অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ডিব্ৰুগড় পলিটেকনিক

ডিব্ৰুগড় পলিটেকনিক অসমৰ ডিব্ৰুগড় জিলাৰ লাহোৱালত অৱস্থিত এখনি প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৬৫ চনত এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। এইখন প্ৰতিষ্ঠান ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ, অসমৰ অন্তৰ্ভুক্ত। ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয়ে পৰিচালনা কৰে।

হালনাগাদ: ২৯ অক্টোবৰ ২০২৩ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ডিব্ৰুগড় পলিটেকনিক অসমৰ ডিব্ৰুগড় জিলাৰ লাহোৱালত অৱস্থিত এখনি প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৬৫ চনত এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল।১ এইখন প্ৰতিষ্ঠান ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ, অসমৰ অন্তৰ্ভুক্ত। ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয়ে পৰিচালনা কৰে। উক্ত প্ৰতিষ্ঠান সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ স্বীকৃৰ্তি প্ৰাপ্ত।

অৱস্থান

এই প্ৰতিষ্ঠানখন ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ ১.৮ কিঃমিঃ নিলগত ডিব্ৰুগড় পলিটেকনিক অৱস্থিত। ইয়াৰ চাৰিওফালে সেউজীয়া চাহ বাগিচা আৰু ধুনীয়া প্ৰাকৃতিক পৰিৱেশ বিদ্যমান। ই ডিব্ৰুগড় ৰেল ষ্টেচন ৫ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰ ৬ কিঃমিঃ নিলগত অৱস্থিত।

শিক্ষা

প্ৰতিষ্ঠানখনে ব্যৱহাৰিক, যান্ত্ৰিক, আৰু বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত ৩ বছৰীয়া ডিপ্ল'মা পাঠ্যকম আগবঢ়ায়। এই সকলো পাঠ্যক্ৰম অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয় অধীনৰ ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদৰ অন্তৰ্ভুক্ত।

ইয়াৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে প্ৰতিবছৰে প্ৰযুক্তি শিক্ষা সঞ্চালকালয়, অসমে পলিটেকনিক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।

বিভাগ সমূহ

  • ব্যৱহাৰিক অভিযান্ত্ৰিক বিভাগ (Department of Civil Engineering)
  • বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ (Department of Electrical Engineering)
  • যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ (Department of Mechanical Engineering)
  • পদাৰ্থ বিজ্ঞান বিভাগ (Department of Physics)
  • ৰসায়ন বিজ্ঞান বিভাগ (Department of Chemistry)
  • গণিত বিভাগ (Department of Mathematics)
  • মানৱিকি বিভাগ (Department of Humanities)
  • কৰ্মশালা (Workshop Departments)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Director of technical education, Assam. dteassam.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰুগড় পলিটেকনিক” প্ৰবন্ধৰ সংশোধন ৩৮৯৩১০ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।