব পৰা নাছিল।১১১২ খুদাদাদীয়ে তালিবানৰ পৰা আত্মগোপন কৰি আফগানিস্তান সুৰক্ষিতভাৱে এৰি টকিঅ' পেৰালিম্পিকত অংশগ্ৰহণ কৰিবলৈ ৰাজহুৱাভাৱে তাৎক্ষণিক সহায়ৰ বাবে অনুৰোধ কৰে।১৩১৪ তেওঁ স্পেইনৰ স্থানান্তৰৰ তালিকাত স্থান লাভ কৰিছিল।১৫
“আফগানিস্তানৰ এগৰাকী মহিলা হিচাপে আৰু আফগানিস্তানৰ মহিলাৰ প্ৰতিনিধি হিচাপে মই টকিঅ' পেৰালিম্পিকত অংশগ্ৰহণ কৰাৰ লক্ষ্য লৈছোঁ। অনুগ্ৰহ কৰি মোৰ লগত সংযোগ স্থাপন কৰক আৰু মোক সহায় কৰক। মই মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা সকলো সংগঠন আৰু বিশ্বৰ প্ৰতিখন দেশৰ চৰকাৰক কব বিচাৰো। অনুগ্ৰহ কৰি আফগানিস্তানৰ এগৰাকী মহিলা আৰু পেৰালিম্পিকৰ এগৰাকী খেলুৱৈ হিচাপে আমাৰ অধিকাৰৰ পৰা বঞ্চিত নহ'বলৈ আমাক সহায় কৰক। আমি কঠিন পৰিস্থিতিত কঠোৰ সংগ্ৰাম কৰি আছোঁ। মই আপোনাক ইয়াৰ ফলাফল দেখুৱাব বিচাৰোঁ। অনুগ্ৰহ কৰি আমাৰ প্ৰচেষ্টা অপচয় নহ'বলৈ আমাক সহায় কৰক।”
২০২১ চনৰ ২৮ আগষ্টত খুদাদাদীয়ে তেওঁৰ সহ-অংশগ্ৰহণকাৰী হোছেইন ৰাছৌলিৰ সৈতে আন্তঃৰাষ্ট্ৰীয় স্থানান্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰয়েল অষ্ট্ৰেলিয়ান বায়ু সেনাৰ দ্বাৰা বিমানেৰে কাবুলৰ পৰা প্ৰথমে পেৰিছত আৰু পাছত টকিঅ'ত উপস্থিত হয়। ফলত টকিঅ' পেৰালিম্পিকত আফগানিস্তানৰ অংশগ্ৰহণ সন্দৰ্ভত বিৰাজ কৰা অনিশ্চয়তাৰ অৱসান ঘটে।১৬১৭১৮ আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটিৰ সভাপতি এণ্ড্ৰিউ পাৰচন্সে ঘোষণা কৰে যে দুয়োজন আফগান খেলুৱৈ সাক্ষাৎকাৰৰ বাবে উপলব্ধ নহ'ব আৰু সাধাৰণ সংবাদমেল বাদ দিবলৈ তেওঁলোকক অনুমতি দিয়া হৈছে।১৯
২০২১ চনৰ ২ ছেপ্টেম্বৰত তেওঁ টকিঅ' ২০২০ পেৰালিম্পিকত ৰাউণ্ড অফ ১৬ ইভেণ্টত অংশগ্ৰহণ কৰে আৰু ৰাউণ্ডটো ছাৰ্বিয়াৰ দানিজেলা জভানোভিকৰ হাতত পৰাস্ত হয়।১ খুদাদাদীয়ে পৰৱৰ্তী সময়ত ৰিপেচেজ ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰে যদিও সেই ৰাউণ্ডত ইউক্ৰেইনৰ ভিক্টৰিয়া মাৰ্চুকৰ হাতত পৰাজিত হয়।২০২১২২
তথ্যসূত্ৰ
- ↑ (10 August 2021). Afghans head to Tokyo with message of hope and peace. paralympic.org
- ↑ Taekwondo KHUDADADI Zakia. Tokyo 2020 Paralympics
- ↑ (2021-08-16). Zakia Khudadadi’s hopes of becoming first Afghan female Paralympian dashed. the Guardian
- ↑ (2021-08-26). Afghanistan’s Paralympians safely evacuated, says International Paralympic Committee. The Indian Express
- ↑ Afghanistan’s first female Paralympian is trapped in Kabul and cannot get to Tokyo. Washington Post
- ↑ McElwee, Molly. (2021-08-16). Afghanistan's first female Paralympian denied chance to travel to Tokyo Games. The Telegraph
- ↑ Zakia Khudadadi becomes 2nd Afghan woman to compete at Paralympics after her secret evacuation. The Economic Times
- ↑ Who is Zakia Khudadadi? Afghanistan's first female Paralympian, 23, can no longer go to Tokyo. meaww.com
- ↑ Robinson, Andrew Beaton and Joshua. (2021-08-17). She Was Set to Make Afghan History at the Paralympics—Until the Taliban Took Over. Wall Street Journal
- ↑ Taekwondo player Khudadadi set to be Afghanistan's first female Paralympian. www.insidethegames.biz
- ↑ (16 August 2021). ‘Heartbreaking’: Afghan Paralympic athletes to miss Tokyo 2020. Al Jazeera
- ↑ (17 August 2021). Afghanistan's first female Paralympian, now hiding from the Taliban, hasn't 'lost hope'. ABC News
- ↑ Afghan athlete Zakia Khudadadi makes plea for help to compete in Tokyo Paralympic Games. Sky Sports
- ↑ Reuters. Tokyo Paralympics: Female Afghan athlete appeals for help to get to Tokyo. Sportstar
- ↑ Afganistán: España recibe la petición de evacuación de atleta paralímpica Zakia Khodadadi. americadeportes
- ↑ (2021-08-26). Afghanistan’s Paralympians safely evacuated, says International Paralympic Committee. The Indian Express
- ↑ Paralympics · Afghanistan's Zakia Khudadadi and Hossain Rasouli land in Tokyo to compete at Games. Free Press Journal
- ↑ (2021-08-28). Afghan Paralympians arrive at Games after harrowing journey from Kabul to Tokyo. www.abc.net.au
- ↑ Afghan athletes arrive in Tokyo. International Paralympic Committee
- ↑ (31 August 2021). Judo – Competition Schedule. olympics.com. TOCOG
- ↑ (31 August 2021). Taekwondo – Women K44 -49kg – Entry List by Event. olympics.com. TOCOG
- ↑ (2021-09-02). Afghan Paralympian Zakia Khudadadi makes debut after top-secret evacuation. The Japan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাকিয়া খুদাদাদী” প্ৰবন্ধৰ সংশোধন ৩৮০৯৯৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।