অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ইবাঁকু বিচু

ইবাঁকু বিচু অসমৰ দেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱ। ব'হাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৬ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ইবাঁকু বিচু অসমৰ দেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱ। ব'হাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়।

কাৰ্য্যক্ৰম

দেউৰীসকলেও অসমৰ আন আন জনগোষ্ঠীৰ দৰেই বসন্ত ঋতুত বসন্ত উৎসব পালন কৰে। তেওঁলোকে পালন কৰা এই উৎসৱটোক 'ইবাঁকু বিচু' (ব’হাগ বিহুৰ সমতুল্য) নামেৰে জনা যায়। সাতদিন ধৰি এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ ব’হাগৰ প্ৰথম বুধবাৰে আৰম্ভ হয়। তেওঁলোকৰ পূজা-অৰ্চনা কৰাৰস্থল দেওঘৰত সেইদিনা বিশেষ পূজা কৰা হয়। সেই দিনটোক বিচুৰ (বিহুৰ) উৰুকা হিচাবে পালন কৰা হয়। দেওঘৰত সেই দিনা তেওঁলোকৰ উপাস্য দেৱতা কুন্দিমামা, পিচাদেমা, পিচাচি দেমাচি আদিকে প্ৰমুখ্য কৰি আন আন উপাস্য দেৱ-দেৱীসকললৈ ছাগলী, পাৰ, কুকুৰা আদি বলি হিচাবে আগবঢ়ায়। আনহাতে বিচুৰ উৰুকা ৰাতি বৰদেউৰীৰ ঘৰত অথবা তেনে এক সামাজিক স্থানত ডেকা-গাভৰু (দেউৰী ভাষাত মিৰা-মিৰাচি) সকলে নৃত্য-গীত কৰে। সপ্তাহ ধৰি এই বিহু অতি উলহমালহৰে পালন কৰাৰ অন্তত শেষৰ দিনটোক বিচু উৰুৱাবা (দেউৰী ভাষা) বোলে। সেইদিনা দেওঘৰত বিচু (দেউৰী ভাষা) মৰাৰ পিচত বৰদেউৰীয়ে যেতিয়া নিদেৰ্শ দিব তেতিয়া বিচুত অংশ গ্ৰহণ কৰা সকলে দেওঘৰৰ পৰা ওলাই আহি গাঁৱৰ বৰদেউৰীৰ ঘৰত, গাঁৱৰ মুখিয়াল সকলৰ ঘৰত অলপ অলপ সময়ৰ বাবে বিচু মাৰি গাঁৱৰ পূৱৰ পৰা পশ্চিমলৈ বিচু মাৰি যাত্ৰা কৰে। আৰু শেষত এক মুকলি পথাৰত বিচুক অহা বছৰ পুনৰ লগ পোৱাৰ আশাৰে এক শেষ নাচ নাচি বিদায় জনায়।

তাৎপৰ্য্য

দেউৰী সমাজ আৰু জনজীৱনৰ এই উৎসৱৰ ওতপ্ৰোত সম্পৰ্ক আছে। অসমৰ অন্যান্য কৃষিভিত্তিক জনগোষ্ঠীৰ দৰেই ইয়াক বিহু হিচাপে পালন আৰু সন্মান কৰা হয়।

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইবাঁকু বিচু” প্ৰবন্ধৰ সংশোধন ৬৩৪৬৪৭ (৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।