দেঝুৰ (বা দেজি-হোৰ) হৈছে কাশ্মীৰী পণ্ডিত বিবাহিত মহিলাসকলে পিন্ধা একপ্ৰকাৰৰ ওলমি থকা কাণৰ অলংকাৰ। নিয়মানুসৰি বিয়া হোৱাৰ আগদিনাৰ পৰা এই অলংকাৰ পৰিধান কৰিব লাগে।
এই গহনাবিধ কাণৰ লতিৰ ফুটাত ৰঙা সূতা এডালৰে সংযুক্ত কৰি ৰখা হয় আৰু পিছলৈ এই সূতাৰ ঠাইত কণ্যা এগৰাকীয়ে শহুৰেকৰ ঘৰৰ পৰা দিয়া আথ নামেৰে জনাজাত সোণৰ শিকলি এডাল লগোৱা হয়। সূতা বা শিকলিডাল প্ৰায় ৮-১২ ইঞ্চিমান দীঘলীয়া হয়। তলৰ অংশটো হৈছে অথুৰ, যিটো সোণ, সোণ /ৰূপৰ চেইন বা মুকুতাৰ হ'ব পাৰে আৰু এয়া দেঝুৰৰ লগত সংলগ্ন হৈ থাকে। এই অলংকাৰ মুছলমান কাশ্মীৰী বা আন কোনো হিন্দু সম্প্ৰদায়ে নিপিন্ধে।

এই অলংকাৰবিধ দুটা কাশ্মীৰী পণ্ডিত পৰিয়ালৰ মাজত মিলনৰ প্ৰতীক। দেঝুৰ অলংকাৰবিধ সদায় ষড়ভুজ আকৃতিৰ আৰু ই শিৱ আৰু শক্তিক বুজোৱা এক য়ন্ত্ৰৰ প্ৰতীক। ১ ২
দিজ শব্দটোৰ এটা ব্যাখ্যা হ'ল এই যে, ই "দ্বিজ"ক প্ৰতিনিধিত্ব কৰে আৰু এইদৰে ব্ৰাহ্মণ সম্প্ৰদায়ৰ কোনো যজ্ঞপৱিতৰ নাৰী সমকক্ষ।
ইয়াৰ কাৰ্য্য ভাৰতৰ অন্যান্য অঞ্চলত ব্যৱহৃত অলংকাৰ মংগল-সূত্ৰ বা সেন্দুৰৰ দৰেই। অৱশ্যে ছোৱালীজনীৰ পৰিয়ালেও এটা দেঝুৰ যোগান ধৰে আৰু স্বামীৰ মৃত্যুৰ পিছতো পৰিধান কৰে।
লগতে চাওক
- কাশ্মীৰৰ সংস্কৃতি
তথ্যসূত্ৰ
- ↑ Simran Kaur, Amita Walia; TJPRC. (2018). Significant Rituals of Kashmiri Pandits, A Perspective. International Journal of Textile and Fashion Technology. পৃ. 11–18
- ↑ (14 February 2020). https://www.indiatoday.in/movies/bollywood/story/fashion-friday-breaking-down-the-kashmiri-pandit-look-from-shikara-1646527-2020-02-14
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেঝুৰ” প্ৰবন্ধৰ সংশোধন ৪৭৬৬৫৬ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।