অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৪ আগষ্ট

ঘটনাৱলী

  • ১৬৬৬নেডাৰলেণ্ড আৰু ইংলেণ্ডৰ মাজত চেইণ্ট জেমছ দে' সামুদ্ৰিক যুদ্ধ (দ্বিতীয় এংগলো-ডাছ যুদ্ধৰ অন্তৰ্গত) আৰম্ভ।
  • ১৭৫৩জৰ্জ ৱাশ্বিংটনে ৰাজমিস্ত্ৰীৰ ডিগ্ৰী (ইংঃ master mason) লাভ কৰে।
  • ১৯১৪জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা কৰে। আৰম্ভ হয় প্ৰথম বিশ্বযুদ্ধৰ।
  • ১৯৩৯ডিব্ৰুগড়ৰপৰা ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন সাপ্তাহিক ৰূপে প্ৰকাশিত হয়। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।
  • ১৯৪৪এন ফ্ৰাংকক জাৰ্মান সুৰক্ষা আৰক্ষীয়ে (ইংঃ German Security Police) গ্ৰেপ্তাৰ কৰে।
  • ১৯৫৬ট্ৰম্বেত ভাৰতৰ প্ৰথমটো নিউক্লীয় ৰিয়েক্টৰ ‘‘অপ্সৰা’’ কাৰ্যক্ষম কৰা হয়।
  • ১৯৬৫অসমীয়া দৈনিক বাতৰি কাকত ‘‘দৈনিক বাতৰি কাকত’’ প্ৰকাশিত হয়। এই কাকত সম্পাদনা কৰিছিল কীৰ্তিনাথ হাজৰিকাই।
  • ২০০২মানচেষ্টাৰত ১৭তম কমলৱেলথ খেল সমাপ্ত হয়।
  • ২০০৭আমেৰিকাৰ নাছাই ফ'নিক্স (ইংঃ Phoenix) মহাকাশযান মংগল গ্ৰহলৈ প্ৰেৰণ কৰে।
  • ২০২১২০২১ চনত জাপানৰ টকিঅ' অনুষ্ঠিত হোৱা ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈ পৰে।

জন্ম

  • ১৭৯২পাৰ্চী বিছি শ্বেলী বা শ্বেলী, ইংৰাজ ৰোমাণ্টিক কবি।
  • ১৮৫৯ন্যুট পেডাৰছন হামছুন, নৰৱেৰ ঔপন্যাসিক। ১৯২০ চনত হামছুনে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা। তেওঁৰ বিখ্যাত উপন্যাস হ’ল “হাংগাৰ”।
  • ১৯০০মহাৰাণী এলিজাবেথ, মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ মাতৃ। (মৃঃ ৩০ মাৰ্চ, ২০০২)
  • ১৯২৯কিশোৰ কুমাৰ গাঙ্গুলি, বিখ্যাত ভাৰতীয় বাঙালী গায়ক আৰু নায়ক।
  • ১৯৩২শশীকলা চাইগল, ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী।
  • ১৯৪৮জৰ্জিঅ' পাৰিচি, ইটালিয়ান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
  • ১৯৬১বাৰাক অ'বামা, আমেৰিকাৰ প্ৰথম কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি।
  • ১৯৭৫তৰালি শৰ্মা, অসমৰ কণ্ঠশিল্পী আৰু সংগীত পৰিচালিকা।

মৃত্যু

  • ১৮৭৫হানছ এণ্ডাৰছন, ডেনমাৰ্কৰ কবি আৰু আৰু ৰূপকথাকাৰ। তেওঁৰ সম্পূৰ্ণ নাম হানছ ক্ৰিষ্টিয়ান এণ্ডাৰছন।
  • ১৯৩১ডেনিয়েল ৱিলিয়ামছ, প্ৰথম মুক্তভাৱে হৃদযন্ত্ৰ অস্ত্ৰোপ্ৰচাৰ কৰা চিকিৎসক।
  • ১৯৩৭কাশী প্ৰসাদ জয়ছোৱাল, ভাৰতৰ প্ৰখ্যাত বুৰঞ্জীবিদ।
  • ১৯৪৮মিলেভা মেৰিক, পদাৰ্থবিজ্ঞানী, এলবাৰ্ট আইনষ্টাইনৰ প্ৰথম পত্নী আৰু সহকৰ্মী। (জঃ ১৮৭৫)
  • ১৯৬৯আনন্দিৰাম দাস, অসমৰ প্ৰসিদ্ধ গীতিকাৰ।
  • ২০২৫সত্যকৃষ্ণ মিশ্ৰ, প্ৰসিদ্ধ বেহেলাবাদক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ