অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৫ আগষ্ট

ঘটনাৱলী

  • ১৬৬৯আলাবৈৰ ৰণত (শৰাইঘাটৰ যুদ্ধ) ১০,০০০ আহোম সেনাই প্ৰাণ দিছিল।
  • ১৭৭৫মহাৰজা নন্দকুমাৰক ভুৱা অভিযোগত ইংৰাজে কলিকতাত ফাঁচি দিছিল। মহাৰজা নন্দকুমাৰ এজন ইংৰাজৰ দেৱান আছিল আৰু ইংৰাজে ফাঁচি দিয়া প্ৰথম ভাৰতীয় আছিল।
  • ১৯৯১ন্যায়াধীশ লীলা চেঠ হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ ৰূপে অধিষ্ঠিত হৈ যিকোনো ৰাজ্য়িক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য় ন্যায়াধীশ হিচাপে পৰিগণিত হয়।
  • ২০১২চনত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিকৰ মুষ্টিযুদ্ধ খেলত মেৰী কমে পোলেণ্ডৰ কেৰলিনা মিচেলচ্‌জাক (Karolina Michalczuk)-ক ১৯-১৪ -ত পৰাস্ত কৰে।

জন্ম

  • ১৮৫০দ্য মোপাছাঁ, ফৰাচী লেখক।
  • ১৯১৫শিৱমংগল সিং, প্ৰসিদ্ধ ভাৰতীয় কবি।
  • ১৯৩০নীল আৰ্মষ্ট্ৰং, প্ৰখ্যাত আমেৰিকাৰ মহাকাশচাৰী। তেওঁ চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ আছিল। (মৃত্যু: ২৫ আগষ্ট, ২০১২)
  • ১৯৬৬কবিতা কেইন, ভাৰতীয় পৌৰাণিক কল্পকাহিনী লেখক।
  • ১৯৭৪কাজল দেৱগন, বলিউদৰ অভিনেত্ৰী।
  • ১৯৮৮ৰণজিত সিংহ ডিচলে, ভাৰতীয় শিক্ষক তথা প্ৰযুক্তিবিদ।
  • ১৯৯৪বৈশালী মহান্তি, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিকল্পক, লেখক, স্তম্ভ লেখক আৰু বিদেশী তথা জননীতিৰ বিশ্লেষক।

মৃত্যু

  • ১৭৯২ফেড্ৰিক নৰ্থ বা লৰ্ড নৰ্থ, গ্ৰেট ব্ৰিটেইন প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৮৯৫ফ্ৰিড্ৰিচ এংগেল্‌ছ, জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী।
  • ১৯৫০গোপীনাথ বৰদলৈ, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। (জন্ম:৬ জুন ১৮৯০)
  • ১৯৬২মেৰিলিন মন্‌ৰ', আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল।
  • ১৯৯৮কেশৱ চন্দ্ৰ গগৈ, অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। (জন্ম: ২৯ আগষ্ট, ১৯২৫)
  • ২০০০লালা অমৰনাথ, ভাৰতৰ এজন প্ৰখ্যাত ক্ৰিকেটাৰ।
  • ২০১৪প্ৰাণ কুমাৰ শৰ্মা, ভাৰতৰ এজন কাৰ্টুননিষ্ট কমিক্‌ছ শিল্পী৷ চাচা চৌধৰী নামৰ বিখ্য়াত কমিক্‌ছ চৰিত্ৰটো তেঁও সৃষ্টি কৰিছিল।
  • ২০১৬মহিম বৰা, অসমীয় গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ।
  • ২০১৯টনি মৰিছন, আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ