অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জীৱেশ্বৰ ডেকা

জীৱেশ্বৰ ডেকা (Jibeswar Deka) অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা। ভ্ৰাম্যমাণ থিয়েটাৰ মুকুন্দ থিয়েটাৰত 'দধিচী' নাটকত ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয় হোৱাৰ লগতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছিল।

হালনাগাদ: ২৭ জুন ২০২৫ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

জীৱেশ্বৰ ডেকা (Jibeswar Deka) অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা। ভ্ৰাম্যমাণ থিয়েটাৰ মুকুন্দ থিয়েটাৰত 'দধিচী' নাটকত ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয় হোৱাৰ লগতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছিল। এইখন নাটকৰ নন্দ পাঠক চৰিত্ৰটোত কৰা অভিনয়ৰ বাবেই তেওঁক ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ প্ৰদান কৰা হৈছিল। দধিচী নাটকত দক্ষ অভিনয়ৰ প্ৰমাণ দিয়া এইগৰাকী অভিনেতা তেতিয়াৰ পৰাই ‘দধিচী’ নামেৰে সৰ্বত্ৰে জনাজাত হৈ পৰে।১২

জন্ম

জীৱেশ্বৰ ডেকাই ১৯৪৬ চনৰ ২০ জুলাইত নলবাৰী জিলাৰ বেলশৰ গাঁৱত জন্মগ্ৰহণ কৰে।১

শিক্ষা আৰু কৰ্মজীৱন

অভিনয় জীৱন

জীৱেশ্বৰ ডেকাই ১৯৬৭ চনত পোনপ্ৰথমে ‘বেলশৰ স্মৃতি নাট্যসংঘ’ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত প্ৰবেশ কৰে আৰু থিয়েটাৰৰ মঞ্চত অভিনেতা হিচাপে অভিনয় জীৱন আগবঢ়াই নিয়ে। তেওঁ নটৰাজ, ৰূপকোঁৱৰ, বিষ্ণুজ্যৌতি, ভাগ্যদেৱী, মুকুন্দ, আৱাহন, জ্যৌতিৰূপা, অনুৰাগ, মনালিছা, মাধৱদেৱ, ৰূপায়ণ, নয়নতৰা আদি থিয়েটাৰত প্ৰায় ২০০ খনৰো অধিক পৌৰাণিক ধৰ্মমূলক, সামাজিক নাটকত ভিন্নসুৰী চৰিত্ৰত অভিনয় কৰিছিল। ১৯৭০-৭১ নাট্যবৰ্ষত মৰোৱাৰ শৰত্‍ মজুমদাৰ প্ৰযোজিত ‘ভাগ্যদেৱী নাট্য সমিতি’ত (পৰৱৰ্তিত ৰূপত থিয়েটাৰ ভাগ্যদেৱী) নাট্যকাৰ উগ্ৰ মেনাৰ ৰচনা আৰু ভৈৰৱ বৰ্মনৰ পৰিচালনাত মঞ্চস্থ কৰা নাট ‘মিলনমালা’ত নায়ক ‘মিলন’ৰ চৰিত্ৰত অভিনয় কৰা জীৱেশ্বৰ ডেকাৰ অভিনয় দৰ্শকে যথেষ্ট ভাল পাইছিল। সেই বৰ্ষতে মিলনমালা নাটকখন বৰপেটাত ১১ টাকৈ দৰ্শনী মঞ্চস্থ কৰিব লগীয়া হৈছিল। ১৯৮৭-৮৮ নাট্যবৰ্ষত টিহুৰ মাখিবাহাৰ অতুল ভট্টাচাৰ্য প্ৰযোজিত ‘মুকুন্দ থিয়েটাৰ’ত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত আৰু হেম ভট্টাচাৰ্য পৰিচালিত প্ৰভাত শৰ্মাৰ সংগীতেৰে ‘দধিচী’ নাটকত ৪১ বছৰীয়া জীৱেশ্বৰ ডেকাই ৯৫ বছৰীয়া ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰে। এই নাটকখনৰ নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ, সাংস্কৃতিক শিল্পী ৰত্ন ওজা, সাংবাদিক কনকসেন ডেকাই একেলগে নাটখন উপভোগ কৰি অভিভূত হৈ পৰিছিল। ‘দধিচী’ নাটকৰ নন্দ পাঠকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জীৱেশ্বৰ ডেকাক ১৯৮৮ চনত অসম চৰকাৰৰ পৰা ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ প্ৰদান কৰা হয়।১

লাভ কৰা বঁটা আৰু সন্মান

অভিনয় শিল্পী জীৱেশ্বৰ ডেকাই বহু বঁটা আৰু সন্মান লাভ কৰে। তাৰ ভিতৰত -

  • অসম চৰকাৰৰ ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ (১৯৮৮)
  • অসম শিল্পী দিৱস বঁটা (১৯৯০)
  • মুনলাইট মিডিয়া বঁটা (১৯৯৩)
  • অসম চৰকাৰৰ শিল্পী পেঞ্চন (২০০৭)
  • সাংস্কৃতিক মহাসভা অসমৰ পৰা ‘জীৱনজোৰা সংস্কৃতি সাধনা বঁটা’ (২০১১)
  • অসম যুৱ-ছাত্ৰ পৰিষদৰ ‘ভবেন বৰুৱা সোঁৱৰণী বঁটা’ (২০১৪)
  • ৰবীন নেওগ সোঁৱৰণী এনাজৰী বঁটা (২০১৬)
  • অখিল ভাৰত হিন্দু মহাসভা অসম প্ৰদেশৰ পৰা ‘লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা’ (২০১৮)
  • থিয়েটাৰ ভাগ্যদেৱীৰ ‘শৰত্‍ মজুমদাৰ সোঁৱৰণী বঁটা’ (২০১৯)
  • অচ্যুত লহকৰ সোঁৱৰণী বঁটা (২০১৯)
  • দপবাশা নাট্য সন্মিলনৰ ‘কামিনী মোহন শৰ্মা জীৱনজোৰা সাধনা বঁটা’ (২০১৯)৩
  • মঘাই মোহন কৃষ্টি সংঘৰ ‘নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী সোঁৱৰণী বঁটা (২০২০) ইত্যাদি।১

পৰলোক প্ৰাপ্তি

জীৱেশ্বৰ ডেকা দীৰ্ঘদিন হৃদৰোগত আক্ৰান্ত হৈ ২০২০ চনৰ ২৪ আগষ্ট তাৰিখ, ৰবিবাৰে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হস্পিটেলত ১১ বাজি ৪০ মিনিটত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।৪

তথ্যসূত্ৰ

  1. ↑ নলবাৰীৰ নিজা বাতৰি দিওঁতা আৰু চমতাৰ নিজা প্ৰতিবেদক. (24 August 2020). নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক জীৱেশ্বৰ শৰ্মা. news. Dainik Janambhumi
  2. ↑ বসন্ত দাস. (24 August 2020). বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা. e-news paper. Janambhumi
  3. ↑ News Source: জনমভূমি. (8 November 2019). জীৱেশ্বৰ ডেকা, প্ৰস্তুতি পৰাশৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান. e-news paper. Janambhumi
  4. ↑ (24 August 2020). ভ্ৰাম্যমাণ জগতৰ অন্যতম তাৰকা জীৱেশ্বৰ ডেকা আৰু নাই. Prag News

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱেশ্বৰ ডেকা” প্ৰবন্ধৰ সংশোধন ৫২১০৪০ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।