জেকব ডায়মণ্ড (ইংৰাজী ভাষা: Jacob Diamond), যাক ইম্পেৰিয়েল বা ভিক্টোৰিয়া ডায়মণ্ড বুলিও জনা যায়, হ’ল ভাৰতৰ (বা গোলকোণ্ডা খনিৰ) এক বৰণহীন হীৰা।১ ই বিশ্বৰ পঞ্চম বৃহত্তম পালিশ কৰা হীৰা হিচাপে স্বীকৃত।২৩ হাইদৰাবাদ ৰাজ্যৰ শেষ নিজাম মীৰ ওচমান আলী খানে এই হীৰাটো চৌমহল্লা পেলেচত তেওঁৰ পিতৃৰ (মেহবুব আলী খান) এটা জোতাৰ ভিতৰত পাইছিল আৰু বহুদিন ধৰি ইয়াক কাগজ থোৱা গধুৰ বস্তু (paperweight) হিচাপে ব্যৱহাৰ কৰিছিল। ১৯৯৫ চনত ভাৰত চৰকাৰে প্ৰায় ১৩ নিযুত আমেৰিকান ডলাৰত এই হীৰাটো ক্ৰয় কৰে। ই ৫৮টা ফাল থকা এক আয়তাকাৰ কুশ্বন-কাটত কটা হৈছে। ইয়াৰ দৈৰ্ঘ্য ৩৯.৫ মিলিমিটাৰ, প্ৰস্থ ২৯.২৫ মিলিমিটাৰ আৰু গভীৰতা ২২.৫ মিলিমিটাৰ। হীৰাটিৰ ওজন ১৮৪.৭৫ কেৰাট (৩৬.৯০ গ্ৰাম)। বৰ্তমান ইয়াক মুম্বাইৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভল্টত ৰখা হৈছে। ২০০১ আৰু ২০০৭ চনত হায়দৰাবাদৰ ছালাৰ জং সংগ্ৰহালয়ত অনুষ্ঠিত নিজামৰ অলংকাৰ প্ৰদৰ্শনীত জেকব ডায়মণ্ড এক অন্যতম আকৰ্ষণ আছিল।
বিখ্যাত কহিনুৰৰ বিপৰীতে, জেকব ডায়মণ্ড ইয়াৰ সমগ্ৰ ইতিহাসত মাত্ৰ দুবাৰহে মালিকানা সলনি হৈছে আৰু ইয়াৰ সৈতে কোনো ধৰণৰ হিংসাত্মক ঘটনা জড়িত হৈ থকা নাই।
ইতিহাস
ইউৰোপলৈ কটাৰ বাবে পঠিওৱাৰ আগতে এই কেঁচা হীৰাটিৰ ওজন ৪০০ কেৰাটতকৈ অধিক আছিল বুলি বিশ্বাস কৰা হয়।৪
১৮৯১ চনত আলেকজেণ্ডাৰ মালকম জেকবে এই হীৰাটো বিক্ৰীৰ বাবে উলিয়াইছিল, যাৰ পৰা ইয়াৰ নাম জেকব ডায়মণ্ড হয়। ইয়াক হায়দৰাবাদৰ ষষ্ঠ নিজাম মেহবুব আলী খানক আগবঢ়োৱা হৈছিল। আৰম্ভণিতে নিজাম হীৰাটিৰ প্ৰতি বৰ আগ্ৰহী নাছিল আৰু ইয়াৰ বাবে মাত্ৰ ৪০ লাখ টকাৰ প্ৰস্তাৱ দিছিল। লেনদেনটো আগবঢ়াই নিবলৈ নিজামক এক আমানত ধন জমা দিবলৈ কোৱা হৈছিল। ইউৰোপীয় হীৰা কটা কাৰিকৰসকলে এই প্ৰস্তাৱটো ভাল পোৱা নাছিল, কিন্তু নিজামৰ আমানত ধনৰ হিচাপ হেৰুৱাই তেওঁলোক আদালতৰ কাষ চাপিবলৈ বাধ্য হৈছিল। অৱশেষত গোচৰটো নিষ্পত্তি হোৱাৰ পিছত নিজামে তেওঁৰ মূল প্ৰস্তাৱৰ প্ৰায় আধাতে অৰ্থাৎ ২৩ লাখ টকাত হীৰাটো লাভ কৰে। গোটেই প্ৰক্ৰিয়াটোত অসন্তুষ্ট হৈ আৰু হীৰাটো দুৰ্ভাগ্যজনক বুলি গণ্য কৰি নিজামে ইয়াক কাপোৰেৰে মেৰিয়াই লুকুৱাই থৈছিল।৫
পিতৃৰ মৃত্যুৰ কেইবা বছৰৰ পিছত অন্তিম নিজাম ওচমান আলী খানে চৌমহল্লা পেলেচত তেওঁৰ পিতৃৰ জোতাৰ ভিতৰত জেকব ডায়মণ্ডটো উদ্ধাৰ কৰে। হীৰাটিৰ প্ৰকৃত মূল্য অনুভৱ নকৰালৈকে তেওঁ নিজেই ইয়াক বহুদিন ধৰি পেপাৰৱেট হিচাপে ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী সময়ত পৰিয়ালটোৱে জেকবসহ অন্যান্য অলংকাৰ বিক্ৰী কৰিব বিচাৰিছিল, কিন্তু ভাৰত চৰকাৰে এইবোৰক ৰাষ্ট্ৰীয় সম্পদ বুলি অভিহিত কৰি বিদেশীৰ ওচৰত বিক্ৰী কৰাত বাধা দিয়ে।৫৬
দীৰ্ঘদিনীয়া আইনী যুঁজৰ পিছত ১৯৯৫ চনত ভাৰত চৰকাৰে নিজামৰ ট্ৰাষ্টৰ পৰা প্ৰায় ১৩ নিযুত আমেৰিকান ডলাৰত এই হীৰাটো ক্ৰয় কৰে আৰু বৰ্তমান ই মুম্বাইৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভল্টত সুৰক্ষিত হৈ আছে।৬ নিজামৰ বংশধৰ হিমায়ত আলী মিৰ্জা আৰু মুকাৰম জাহ আদিয়ে জেকব ডায়মণ্ড আৰু অন্যান্য অলংকাৰসমূহ ভাৰত চৰকাৰক অৰ্পণ কৰিছিল।৭
২০০১ আৰু ২০০৭ চনত হায়দৰাবাদৰ ছালাৰ জং সংগ্ৰহালয়ত অনুষ্ঠিত নিজামৰ অলংকাৰ প্ৰদৰ্শনীত জেকব ডায়মণ্ড এক প্ৰধান আকৰ্ষণ আছিল।৮
আৰু চাওক
- হায়দৰাবাদ নিজামৰ অলংকাৰসমূহ
- গোলকোণ্ডা হীৰা
- হীৰাৰ তালিকা
তথ্যসূত্ৰ
- ↑ (2016). Responsible Tourism & Human Accountability for Sustainable Business. Zenon Academic Publishing. পৃ. 129. ISBN 9789385886010
- ↑ Bedi, Rahul. (12 April 2008). India finally settles £1million Nizam dispute. The Daily Telegraph
- ↑ The Victoria. Famous, Historic and Notable Diamonds
- ↑ Srivastava, Ahana. (2019-04-29). 10 Interesting Facts About The Diamond That's Bigger Than The Kohinoor. www.scoopwhoop.com
- ↑ Diamond in a Shoe: The Jacob Diamond. www.livehistoryindia.com
- ↑ The world's largest diamonds. business.rediff.com
- ↑ Himayat Ali Mirza raises voice against negligence, illegal encroachments towards Nizam's properties. www.daijiworld.com
- ↑ Heart In Diamond. www.heart-in-diamond.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেকব ডায়মণ্ড” প্ৰবন্ধৰ সংশোধন ৬০৫০৫৪ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।