অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মগৰদানা

মগৰদানা ডিঙিত পিন্ধা এবিধ অসমীয়া অলংকাৰ। এইবিধ অলংকাৰ অভিজাত সম্প্ৰদায়ৰ পুৰুষে ডিঙিত পৰিধান কৰে।

হালনাগাদ: ১৮ মে’ ২০২১ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

মগৰদানা ডিঙিত পিন্ধা এবিধ অসমীয়া অলংকাৰ। এইবিধ অলংকাৰ অভিজাত সম্প্ৰদায়ৰ পুৰুষে ডিঙিত পৰিধান কৰে।

নিৰ্মাণ শৈলী

পাত সোণেৰে নিৰ্মিত মগৰদানাৰ আকৃতি অৰ্ধ গোলাকাৰ আৰু কিছুমান টুকুৰাৰে গঢ়া। এই টুকুৰাবোৰ ডেৰ ইঞ্চিমান দীঘল। সোঁমাজৰ টুকুৰাকেইটা ডাঙৰ। তাৰ কাষত টুকুৰাবোৰ ক্ৰমাৎ সৰু আৰু চিঁয়া। টুকুৰাবোৰ দুয়োকাষে মূৰে মূৰে চাৰিটাকৈসৰু আঙঠি লগোৱা থাকে। এই আঙঠিবোৰৰ মাজেৰে দুয়োকাষে দুডাল শকত সূতাৰে মালাধাৰ গাঁথি লোৱা হয়। মালাৰ মূৰ দুটাত দুটা মগৰ চানেকিৰ টুকুৰা থাকে। ডিঙিৰ পিছফালে দুই মূৰৰ সূতাদুডাল বান্ধি ইয়াক পৰিধান কৰা হয়। কোনো মগৰদানাত‌ ষোল্লটা, আন কোনো টোত বত্ৰিশটা বা আন এক প্ৰকাৰত চৌষষ্ঠিটা পৰ্যন্ত টুকুৰা থাকে।১

তথ্যসূত্ৰ

  1. ↑ দাস,ড° নাৰায়ণ; ৰাজবংশী, ড° পৰমানন্দ. (২০০৬). অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ. পৃ. ২৬৯

সম্পৰ্কিত শ্ৰেণী

অলংকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মগৰদানা” প্ৰবন্ধৰ সংশোধন ২৭৭৮৪৩ (১৮ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।