চৰপেচ (ইংৰাজী ভাষা: Sarpech; উৰ্দু ভাষা: سرپیچ; হিন্দী ভাষা: सरपेच, পাৰ্চী ভাষাৰ পৰা উৎপত্তি), হ’ল এক পাগুৰিৰ অলংকাৰ যিটো বিশেষকৈ হিন্দু, শিখ আৰু মুছলমান ৰাজকুমাৰসকলে পৰিধান কৰিছিল। চৰ মানে "মূৰ" বা "আগফাল" আৰু পেচ মানে "স্ক্ৰু", যাৰ ফলত "চৰপেচ" শব্দটোৰ আক্ষৰিক অৰ্থ হয় "যিটো পাগুৰিৰ আগফালে স্ক্ৰু কৰা হয় (লগোৱা হয়)"। চৰপেচ পাৰস্যতো পিন্ধা হৈছিল, য’ত ইয়াক জিক্কা বা জিকা বুলি জনা গৈছিল, যাৰ অৰ্থ আছিল "শিখৰ" বা "থোপোকা", আৰু তুৰস্কত, য’ত ইয়াক চৰগুচ বুলি জনা গৈছিল। এই নামটো পাৰ্চী শব্দ চৰপুচৰ এক অপভ্ৰংশ বুলি ধৰা হয়।
ভাৰতত প্ৰধানকৈ পাগুৰিৰ দুই ধৰণৰ অলংকাৰ পোৱা যায়: চৰপেচ আৰু কলগী।১
উৎপত্তি আৰু ব্যুৎপত্তি
ভাৰতত উৎপাদনৰ সময়ৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকাৰৰ চৰপেচ পোৱা যায়। ১৬শ আৰু ১৭শ শতিকাত নিৰ্মিত চৰপেচবোৰ এখন চৰাইৰ পাখিৰ দৰে আছিল আৰু পাগুৰিৰ সোঁফালে পিন্ধা হৈছিল। ইয়াৰ সামগ্ৰী অনুষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰিছিল। মূল ১৬শ শতিকাৰ চৰপেচ আছিল এটা একক গোট; তাৰ পিছত ১৮শ শতিকাত দুয়োকাষে দুটা গোট যোগ কৰা হয়। ১৯শ শতিকাৰ লগে লগে আড়ম্বৰপূৰ্ণ অলংকাৰৰ ওপৰত গুৰুত্ব বৃদ্ধি পায় আৰু পাগুৰিৰ আধা অংশ ঢাকি ৰাখিব পৰাকৈ ডাঙৰ চৰপেচ নিৰ্মাণ কৰা হৈছিল।১
গাঁথনি
এইটো চৰপেচৰ এটা সাধাৰণ বৰ্ণনা। সোণৰ ভাৰতীয় চৰপেচৰ মৌলিক গাঁথনি সমতল। ই হ’ল ধাতুৰ এখন একক চাদৰ যাৰ ফোপোলা অংশত ৰত্নবোৰ খটোৱা থাকে। নক্সাবোৰ সাধাৰণতে সমতাপূৰ্ণ আৰু ৰত্নবোৰ আগফালে খটোৱা হয়। ইয়াৰ পিছফালটোও সুন্দৰকৈ মীনাকৰী কৰা থাকে যদিও দৰ্শকৰ পৰা ই লুকুৱাই ৰখা হয়। এটা উৰ্ধমুখী গোট থকা চৰপেচবোৰক এক কালংগী বুলি জনা যiয় আৰু তিনিটা অংশ থকাবোৰক তিন কালংগী বোলা হয়। বেছিভাগ চৰপেচৰ নক্সাই ফুলৰ আৰ্হিৰ আৰু ই মোগল ভাৰতৰ বিদ্যমান বস্ত্ৰশিল্পৰ শৈলীৰ পৰা ধাৰ কৰা যেন লাগে।২
তথ্যসূত্ৰ
- ↑ Untracht, Oppi. (1997). Traditional Jewelry in India. Harry N. Abrams. পৃ. 430. ISBN 9780810938861
- ↑ al-Ahmad al-Sabah, Sheikh Nasser Sabah. (May 2001). Treasury of the world exhibition. Thames & Hudson. পৃ. 160. ISBN 9780500976081
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰপেচ” প্ৰবন্ধৰ সংশোধন ৫৮৯৭৬৮ (১৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।