অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৯ নৱেম্বৰ

ঘটনাৱলী

  • ১৮৭৭থমাছ আলভা এডিচন এ প্ৰথমবাৰৰ বাবে তেওঁৰ ফোনোগ্ৰাফ প্ৰদৰ্শন কৰে
  • ১৯১৭জাৰ্মানীৰ লগত ৰাছিয়াৰ শান্তি আলোচনা আৰম্ভ হয় আৰু আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক আৰম্ভ হয়।
  • ১৯৪৫যুগোশ্লভিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়।
  • ১৯৬১আমেৰিকান মহাকাশ যানেৰে চিম্পাজী এনোছৰ পৃথিৱীৰ চৌপাশে দুবাৰ প্ৰদক্ষিণ কৰে। মহাকাশ বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
  • ১৯৮৮বাংলাদেশত হোৱা প্ৰচণ্ড ঘূৰ্ণিত বতাহত বহুতো লোক নিহত হোৱাৰ লগতে বহুতৰে ঘৰ-দুৱাৰ ধ্বংস হয়।
  • ১৯৮৯প্ৰধান মন্ত্ৰী পদৰ পৰা ৰাজীৱ গান্ধীয়ে পদত্যাগ কৰে।
  • ১৯৯০ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হয়।
  • ২০১৮ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৱে একেলগে এটা উৎক্ষেপণেৰে মহাকাশত ৩১টা উপগ্ৰহ স্থাপন কৰি অভিলেখ গঢ়ে। সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ৯.৫৮ বজাত পি এছ এল ভি ৰকেটৰে(পি এছ এল ভি-চি ৪৩) এই অভিযান সম্পন্ন কৰা হয়।
  • ২০২১যোৰহাট(অসম)ৰ মাজমজিয়াত ৫০-৬০ জনীয়া এদল উন্মুক্তলোকে খেদি খেদি মৰিয়াই আছু নেতা অনিমেষ ভূঞাক হত্যা কৰে। সমগ্ৰ অসমজুৰি আছুৰ ব্যাপক প্ৰতিবাদ।
  • ২০২১আজিৰ দিনটোতে ২৮ ফেব্ৰুৱাৰী ২০২১ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা যোৰহাট-মাজুলী সংযোগী দলংৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জন্ম

  • ১৯৩২ৰেণুকা দেৱী বৰকটকী, ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ১৯৭৭ চনত মোৰাৰজী দেশাই চৰকাৰত শিক্ষা, সমাজ কল্যাণ, সংস্কৃতি আৰু যুৱ আৰু মহিলা কল্যাণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিযুক্ত হৈছিল। তেওঁ ১৯৮৩ চনৰ পৰা ইণ্ডিয়ান ৰেডক্ৰছ চছাইটিৰ (আইআৰচিএছ) গুৱাহাটী শাখাৰ সম্পাদক আৰু ১৯৯৬ চনৰ পৰা ইণ্ডিয়ান ৰেডক্ৰছ চছাইটি, অসম শাখাৰ অধ্যক্ষ আছিল। তেওঁক ২০০৩ চনত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ (অ'এনজিচি) প্ৰথম আৰু একমাত্ৰ মহিলা নৱৰত্ন সঞ্চালক হিচাপেও মনোনীত কৰা হৈছিল। মৃত্যু ১৪ আগষ্ট, ২০১৭।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ