ইতিহাসৰ আজিৰ দিনত
১৫ আগষ্ট
ঘটনাৱলী
- ১২৬১বাইজাণ্টিসকলৰ হাতত কনষ্টাণ্টিনোপলৰ পতন হয় আৰু অষ্টম মাইকেল বাইজাণ্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট হয়।
- ১৯১৪পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হয়।
- ১৯৪৭লৰ্ড মাউণ্ট বেটেনে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰে।
- ১৯৫০অসমত হোৱা প্ৰবল ভূমিকম্পৰ ফলত ১৩৫০ জন লোক মৃত্যুমুখত পৰে আৰু বিস্তৰ ক্ষতি হয়।
- ১৯৬৫ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা কৰা হয়।
- ১৯৭২ভাৰতত ডাক সূচাংক সংখ্যা প্ৰৱৰ্তন কৰা হয়।
- ১৯৭৫বাংলাদেশৰ সেনা বিষয়াৰ এটা দলে ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা কৰে।
- ১৯৮২ভাৰতত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হয়।
- ১৯৮৫সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক অসম চুক্তি সম্পাদন কৰা হয়।
- ১৯৮৬অসমীয়া দৈনিক বাতৰিকাকত আজিৰ অসম প্ৰকাশ আৰম্ভ হয়। প্ৰতিষ্ঠাপক সম্পাদক ৰাধিকামোহন ভাগৱতী।
- ১৯৯৬আন্দামানৰ ৰোজ আইলেণ্ডক ৰাণী লক্ষ্মীবাই নামেৰে নামকৰণ কৰা হয়।
- ২০০৪ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩ জনৰ মৃত্যু হয় আৰু অৰ্ধ শতাধিক লোক আহত হয়।
জন্ম
- ১৭৬৯নেপোলিয়ন বোনাপাৰ্ট, ফ্ৰান্সৰ সম্ৰাট।
- ১৮৭২শ্ৰী অৰবিন্দ, ভাৰতীয় দাৰ্শনিক, কবি আৰু সাংবাদিক।
- ১৯৩৮প্ৰাণ কুমাৰ শৰ্মা, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিকছ চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। ২০১৪ চনৰ ৬ আগষ্টত ৭৫ বছৰ বয়সত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।
- ১৯৪৭ৰাখী গুলজাৰ, পদ্মশ্ৰী, হিন্দী আৰু বাংলা কথাছবিৰ অভিনেত্ৰী।
- ১৯৫১ইন্দ্ৰাণী বসু, ভাৰতীয় পদাৰ্থবিজ্ঞানী, কলকাতাৰ বসু ইনষ্টিটিউটৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক।
- ১৯৬১সুহাসিনী মণিৰত্নম, তেলুগু, মালয়ালম, তামিল আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৬৪মেলিণ্ডা গেট্ছ, আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক।
- ১৯৭১আদনান্ চামী, বলীউডৰ গায়ক।
মৃত্যু
- ১০৫৭মেকবেথ, স্কটলেণ্ডৰ ৰজা। সেক্সপিয়েৰৰ নাটক মেকবেথৰ মূল চৰিত্ৰটো তেখেতৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল।
- ১৮৫২জ'হান গেড'লিন, ফিনলেণ্ডৰ ৰসায়ন বিজ্ঞানী।
- ১৯৪২মহাদেৱ দেশাই, ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক।
- ১৯৭৫শ্বেখ মজিবুৰ ৰহমান, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ২০০০টি. এ. সৰস্বতী আম্মা, ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ