অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফুকুযাৱা য়ুকিচী

ফুকুযাৱা য়ুকিচী এজন জাপানী শিক্ষাবিদ, দাৰ্শনিক, আৰু লেখক আছিল। য়ুকিচীয়ে কিউ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। ফুকুযাৱা য়ুকিচীৰ এক দুখীয়া ছামুৰাই পৰিয়ালত জন্ম হয়। তেওঁ নাগাচাকী আৰু ওচাকাত ডাচ আৰু পশ্চিমীয়া বিজ্ঞানৰ শিক্ষা আৰু পিছত ইংৰাজী শিক্ষা গ্ৰহণ কৰে।

হালনাগাদ: ২৫ মে’ ২০২৫ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ফুকুযাৱা য়ুকিচী এজন জাপানী শিক্ষাবিদ, দাৰ্শনিক, আৰু লেখক আছিল। য়ুকিচীয়ে কিউ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। ফুকুযাৱা য়ুকিচীৰ এক দুখীয়া ছামুৰাই পৰিয়ালত জন্ম হয়। তেওঁ নাগাচাকী আৰু ওচাকাত ডাচ আৰু পশ্চিমীয়া বিজ্ঞানৰ শিক্ষা আৰু পিছত ইংৰাজী শিক্ষা গ্ৰহণ কৰে। ১৮৬০-ত তেওঁ যুক্তৰাষ্ট্ৰৰ প্ৰথম জাপানী ৰাষ্ট্ৰদূতাবাসত অনুবাদক হিচাপে নিযুক্ত হয়। ইয়াত থাকোঁতে তেওঁ পাশ্চাত্যৰ বিষয়ে এখন গ্ৰন্থৰ সমল সংগ্ৰহ কৰে। ধ্ৰুপদী সাহিত্যৰ দৰে নিলিখি তেওঁ এই কিতাপ কথোপকথনৰ ভঙ্গীৰে লিখে। লেখন ভঙ্গীৰ বাবে কিতাপখন যথেষ্ট জনপ্ৰিয় হৈছিল। তেওঁ মিৰ'কোছা (Meirokusha) নামৰ পশ্চিমীয়া শিক্ষাৰ পৃষ্ঠপোষকতা কৰা সংগঠনৰ প্ৰধান সদস্য সকলৰ এজন আছিল। ১ তেওঁৰ (যুকিছি) Encouragement to Learning' (Gakumon no susume, ১৮৭২-৭৬) নামৰ গ্ৰন্থত জাপানী জ্ঞানৰ সমালোচনা কৰা হয়: 'জাপানে গৰ্ব কৰিব লগা বিষয়টো কেৱল ইয়াৰ প্ৰাকৃতিক দৃশ্যহে। ' তেওঁ আধুনিক কাৰখানা আৰু প্ৰতিষ্ঠানৰেই সমৰ্থক নাছিল, পশ্চিমীয়া সংস্কৃতিৰ সাৰমৰ্ম-পশ্চিমীয়া সভ্যতাৰ সমৰ্থক আছিল। তেওঁ ভাবিছিল যে ইয়াৰ জৰিয়তে এজন নতুন নাগৰিক সৃষ্টি হ'ব পাৰে। ২

তেওঁৰ নীতি হ'ল: স্বৰ্গই মানুহক মানুহৰ ওপৰত সৃষ্টি কৰা নাই বা মানুহক মানুহৰ তলতো ৰখা নাই। '

তথ্যসূত্ৰ

  1. ↑ Nishikawa 1993
  2. ↑ (২০১৩). বুৰঞ্জী (বিশ্ব ইতিহাসৰ কিছু বিষয়). অসম বুক ডিপো. পৃ. ২৭

সম্পৰ্কিত শ্ৰেণী

লেখকঅনুবাদক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুকুযাৱা য়ুকিচী” প্ৰবন্ধৰ সংশোধন ৫১২৪১৪ (২৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।