ইতিহাসৰ আজিৰ দিনত
১২ জুলাই
ঘটনাৱলী
- ১৮২৩ভাৰতত নিৰ্মিত প্ৰথমখন বাষ্পচালিত জাহাজ ডায়েনাই কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে।
- ১৯৭৯গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰবিটিয়ে স্বাধীনতা লাভ কৰে।
- ১৯৮০SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
- ১৯৯১ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী বল্লভভাই পেটেলক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান দিয়া হয়।
- ২০০২ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাৰ্দী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।
- ২০০৪অসমৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
- ২০০৫সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলক আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।
- ২০১৫ছানিয়া মিৰ্জাই মাৰ্টিনা হিংগিছৰ সৈতে মহিলাৰ দ্বৈত শাখাৰ ৱিম্বিলডন খিতাপ দখল কৰি ৱিম্বিলডন বিজয়ী হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।
জন্ম
- ১৮৫৪জৰ্জ ইষ্টমেন, ফট’গ্ৰাফিৰ ৰোল ফ্লিমৰ আৱিষ্কাৰক। তেখেতৰ আমেৰিকাত জন্ম হৈছিল।
- ১৮৬৩এলৰ্বাট কামেটে, যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক। তেখেতে ফ্ৰান্সত জন্ম লাভ কৰিছিল।
- ১৯০১মুখতাৰ বেগম, পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী।
- ১৯০৪নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট' (পাবলো নেৰুদা), ১৯৭১ চনৰ সাহিত্যৰ ন'বেল বিজয়ী, চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা।
- ১৯৫৪সুলক্ষণা পণ্ডিত, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৫৬গ্ৰেগ লিয়নাৰ্ড চেমেনজা, আমেৰিকান চিকিৎসক।
- ১৯৭৭ব্ৰ'ক লেছনাৰ, ইউ এফ চি (ইংঃ UFC) আৰু ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) পেছাদাৰী মল্লযুজাৰু।
- ১৯৮২অচন্ত শৰৎ কমল, ভাৰতীয় পেছাদাৰী টেবুল টেনিছ খেলুৱৈ।
- ১৯৯১জেমছ ৰ'ড্ৰিগুয়েজ, কলম্বিয়াৰ ফুটবল খেলুৱৈ।
- ১৯৯৭মালালা ইউছুফজাই, পাকিস্তানৰ মহিলা শিক্ষাৰ সমাজকৰ্মী আৰু আটাইতকৈ কম বয়সীয়া শান্তিৰ ন'বেল বঁটা বিজয়াী (২০১৪)।
মৃত্যু
- ১৮৯৩কৰুণাভিৰাম বৰুৱা, অসমৰ প্ৰথম শিশু আলোচনী 'ল'ৰাবন্ধু'ৰ প্ৰতিষ্ঠাপক সম্পাদক।
- ১৯৯৯ৰাজেন্দ্ৰ কুমাৰ, হিন্দী চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ