অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গুৱাহাটী চিনে ক্লাব

গুৱাহাটী চিনে ক্লাব হৈছে অসমৰ এটা পঞ্জীয়নভুক্ত চলচ্চিত্ৰ সমাজ। ১৯৬৫ চনৰ ২৬ এপ্ৰিল তাৰিখে অসমৰ বিশিষ্ট শিল্পী আৰু সাংস্কৃতিক ব্যক্তিত্ব ড° ভূপেন হাজৰিকাই কেইগৰাকীমান চলচ্চিত্ৰ প্ৰেমী, সমালোচক আৰু লেখকৰ সৈতে মিলি এই ক্লাবটো প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

গুৱাহাটী চিনে ক্লাব হৈছে অসমৰ এটা পঞ্জীয়নভুক্ত চলচ্চিত্ৰ সমাজ। ১৯৬৫ চনৰ ২৬ এপ্ৰিল তাৰিখে অসমৰ বিশিষ্ট শিল্পী আৰু সাংস্কৃতিক ব্যক্তিত্ব ভূপেন হাজৰিকাই কেইগৰাকীমান চলচ্চিত্ৰ প্ৰেমী, সমালোচক আৰু লেখকৰ সৈতে মিলি এই ক্লাবটো প্ৰতিষ্ঠা কৰিছিল।১২

পদুম বৰুৱা, মহম্মদ ছাদুল্লাহ আৰু একাংশ চলচ্চিত্ৰ অনুৰাগীয়ে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰ সমাজ শ্বিলং ফিল্ম ছচাইটি গঠন কৰাৰ তিনি বছৰৰ পাছত গুৱাহাটীত এই ক্লাবটো প্ৰতিষ্ঠা কৰা হয়।১ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সমাজত চিনেমাক এক গুৰুত্বপূৰ্ণ শিল্প মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰা, চলচ্চিত্ৰ বিষয়ক জ্ঞানৰ প্ৰসাৰ ঘটোৱা আৰু চিনেমেটিক তথা বৌদ্ধিক আলোচনাৰ এক পৰিৱেশ গঢ়ি তোলাই এই সমাজখনৰ মুখ্য উদ্দেশ্য।

প্ৰতিষ্ঠাৰ পিছৰে পৰা এই ক্লাবটোৱে চলচ্চিত্ৰ বিষয়ক বিভিন্ন কাৰ্যসূচী, আলোচনা আৰু প্ৰদৰ্শনী আয়োজন কৰি আহিছে। ইয়াৰ উপৰিও সমাজখনে চলচ্চিত্ৰৰ ৰসাস্বাদন পাঠ্যক্ৰম (Film Appreciation Course), কৰ্মশালা আৰু বক্তৃতা অনুষ্ঠান আয়োজন কৰি চলচ্চিত্ৰ জগতৰ বিভিন্ন দিশৰ ওপৰত আগ্ৰহ বৃদ্ধি কৰাৰ প্ৰয়াস চলাইছে।৩

গুৱাহাটী চিনে ক্লাব ১৮৬০ চনৰ ছচাইটিজ পঞ্জীয়ন আইন (Societies Registration Act, 1860)-ৰ অধীনত পঞ্জীয়নভুক্ত। ক্লাবটোৰ উপদেষ্টা হিচাপে হৰেকৃষ্ণ ডেকা আৰু ভুবন চন্দ্ৰ লহকৰ দায়িত্ব পালন কৰিছে আৰু সভাপতি হৈছে এ. কে. আবচাৰ হাজৰিকা।১

কাৰ্যকলাপ

গুৱাহাটী চিনে ক্লাবৰ মুখ্য কাৰ্যকলাপসমূহ হ’ল:১৩

  • গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত প্ৰতি মাহৰ ২য় আৰু ৪ৰ্থ শনিবাৰ আৰু দেওবাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ প্ৰদৰ্শন।
  • প্ৰতি বছৰে ‘‘জ্যোতিপ্ৰসাদ আগৰৱালা সোঁৱৰণী বক্তৃতা’’ অনুষ্ঠান আয়োজন।
  • ক্লাবৰ প্ৰতিষ্ঠা দিৱস উদযাপন।
  • সমাজৰ বাৰ্ষিক মুখপত্ৰ চিত্ৰ চিন্তা প্ৰকাশ।
  • ২০০৮ চনৰ পৰা ‘গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ’ আয়োজন (পূৰ্বতে ‘‘Festival of World Cinema’’ নামেৰে জনাজাত)।
  • চলচ্চিত্ৰ বিষয়ক কৰ্মশালা আৰু Film Appreciation Course আয়োজন।
  • বিশেষ অনুষ্ঠানত চুটি ছবি মহোৎসৱ বা চলচ্চিত্ৰ প্ৰদৰ্শনী।
  • বিভিন্ন শিক্ষানুষ্ঠান আৰু সৰু চহৰত চলচ্চিত্ৰ প্ৰদৰ্শনৰ জৰিয়তে চলচ্চিত্ৰ বিষয়ে সজাগতা সৃষ্টি।
  • বিদেশী দূতাবাস আৰু সাংস্কৃতিক সংগঠনৰ সৈতে বিনিময় কাৰ্যসূচী।
  • বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ ব্যক্তিত্বৰ সৈতে মত-বিনিময় অনুষ্ঠান।

প্ৰকাশনসমূহ

গুৱাহাটী চিনে ক্লাবে চলচ্চিত্ৰ বিষয়ক কিছুমান গ্ৰন্থ প্ৰকাশ কৰিছে। উল্লেখযোগ্য প্ৰকাশনসমূহ হ’ল:১৩

  • আকিৰা কুৰোছাৱা
  • চলচ্চিত্ৰ নিৰ্মাতা হিচাপে জ্যোতিপ্ৰসাদ
  • Living Shadows
  • Perspective on Cinema of Assam
  • চিত্ৰ চিন্তা (বাৰ্ষিক মুখপত্ৰ)

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ History and Background of Gauhati Cine Club. GCC
  2. ↑ Kalita, Kanak Chandra. The pioneer of the Guwahati Cine Club. Rupaliparda
  3. ↑ Thakuria, Nava. (17 November 2009). Film Festival on Terrorism in Northeast India. Turkish Weekly

সম্পৰ্কিত শ্ৰেণী

অসমৰ চলচ্চিত্ৰভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী চিনে ক্লাব” প্ৰবন্ধৰ সংশোধন ৫৯৪২৫৬ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।