হান্দুক (The Hidden Corner) অসমৰ জয়ছেং জয় দহোতীয়াৰ দ্বাৰা নিৰ্মিত এখন মৰাণ ভাষাৰ চলচ্চিত্ৰ। মায়ামৰা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ ৰচনা আৰু প্ৰযোজনাও দহোতীয়াৰ। চলচ্চিত্ৰখন উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনৰ সত্য বাতৰি আৰু ঘটনাৱলীৰ ওপৰত আধাৰিত।১ ইয়াত বান্দৈ চেতিয়া, বিশাল অনুৰাগ, নিবেদিতা বৰুৱা আৰু জিতু মৰাণ আদি অপেচাদাৰী শিল্পীয়ে অভিনয় কৰিছে।২
কাহিনীভাগ
হাৰমণি নামৰ এগৰাকী বৃদ্ধা মহিলাই তেওঁৰ ঘৰৰ দুৱাৰমুখত গুলীবিদ্ধ, ক্ষত-বিক্ষত এক শৰীৰ দেখা পায়। এই শৰীৰ বছৰচেৰেক আগেয়ে উগ্ৰপন্থী সংগঠনত যোগ দিবলৈ ঘৰ এৰি যোৱা তেওঁৰ পুত্ৰ মুক্তিৰ নেকি বুলি প্ৰশ্ন কৰিবলৈ ধৰে। হাৰমণিয়ে তেওঁৰ পুত্ৰৰ বাবে বাট চাই ৰোৱা শৈশৱৰ বান্ধৱী শেৱালিক লগ পায়। ইতিমধ্যে উক্ত সংগঠনটোৰ আন এজন সক্ৰিয় সদস্য বিপ্লৱ সংগঠন ত্যাগ কৰি গাঁৱলৈ ঘূৰি আহে।৩
অভিনয়ত
- হীৰামণিৰ ভূমিকাত বান্দৈ চেতিয়া
- শেৱালীৰ ভূমিকাত নিবেদিতা বৰুৱা
- বিপ্লৱৰ ভূমিকাত বিশাল অনুৰাগ
- ঐক্যৰ ভূমিকাত জিণ্টু মৰাণ
নিৰ্মাণ
জয়ছেং জয় দহোতীয়াই ২০১২ চনৰ পৰা চলচ্চিত্ৰখনৰ চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰে। ২০১৩ চনত তেওঁ লেখক ভাস্কৰ জ্যোতি বৰুৱাক লগ পায় আৰু তেওঁলোক দুয়ো মিলি চিত্ৰনাট্যৰ অন্তিম খচৰা প্ৰস্তুত কৰি উলিয়ায়।৪ তেওঁ হান্দুকৰ চিত্ৰনাট্য এনএফডিচি ফিল্ম বাজাৰৰ হাতত দিয়ে আৰু তেওঁলোকে ইয়াক উন্নীত তথা নিৰ্মাণ কৰিবৰ বাবে বাছনি কৰে। ছবিখন অপেচাদাৰী শিল্পীৰ দ্বাৰা অভিনীত হয়। চিত্ৰগ্ৰহণকাৰী চিদা বৰাই ১৯ দিনৰ ভিতৰত চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ সমাপ্ত কৰে।৫ ২০১৬ চনৰ আৰম্ভণিতে হান্দুকৰ এক ট্ৰেইলাৰে মুক্তিলাভ কৰে।
বঁটা-বাহন
২০১৬ চনত ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত হান্দুককে সংবিধানৰ অষ্টম অনুসূচী বহিৰ্ভূত ভাষা শিতানত মৰাণ ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। এই বঁটাত আছিল ৰজত কমল আৰু নগদ একলাখ টকা।৬
তথ্যসূত্ৰ
- ↑ (24 November 2015). Haanduk Background
- ↑ (10 November 2015). NFDC Film Bazaar
- ↑ (24 November 2015). Haanduk synopsis. Haanduk: Official Website
- ↑ (24 November 2015). Haanduk film development. Haanduk: Official Website
- ↑ (12 December 2015). Haanduk Production. Kothasobe
- ↑ 64th NFA Catalogue. Directorate of Film Festivals, GOI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হান্দুক (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৬০১৩ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।