অসমীয়া প্ৰবন্ধকাৰ
৭৪ প্ৰবন্ধ
-
উদয়াদিত্য ভৰালী
উদয়াদিত্য ভৰালী অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ তথা অধ্যাপক। পিতৃৰ কৰ্মসূত্ৰে তেওঁ মঙলদৈ, ওদালগুৰি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আৰু বৰপেটাত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল।
-
কমল কুমাৰ তাঁতী
কমল কুমাৰ তাঁতী ( Kamal Kumar Tanti) হৈছে এগৰাকী অসমীয়া কবি, অনুবাদক, অধ্যপক, প্ৰবন্ধ লেখক আৰু সমালোচক। তেখেতে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই সাহিত্য চৰ্চা কৰি আহিছে। তেওঁ অসমৰ চাহ শ্ৰমিক সমাজক প্ৰতিনিধিত্ব কৰি আহিছে।
-
চন্দ্ৰধৰ চমুৱা
ড॰ চন্দ্ৰধৰ চমুৱা(ইংৰাজী: Dr. Chandradhar Chamuah) (ছেপ্টেম্বৰ ১৯৪১ - ১৩ নৱেম্বৰ ২০০৭) এগৰাকী অসমীয়া সাহিত্যিক আছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বান্তৌ গাঁৱৰ এটা দুখীয়া পৰিয়ালত চন্দ্ৰধৰ চমুৱাৰ জন্ম হয় ১৯৪১ চনৰ ছেপ্টেম্বৰ (আহিন) মাহৰ কোনো এটা শনিবাৰে। পিতৃৰ নাম চক্ৰনাথ চমুৱা।
-
জুৰী বৰা বৰগোহাঞি
জুৰী বৰা বৰগোহাঞি (Juri Borah Borgohain; জন্ম:১৯৭৮ - ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেখেতৰ জন্ম অসমৰ মাজুলী জিলাত হৈছিল। পিতৃৰ নাম মহেন্দ্ৰ বৰা আৰু মাতৃৰ নাম বীণা বৰা। কিছুদিন সংবাদ মাধ্যম আৰু শিক্ষাদানৰ লগত জড়িত হৈ থকাৰ পাছত তেখেতে বৰ্তমান স্বাধীনভাৱে সাহিত্য ৰচনা কৰি আছে।
-
দেবানন্দ ভৰালি
দেবানন্দ ভৰালি (Devananda Bharali; (১৮৮৩ - ১৯৭২) কুৰি শতিকাৰ প্ৰথমাংশৰ এগৰাকী অসমীয়া ভাষাবিদ আৰু সাহিত্যিক। অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে প্ৰথমে মৌলিক গৱেষণালব্ধ কিতাপ প্ৰণয়ন কৰিছিল।
-
পূৰ্ণকান্ত বুঢ়াগোহাঞি
পূৰ্ণকান্ত বুঢ়াগোহাঞি (Purna Kanta Buragohain; ১৮৯০- ১৯৫৮) তাই আহোম জনগোষ্ঠীৰ আদি বুৰঞ্জীৰ এজন নীৰৱ সাধক আছিল। ১৯৩৩ চনৰ পৰা ১৯৪২ চনলৈকে সুদীৰ্ঘ ন বছৰ কাল ম্যানমাৰ, থাইলেণ্ড আৰু চীন দেশত থাকি বিভিন্ন অঞ্চল ভ্ৰমণ কৰি টাই জাতিৰ আদি বাসস্থান, শাসন নীতি, ৰাজ্য বিস্তাৰ, ধৰ্ম আৰু কৃষ্টি সম্পৰ্কে অধ্যয়ন…
-
মনালিছা শইকীয়া
মনালিছা শইকীয়া (Monalisha Saikia; জন্ম: ১৯৭৫ ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ। কেইবাটাও সাহিত্য বঁটাৰে সন্মানিত জনপ্ৰিয় লেখিকা গৰাকী ‘আচাম স্কুল অৱ জাৰ্নেলিজম’ৰ কাৰ্যবাহী নিৰ্দেশক। তেখেতে ‘গুমৰাগ’ নামৰ অসমীয়া আলোচনীখনো সম্পাদনা কৰিছিল।
-
উমেশ চন্দ্ৰ ডেকা
উমেশ চন্দ্ৰ ডেকা (১৯৪৯-) একাধাৰে লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক আৰু অধ্যাপক। তেওঁ এসময়ত টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল। পৰৱৰ্তী সময়ত পূব কামৰূপ কলেজৰো অধ্যাপক হিচাপে নিয়োজিত হয়।
-
ক্ষীৰধৰ বৰুৱা
ক্ষীৰধৰ বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত নিয়মীয়া প্ৰবন্ধ লিখাৰ উপৰি বিজ্ঞান জেউতি, ৰসায়ন শিক্ষা আদি আলোচনীৰ সম্পাদক হিচাপে…
-
নিত্য বৰা
নিত্য বৰা অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক আৰু সম্পাদক আছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা বৰাই অসমীয়া প্ৰতিদিন কাকতৰ লগতে বহুকেইখন গ্ৰন্থ সম্পাদনা কৰিছে। ২২ এপ্ৰিল ২০২৬ তাৰিখে তেওঁৰ যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।
-
বিপুলজ্যোতি শইকীয়া
বিপুলজ্যোতি শইকীয়া (Bipuljyoti Saikia) অসমৰ এগৰাকী কবি, বিজ্ঞানী, অনুবাদক, সম্পাদক, নাট্যকাৰ, জনপ্ৰিয় বিজ্ঞান লেখক। তেখেতে কটন কলেজৰপৰা পদাৰ্থবিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
ৰঞ্জন বেজবৰুৱা
ৰঞ্জন বেজবৰুৱা (Ranjan Bezbaruah) অসমৰ এগৰাকী শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, প্ৰবন্ধকাৰ। ২০১৪ চনৰ ৫ নৱেম্বৰত 'সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয়' বঁটা লাভ কৰা উপৰিও এটি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ তৰফৰ পৰা ২০২০ চনত 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান লাভ কৰে।
-
খৰ্গেশ্বৰ ভূঞা
খৰ্গেশ্বৰ ভূঞা একাধাৰে সাহিত্যিক, গৱেষক, অধ্যাপক। তেখেতে প্ৰাচীন ধৰ্মশাস্ত্ৰৰ কেতবোৰ চৰিত্ৰ আৰু কাহিনীক অৱলম্বন হিচাপে লৈ ৭খন পুৰাকথাকেন্দ্ৰিক উপন্যাস ৰচনা কৰিছে। বিজ্ঞান,অন্ধবিশ্বাস-কুসংস্কাৰ আদি বিষয়ক অনেক পুথি প্ৰকাশ কৰাৰ লগত বহুকেইখন প্ৰাচীন ধৰ্মশাস্ত্ৰ পুথিৰ সম্পাদনা কৰিছে।
-
ৰত্নোত্তমা দাস বিক্ৰম
ৰত্নোত্তমা দাস বিক্ৰম (Ratnottama Das Bikram) লেখক, ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, প্ৰবন্ধকাৰ, স্তম্ভলেখক, কবি আৰু জনজাতীয় লোককলাৰ গৱেষক দাসে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শিক্ষা আৰম্ভ কৰি পাছলৈ ক্ৰমে কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰে।