অসম চাহ উৎসৱ বা চাহ উৎসৱ (Assam Tea Festival) হৈছে অসমৰ বিভিন্ন ঠাইত বছৰি আয়োজন কৰা এক অনুষ্ঠান। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত প্ৰতি বছৰে এই উৎসৱৰ আয়োজন কৰা হয়। যোৰহাটত সৰ্বাধিক আড়ম্বৰপূৰ্ণভাৱে চাহ উৎসৱ অনুষ্ঠিত কৰা হয়। সেয়ে ইয়াক যোৰহাট চাহ মহোৎসৱ হিচাপেও জনা যায়।১২ গুৱাহাটীত এই উৎসৱৰ স্থান হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ।৩
ইতিহাস
অসম চৰকাৰৰ পৰ্যটন বিভাগে ৰাজ্যখনত চাহৰ তাৎপৰ্যক উদযাপন কৰাৰ লগতে অসমলৈ অধিকসংখ্যক পৰ্যটকক আকৰ্ষিত কৰাৰ লক্ষ্যৰে অসম চাহ উৎসৱৰ আৰম্ভণি কৰে।১
আনুষ্ঠানিকতা
চাহ উৎসৱ উপলক্ষে পৰ্যটকসকলৰ বাবে চাহৰ ঐতিহ্যবাহী ঠাইসমূহ ভ্ৰমণৰ আয়োজন কৰা হয়। পৰম্পৰাগত খাদ্য আৰু সামগ্ৰীৰ মেলা উপভোগ কৰাৰ লগতে সৰ্বসাধাৰণে জিমখানা ক্লাবত আয়োজিত গ'ল্ফ খেলাতো ভাগ ল'ব পাৰে।১
তথ্যসূত্ৰ
- ↑ Assam Tea Festival. indiatours.com
- ↑ Assam Tea Festival. Assaminfo.com
- ↑ Tea Festival Assam. Incrediblenortheastindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম চাহ উৎসৱ” প্ৰবন্ধৰ সংশোধন ২৫৩২৯০ (৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।