চাকৰি ডট অৰ্গ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিৰ নিয়োগ সংক্ৰান্তীয় বাতৰি প্ৰকাশ কৰা এটা ৱেবছাইট। ২০১০ চনৰ ১০ জুনত ইয়াক মুকলি কৰা হয়। ১
নিৰ্মাণ আৰু পৰিচালনা
আই আই টি বোম্বেৰ ব্যৱস্থাপনা বিভাগৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান ভাৰতীয় অসমাৰিক সেৱাৰ বিষয়া সত্যকাম দত্তই একক প্ৰচেষ্টাৰে এই ৱেবছাইটটো গঢ়ি তুলিছিল।২ বৰ্তমান আন কেইবাজনো সদস্যই ইয়াৰ লগত জড়িত, যিসকলে প্ৰতি দিনে নিয়োগ সংক্ৰান্তীয় বাতৰিবোৰ প্ৰকাশ কৰে।
সুবিধা
- নিয়োগ সংবাদৰ উপৰি ইয়াত দেশ-বিদেশৰ বৃত্তিৰ বাতৰিও উপলব্ধ হয়।
- এছ.এম.এছ.ৰ মাধ্যমেৰে নিয়োগ সংবাদ গ্ৰহণ কৰিব পাৰি।৩
- নিয়োগ-কৰ্তাই নিজে নিয়োগৰ সংবাদ পঠিয়াব পৰা ব্যৱস্থা আৰু চাকৰি প্ৰত্যাশীয়ে bio-data সংলগ্ন কৰিব পৰা ব্যৱস্থা।৪
অসমৰ বাহিৰত কৰ্মসূত্ৰে থকা অসমীয়া নৱ প্ৰজন্মৰ লোকসকল, যিসকল অসমলৈ পুনৰ ঘূৰি আহিবলৈ বিচাৰে তেওঁলোকৰ বাবে এই ৱেবছাইটটো খুবেই সহায়ক হৈ পৰিছে। চৰকাৰী-বেচৰকাৰী আদি বহুতো নিয়োগ সংবাদৰ মাধ্যমে ইতিমধ্যেই বহুতো অসমীয়ক অসমলৈ আকৰ্ষিত কৰিছে। Reverse Brain Drainৰ এটা উল্লেখযোগ্য মাধ্যম হৈ পৰিছে চাকৰি ডট অৰ্গ।
- হিমজ্যোতি তালুকদাৰ।৫
সফলতা
- এলেক্সা ৰেংক ২৫৩,৬০৬ আৰু এলেক্সা ভাৰতীয় ৰেংক ২৪,১২২।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ North East Business Reporter, October 2010
- ↑ এই মাহৰ ৱেবছাইট, সাতসৰী, আগষ্ট ২০১১, হিমজ্যোতি তালুকদাৰ।
- ↑ SMS Alert,Sakori
- ↑ jobs.sakori.org
- ↑ এই মাহৰ ৱেবছাইট, সাতসৰী, আগষ্ট ২০১১।
- ↑ sakori.org Site Info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাকৰি ডট অৰ্গ” প্ৰবন্ধৰ সংশোধন ৩৮৫০৩৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।