ইতিহাসৰ আজিৰ দিনত
২৫ নৱেম্বৰ
ঘটনাৱলী
- ১৮৬৬এলাহাবাদ উচ্চ ন্যায়ালয় মুকলি কৰা হয়। উল্লেখ্য যে ১৮৬৬ চনৰপৰা ১৮৬৮ চনলৈকে এই ন্যায়ালয়ৰ কাম-কাজ চলিছিল আগ্ৰাত আৰু ১৮৬৯ চনত ইয়াক এলাহাবাদলৈ স্থানান্তৰ কৰা হয়।
- ১৯৭৫ছুৰিনামৰ আৰু পাপুৱা নিউগিনিয়ে স্বাধীনতা লাভ কৰে।
- ১৯৮৭ভাৰতীয় অভিযাত্ৰী দলৰ সদস্য ৰূপে ৰাঘৱ চন্দ্ৰ ডেকাই এণ্টাৰ্কটিকালৈ যাত্ৰা আৰম্ভ কৰে। তেওঁ এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম অসমীয়া।
- ১৯৯৯বৰ্ষীয়ান গান্ধীবাদী নেতা, সমাজকৰ্মী বাবা আমাতেলৈ ১৯৯৯ চনৰ গান্ধী শান্তি বঁটা ঘোষণা কৰা হয়।
- ২০১৮অসমৰ শৰীৰচৰ্চাবিদ গোলাপ ৰাভাই মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰে। থাইলেণ্ডৰ পটায়া চহৰত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গোলাপ ৰাভাই ৮০ কেজিত আৰু অভাৰলত প্ৰঃ মিষ্টাৰ এছিয়া-২০১৮ পদক অৰ্জন কৰি মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ দখলত কৰে।
- ২০২২২০১৯,২০২০ আৰু ২০২১ বৰ্ষৰ বাবে দেশৰ ভিন্ন ক্ষেত্ৰৰ ৩১৬গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমী বঁটা আগবঢ়োৱা হয়। অসমৰ ১৫ গৰাকী শিল্পীয়ে বিভিন্ন শাখাত এই বঁটা লাভ কৰিছে।
জন্ম
- ১৯২৯সুৰিন্দৰ কৌৰ, ভাৰতীয় কণ্ঠশিল্পী তথা গীতিকাৰ।
- ১৯৩০লীলা গগৈ, অসমীয়া ঔপন্যাসিক, বুৰঞ্জীবিদ। শিৱসাগৰৰ হাতীমূৰীয়া গাঁৱৰ চেৰেকাপাৰাত তেখেতৰ জন্ম হয়।
- ১৯৬৬ৰূপা গাংগুলী, ভাৰতীয় অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু ৰাজনৈতিক নেতা।
- ১৯৭২দীপা মধুৰ মাৰাঠে, প্ৰাক্তন ভাৰতীয় মহিলা ক্ৰিকেটাৰ। তেওঁ ১৯৯৭ ৰ পৰা ২০০৫ চনৰ ভিতৰত ভাৰতৰ হৈ ৫খন টেষ্ট মেচ আৰু ৫৯খন এদিনীয়া আন্তৰ্জাতিক খেলত অৱতীৰ্ণ হৈছিল।
- ১৯৮২ঝুলন গোস্বামী, প্ৰাক্তন ভাৰতীয় মহিলা ক্ৰিকেটাৰ। তেওঁ সৰ্বকালৰ দ্ৰুততম (মহিলা) বলাৰসকলৰ ভিতৰত এগৰাকী। ২০২২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পূৰ্বে তেওঁ ২০৪খন এদিনীয়া খেল খেলি ২৫৫টা উইকেট দখল কৰে আৰু মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক সংখ্যক উইকেট দখল কৰাৰ অভিলেখ গঢ়ি তোলে।
মৃত্যু
- ১৯৭৪ইউ থাণ্ট, ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান।
- ১৯৮৪যশৱন্তৰাও বলৱন্তৰাও চৱন, ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বোম্বাই ৰাজ্যৰ অন্তিম মুখ্যমন্ত্ৰী আৰু তাৰ পিছত বোম্বাই ৰাজ্যৰ বিভাগৰ দ্বাৰা সৃষ্টি হোৱা মহাৰাষ্ট্ৰৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৭৯ চনত চৰণ সিং চৰকাৰত কম সময়ৰ বাবে ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী(পঞ্চম) পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১২ মাৰ্চ, ১৯১৩ চনত জন্মগ্ৰহণ কৰে।
- ২০১৪চিতাৰা দেৱী, বিখ্যাত ভাৰতীয় নৃত্য পটীয়সী।
- ২০১৬ফিডেল কাষ্ট্ৰ', কিউবান ৰাজনীতিবিদ আৰু বিপ্লৱী।
- ২০১৮বিদ্যা পাতৰ মিথি, তিৱা ভাষা-সংস্কৃতিৰ একান্ত সাধক। "তিৱা ভাষাৰ ব্যাকৰণ" আদিকে ধৰি কেইবাখনো গ্ৰন্থ, তিৱা আৰু অসমীয়া ভাষাত বহু গীত আৰু নাটক ৰচনা কৰা মিথিয়ে "তিৱা ভাষা চৰ্চা কেন্দ্ৰ" প্ৰতিষ্ঠা কৰি তিৱা সমাজৰ লগতে সকলো লোককে তিৱা ভাষাৰ জ্ঞান বিলাবলৈ প্ৰচেষ্টা চলাইছিল।
- ২০২০ডিয়েগ' আৰ্মান্দা মাৰাড'না, আৰ্জেণ্টিনাৰ পেছাদাৰী ফুটবল খেলুৱৈ। ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত, তেওঁ ফিফাৰ বিংশ শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা বিজয়ী দুজনৰ ভিতৰত এজন আছিল। তেওঁৰ জন্ম হয় ৩০ অক্টোবৰ, ১৯৬০ চনত।
- ২০২০আহমেদ পেটেল, জ্যেষ্ঠ কংগ্ৰেছ নেতা। ক'ৰনাত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়। আহমদ পেটেল হৈছে গুজৰাটৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী মুছলিম ধৰ্মাৱলম্বী লোক।
- ২০২১সনন্ত তাঁতি, অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী কবি। তেওঁ ২০১৭ চনত মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা বঁটা আৰু ২০১৮ চনত "কাইলৈৰ দিনটো আমাৰ হ'ব" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰিও তেওঁৰ জীৱনকালত বহুতো বঁটা আৰু সন্মান লাভ কৰা সনন্ত তাঁতীয়ে ১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জৰ কালীবাৰী চাহ বাগিচাৰ এটি উড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ