ইতিহাসৰ আজিৰ দিনত
১৪ আগষ্ট
ঘটনাৱলী
- ১৮৩২লাপছি চুক্তি অনুসৰি বৰ অসমৰ ডিমাছা-কছাৰী ৰাজ্যৰ দক্ষিণ অংশ ব্ৰিটিছৰ শাসনৰ অধীনলৈ যায়।
- ১৮৬২বোম্বাই উচ্চ ন্যায়ালয় মুকলি হয়।
- ১৮৯৩পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ প্লেট লগোৱাৰ ৰীতি আৰম্ভ হয়।
- ১৯৪১চাৰ্চিল আৰু ৰুজভেল্টৰ দ্বাৰা ‘‘আটলান্তিক চুক্তি’’ স্বাক্ষৰিত হৈছিল।
- ১৯৪৫মিত্ৰশক্তিৰ ওচৰত জাপানে আত্মসমৰ্পণ কৰে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ অৱসান ঘটে।
- ১৯৪৭ভাৰত বিভাজনৰ প্ৰস্তাৱ গৃহীত হয় আৰু স্বতন্ত্ৰ ৰাষ্ট্ৰৰূপে পাকিস্তানৰ জন্ম হয়। সেয়ে এই দিনটো পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
- ১৯৫৬কেৰালাৰ মালয়ালম ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজি প্ৰকাশ কৰা আৰু শ্ৰেষ্ঠ গ্ৰন্থাকাৰলৈ বঁটা প্ৰদান কৰা, ভাষা-সাহিত্যৰ গৱেষণাৰ বাবে উৎসাহ প্ৰদানৰ উদ্দেশ্যে কেৰালা সাহিত্য গঠন হয়।
- ১৯৮৮মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হয়।
- ১৯৮৯ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে অৱস্থিত অসমৰ ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।
জন্ম
- ১৭৭৭হান্স খ্ৰীষ্টিয়ান অৰ্ষ্টেড, এলুমিনিয়াম আৰু বিদ্যুত চুম্বকত্বৰ আৱিষ্কাৰক।
- ১৯২৩কুলদীপ নায়াৰ, যশস্বী সাংবাদিক।
- ১৯৪১টি ভি ৰামকৃষ্ণন (চমুকৈ- টি. ভি.ৰামকৃষ্ণন), ভাৰতীয় তাত্ত্বিক পদাৰ্থবিদ, বৰ্তমান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰৰ বিশিষ্ট অধ্যাপক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ডি এ' ই হোমী ভাবাৰ অধ্যাপক।
- ১৯৫৭জনী লীভাৰ,বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা।
- ১৯৬১মনীষ বহল, বলীউডৰ প্ৰখ্যাত খলনায়ক আৰু চৰিত্ৰভিনেতা।
- ১৯৬৬হেলি বেৰী, হলীউডৰ অস্কাৰ বিজয়ী অভিনেত্ৰী।
- ১৯৮১ক'ফি কিংষ্ট'ন, ডব্লিউ ডব্লিউ ইৰ মল্লযুজাৰু।
মৃত্যু
- ১০৪০ডাংকান-প্ৰথম, স্কটলেণ্ডৰ ৰজা, যুদ্ধত মৃত্য়ু হৈছিল।
- ১৯৫৬বাৰ্টোল্ড ব্লেখট, প্ৰসিদ্ধ জাৰ্মান নাট্যকাৰ।
- ১৯৫৮ফ্ৰেডৰিক জ'লিয়ট কিউৰী, কৃত্ৰিম তেজষ্ক্ৰীয়তাৰ আৱিষ্কাৰক, নোবেল বিজয়ী পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী।
- ১৯৮৮এনজ' ফেৰাৰী, ফেৰাৰী গাড়ী কোম্পানীৰ প্ৰতিষ্ঠাপক।
- ২০১১শাম্মী কাপুৰ, ভাৰতীয় চলচ্চিত্ৰ জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক আছিল।
- ২০১২বিলাসৰাও দেশমুখ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ