অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতৰ নাৰী

ইতিহাসৰ বিভিন্ন সময়ত ভাৰতীয় সমাজত মহিলাৰ স্থানৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। প্ৰাচীন ভাৰতত, বিশেষকৈ ইন্দো-আৰ্যভাষী অঞ্চলসমূহত সমাজত নাৰীৰ স্থানৰ উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছিল।"}}

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৮৯২ শব্দ · ৫ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইতিহাসৰ বিভিন্ন সময়ত ভাৰতীয় সমাজত মহিলাৰ স্থানৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে।১ প্ৰাচীন ভাৰতত, বিশেষকৈ ইন্দো-আৰ্যভাষী অঞ্চলসমূহত সমাজত নাৰীৰ স্থানৰ উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছিল।২"}}২৩৪ ৫২৩ সেই সময়ৰ পৰা প্ৰাক আধুনিক যুগলৈকে ভাৰতৰ মহিলাসকল অৱদমিত হৈ আহিছিল।

ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী (১৭৫৭-১৮৫৭) আৰু ব্ৰিটিছ ৰাজৰ (১৮৫৮-১৯৪৭) শাসনকালত মহিলাৰ স্থানক প্ৰভাৱিত কৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ভাৰতীয় সংস্কাৰকাৰী আৰু ঔপনিবেশিক কৰ্তৃপক্ষৰ দ্বাৰা আৰম্ভ কৰা সংস্কাৰসমূহৰ অন্তৰ্ভুক্ত আছিল — বেংগল সতী নিয়ম, ১৮২৯; হিন্দু বিধবা পুনৰ্বিবাহ আইন, ১৮৫৬; মহিলা শিশুহত্যা প্ৰতিৰোধ আইন, ১৮৭০; আৰু সম্মতিৰ বয়স আইন, ১৮৯১। ভাৰতৰ সংবিধানে লৈঙ্গিক বৈষম্য নিষিদ্ধ কৰিছে আৰু মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক ক্ষমতা প্ৰদান কৰিছে।৬

ভাৰতৰ সংবিধানে মহিলাসকলক দিয়া অধিকাৰসমূহৰ মূল কথা হৈছে সমানাধিকাৰ, মান-মৰ্যাদা, আৰু বৈষম্যৰ পৰা মুক্তি। ইয়াৰ উপৰিও ভাৰতত মহিলাসকলৰ অধিকাৰ সাব্যস্ত কৰিবলৈ বিভিন্ন আইনী বিধান আছে।৭৮ ভাৰত চৰকাৰৰ বিভিন্ন শীৰ্ষ পদত বহু মহিলাই কৰ্তব্য পালন কৰিছে। ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষৰ পদতো মহিলা অধিষ্ঠিত হৈ আহিছে। তথাপি বহুতো ভাৰতীয় মহিলাই এতিয়াও কিছুমান গুৰুতৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ভাৰতত কিশোৰী আৰু গৰ্ভৱতী তথা স্তন্যদানকাৰী মহিলাসকলৰ মাজত অপুষ্টিৰ হাৰ যথেষ্ট উচ্চ, যাৰ প্ৰভাৱ শিশুসমূহৰ স্বাস্থ্যত পৰে।৯ ভাৰতত মহিলাসকলৰ ওপৰত হিংসা, বিশেষকৈ যৌন হিংসা, এটা গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়।১০

ব্ৰিটিছৰ শাসনকালত ভাৰতীয় নাৰী

ব্ৰিটিছ ৰাজৰ সময়ছোৱাত ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু জ্যোতিৰাও ফুলেৰ দৰে বহুতো সংস্কাৰকে মহিলাসকলৰ উন্নতিৰ বাবে সংগ্ৰাম কৰিছিল। কলকাতাৰ হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰ আৰু "ইয়ং বেংগল"ৰ সদস্য পেয়াৰী চৰণ চৰকাৰে ১৮৪৭ চনত কলকাতাৰ উপকণ্ঠ বৰাসতত ভাৰতৰ প্ৰথম বিনামূলীয়া ছাত্ৰী বিদ্যালয় স্থাপন কৰে (পাছত যাৰ নাম কলিকৃষ্ণ গাৰ্লছ হাই স্কুল ৰখা হৈছিল)। মাৰ্থা মল্ট মীড আৰু তেওঁৰ জীয়ৰী এলিজা কেলডৱেল মল্টৰ দৰে মিছনাৰীৰ পত্নীসকল দক্ষিণ ভাৰতত ছাত্ৰীৰ শিক্ষাৰ পথ প্ৰশস্ত কৰাৰ বাবে জনাজাত।

ৰাজা ৰামমোহন ৰায়ৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ১৮২৯ চনত গৱৰ্ণৰ জেনেৰেল উইলিয়াম কেভেণ্ডিছ-বেণ্টিঙ্কৰ অধীনত সতী প্ৰথাৰ বিলোপ ঘটে। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে বিধবা পুনৰ্বিবাহৰ বাবে কৰা সংঘৰ্ষই ১৮৫৬ চনতবিধবা পুনৰ্বিবাহ আইনৰ পথ মুকলি কৰিছিল।পণ্ডিতা ৰামাবাইৰ দৰে বহুতো মহিলা সংস্কাৰকাৰীয়েও মহিলাসকলৰ হকে কাম কৰিছিল।

কৰ্ণাটকৰ কিত্তুৰ ৰাণী চেন্নাম্মাই "স্বত্ববিলোপ নীতি"ৰ প্ৰতিক্ৰিয়াত ব্ৰিটিছৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰি বিদ্ৰোহৰ নেতৃত্ব দিছিল।১১ ঝাঁসীৰ ৰাণী লক্ষ্মীবাইয়ে ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল।অৱধৰ সহ-শাসক বেগম হাজৰত মহলএ ১৮৫৭ চনৰ বিদ্ৰোহত নেতৃত্ব দিছিল। তেওঁ ব্ৰিটিছৰ সৈতে চুক্তি কৰিবলৈ অস্বীকাৰ কৰি পাছত নেপাললৈ আঁতৰি যায়। ভূপালৰ বেগমসকলকো এই সময়ৰ উল্লেখযোগ্য মহিলা শাসক হিচাপে ধৰা হয়। তেওঁলোকে মাৰ্ছিয়েল আৰ্টৰ প্ৰশিক্ষণ লাভ কৰিছিল।চন্দ্ৰমুখী বসু, কাদম্বিনী গাংগুলী আৰু আনন্দী গোপাল যোশী ভাৰতৰ প্ৰথম ডিগ্ৰীধাৰী মহিলাসকলৰ ভিতৰত অন্যতম আছিল।

১৯১৭ চনত প্ৰথম মহিলা প্ৰতিনিধিদলে ৰাজনৈতিক অধিকাৰৰ দাবীত ছেক্ৰেটাৰী অফ ষ্টেটৰ সৈতে সাক্ষাৎ কৰিছিল আৰু ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে এই দাবীক সমৰ্থন কৰিছিল। ১৯২৭ চনত পুনেত অনুষ্ঠিত হোৱা "অল ইণ্ডিয়া উইমেনছ এডুকেচন কনফাৰেঞ্চ" সমাজ পৰিৱৰ্তনৰ আন্দোলনত এটা গুৰুত্বপূৰ্ণ সংগঠনত পৰিণত হৈছিল।১২১৩ ১৯২৯ চনত বাল্য বিবাহ প্ৰতিৰোধ আইন গৃহীত হৈছিল, য'ত ছোৱালীৰ বিয়াৰ নিম্নতম বয়স চৈধ্য বছৰ কৰা হৈছিল।১২ মহাত্মা গান্ধীয়ে, যি নিজেও তেৰ বছৰ বয়সত বাল্য বিবাহৰ চিকাৰ হৈছিল,পিছত বাল্য বিবাহ বৰ্জন কৰিবলৈ মানুহক আহ্বান জনাইছিল আৰু তৰুণসকলক বাল্য বিধবাৰ সৈতে বিবাহ কৰিবলৈ অনুৰোধ কৰিছিল।

স্বাধীন ভাৰতত ভাৰতীয় নাৰী

প্ৰতি ৰাজ্যত নাৰীৰ সুৰক্ষা সূচক, টাটা ষ্ট্ৰেটেজিক মেনেজমেণ্ট গ্ৰুপৰ মতে। পাতল সেউজীয়াই সৰ্বাধিক সুৰক্ষা, হালধীয়াই মধ্যমীয়া সুৰক্ষা আৰু পাতল ৰঙাই নিম্ন সুৰক্ষা সূচাইছে।
প্ৰতি ৰাজ্যত নাৰীৰ সুৰক্ষা সূচক, টাটা ষ্ট্ৰেটেজিক মেনেজমেণ্ট গ্ৰুপৰ মতে। পাতল সেউজীয়াই সৰ্বাধিক সুৰক্ষা, হালধীয়াই মধ্যমীয়া সুৰক্ষা আৰু পাতল ৰঙাই নিম্ন সুৰক্ষা সূচাইছে।ছবি: Genetics4good · CC BY-SA 3.0

ভাৰতীয় মহিলাসকলে শিক্ষা, খেলাধূলা, ৰাজনীতি আৰু গণমাধ্যম আদিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিছে, যদিও কিছুমান সমস্যা এতিয়াও অব্যাহত আছে। ইন্দিৰা গান্ধীয়ে চৈধ্য বছৰৰ অধিক কাল ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি বিশ্বৰ দীৰ্ঘতম সময়জুৰি সেৱা দিয়া মহিলা প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হৈছিল।১৪

ভাৰতীয় সংবিধানে সকলো ভাৰতীয় মহিলাক সমানাধিকাৰ (অনুচ্ছেদ ১৪),১৫ ৰাষ্ট্ৰৰ দ্বাৰা বৈষম্য বৰ্জন (অনুচ্ছেদ ১৫(১)),১৬ সুযোগৰ সমতাসহ (অনুচ্ছেদ ১৬),১৫ সমান কামৰ বাবে সমান মজুৰি (অনুচ্ছেদ ৩৯(ডি)) আৰু মানবীয় কামৰ পৰিবেশ আৰু মাতৃত্বকালীন সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ (অনুচ্ছেদ ৪২)১৭১৫ৰ নিশ্চয়তা দিয়ে। তদুপৰি, মহিলা আৰু শিশুসকলৰ বাবে ৰাষ্ট্ৰৰ দ্বাৰা বিশেষ ব্যৱস্থা গ্ৰহণৰ অনুমতি (অনুচ্ছেদ ১৫(৩)), মহিলাৰ মৰ্যাদালঙ্ঘী প্ৰথাসমূহৰ বৰ্জন (অনুচ্ছেদ ৫১(এ)(ই))ৰো সংবিধানে উল্লেখ কৰিছে।১৮

ভাৰতত নাৰীবাদী আন্দোলনে ১৯৭০ৰ দশকৰ শেষৰ পৰা গতি লাভ কৰে। মথুৰা ধৰ্ষণ কাণ্ড আছিল প্ৰথম ৰাষ্ট্ৰীয় সমস্যা, যি মহিলাৰ সংগঠনসমূহক একত্ৰিত কৰিছিল। মথুৰা নামৰ এগৰাকী যুৱতীক আৰক্ষী থানাত ধৰ্ষণ কৰা আৰক্ষী কৰ্মচাৰীক খালাছ দিয়া ঘটনাই দেশজুৰি প্ৰতিবাদৰ জন্ম দিয়ে (১৯৭৯-১৯৮০)। এই প্ৰতিবাদৰ ফলত ভাৰতীয় সাক্ষ্য আইন, দণ্ড প্ৰক্ৰিয়া বিধি আৰু ভাৰতীয় দণ্ড বিধি সংশোধন কৰা হয় আৰু নতুন অপৰাধ — জিম্মাকালীন ধৰ্ষণৰ ধাৰা সৃষ্টি কৰা হয়।১৮

ভাৰতত মদ্যপানৰ সৈতে মহিলাৰ ওপৰত হিংসাৰ সংযোগ থকা পৰিলক্ষিত হৈছে,১৯ ইয়াৰ ফলত অন্ধ্ৰপ্ৰদেশ, হিমাচলপ্ৰদেশ, হাৰিয়ানা, ওড়িশা, মধ্য প্ৰদেশ আৰু আন ৰাজ্যত মহিলা সংগঠনে বিৰোধী আন্দোলন আৰম্ভ কৰিছিল।১৮ ভাৰতৰ বহুতো মুছলমান মহিলাই শ্বৰিয়াত আইনৰ অধীনত মহিলাৰ অধিকাৰক লৈ ধৰ্মীয় নেতাসকলৰ ব্যাখ্যাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে আৰু তিনি তালাক ব্যৱস্থাৰ সমালোচনা কৰিছে।১২

১৯৮৬ চনত মেৰী ৰয়ে কেৰেলাৰ ছিৰিয়ান খ্ৰীষ্টান সম্প্ৰদায়ৰ উত্তৰাধিকাৰ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এটা মোকদ্দমা জিকি সমান অধিকাৰৰ নিশ্চয়তা লাভ কৰে।২০২১ ইয়াৰ পূৰ্বে এই সম্প্ৰদায়ে ত্ৰাভাঙ্কোৰ উত্তৰাধিকাৰ আইন (১৯১৬) আৰু কোচিন উত্তৰাধিকাৰ আইন (১৯২১) অনুসৰণ কৰিছিল। আন আন ঠাইত একেই সম্প্ৰদায়ে ভাৰতীয় উত্তৰাধিকাৰ আইন (১৯২৫) অনুসৰণ কৰিছিল।২২

১৯৯০ৰ দশকত বিদেশী দাতা সংস্থাৰ অনুদানেৰে মহিলা-কেন্দ্ৰিক অনা-চৰকাৰী সংগঠন (এনজিঅ') গঢ়ি তোলা সম্ভৱ হৈ উঠে। আত্ম সহায়ক গোট আৰু এনজিঅ' যেনে স্ব- নিয়োজিত মহিলা সংস্থা(Self Employed Women's Association )-ই ভাৰতত মহিলাৰ অধিকাৰৰ উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বহুতো মহিলা স্থানীয় আন্দোলনৰ নেতা হিচাপে স্বীকৃত হৈছে; উদাহৰণস্বৰূপে, নৰ্মদা বচাও আন্দোলনৰ মেধা পাটকৰ।

১৯৯১ চনত কেৰালা উচ্চ ন্যায়ালয়ে ১০ বছৰৰ ওপৰত আৰু ৫০ বছৰৰ তলত থকা মহিলাসকলক ঋতুস্ৰাৱৰ বয়সৰ বাবে শ্বাবৰিমালা মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিছিল। যদিও ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে মহিলাৰ প্ৰৱেশৰ নিষেধাজ্ঞা উঠাই দিয়ে। উচ্চতম ন্যায়ালয়ে কয় যে ধৰ্মীয় কাৰণতো মহিলাৰ ওপৰত কোনো বৈষম্য সংবিধানবিৰোধী।২৩২৪

২০০১ চনক চৰকাৰে মহিলা ক্ষমতায়নৰ বৰ্ষ হিচাপে ঘোষণা কৰে।১২ সেই একে বছৰতে মহিলা ক্ষমতায়নৰ ৰাষ্ট্ৰীয় নীতি গৃহীত হয়।২৫

২০০৬ চনত ইম্ৰানা নামৰ ধৰ্ষণৰ বলি হোৱা এগৰাকী মুছলমান মহিলাৰ কথা সংবাদ মাধ্যমত আলোচিত হয়। ইম্ৰানাক তেওঁৰ শহুৰেকে ধৰ্ষণ কৰিছিল। মুছলমান ধৰ্মীয় নেতাসকলে ইম্ৰানাক তেওঁৰ শহুৰেকৰ সৈতে বিবাহৰ নিৰ্দেশ দিয়া ঘোষণাই প্ৰচণ্ড প্ৰতিবাদৰ সৃষ্টি কৰে। অৱশেষত ইম্ৰানাৰ শহুৰেকক ১০ বছৰৰ কাৰাদণ্ড দিয়া হয়। এই ৰায়ক মহিলা সংগঠনসমূহ আৰু অল ইণ্ডিয়া মুছলমান ব্যক্তিগত আইন ব'ৰ্ডে আদৰণি জনাইছিল।২৬

২০১১ চনত থমছন ৰয়টাৰ্ছ ফাউণ্ডেশ্যনে কৰা এক জনমত সমীক্ষাত ভাৰতক মহিলাৰ বাবে বিশ্বৰ "চতুৰ্থ আটাইতকৈ বিপদজনক দেশ" হিচাপে চিহ্নিত কৰা হৈছিল।২৭২৮ ভাৰতক জি২০ ৰাষ্ট্ৰসমূহৰ মাজত মহিলাৰ বাবে আটাইতকৈ অধম দেশ হিচাপেও জনা গৈছিল।২৯ অৱশ্যে এই প্ৰতিবেদনক ভুল ধাৰণাৰ প্ৰসাৰ হিচাপে সমালোচনা কৰা হৈছিল।৩০ ২০১০ চনৰ ৯ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ পিছদিনা ৰাজ্যসভাই মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰে, যিয়ে ভাৰতৰ সংসদ আৰু ৰাজ্যিক আইনসভাসমূহত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ বিধান কৰে।১ ২০১৭ চনৰ অক্টোবৰ মাহত থমছন ৰয়টাৰ্ছ ফাউণ্ডেশ্যনে কৰা আন এক সমীক্ষাই দিল্লীক বিশ্বৰ চতুৰ্থ আটাইতকৈ বিপদজনক মহানগৰ হিচাপে চিহ্নিত কৰে। এই সমীক্ষাত যৌন হিংসা, ধৰ্ষণ আৰু হায়ৰানিৰ ক্ষেত্ৰত দিল্লীক আটাইতকৈ অধম মহানগৰ বুলি গণ্য কৰা হৈছিল।৩১

২০১৩ চনৰ মহিলাৰ কৰ্মস্থলত যৌন নিপীড়ন(প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইনখন কৰ্মস্থলত মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰণীত হয়। এই আইন ২০১৩ চনৰ ৯ ডিচেম্বৰত বলৱৎ হয়। দণ্ড আইন সংশোধনী ২০১৩ ই ভাৰতীয় দণ্ড বিধিত পৰিবৰ্তন আনে আৰু ধাৰা ৩৫৪এ-ৰ অধীনত যৌন হাৰাশাস্তিক স্পষ্ট অপৰাধ হিচাপে গণ্য কৰে। ই এটি বিশেষ অপৰাধ হিচাপে এচিড আক্ৰমণকো অন্তৰ্ভুক্ত কৰে, যাৰ শাস্তি কমেও ১০ বছৰৰ কাৰাবাস আৰু সৰ্বাধিক যাবজ্জীৱন কাৰাবাস হ'ব পাৰে।৩২

২০১৪ চনত মুম্বাইৰ পৰিয়াল ন্যায়ালয়ে ৰায় দিয়ে যে পত্নীয়ে কুৰ্তা আৰু জিন্স পিন্ধাৰ বিৰোধিতা কৰি তেওঁক শাৰী পিন্ধাৰ নিৰ্দেশ দিয়াটো স্বামীৰ দ্বাৰা হোৱা নিষ্ঠুৰতা আৰু ই বিচ্ছেদৰ বাবে এটা ন্যায্য ভিত্তি।৩৩

২০১৭ চনৰ ২২ আগষ্টত ভাৰতীয় উচ্চতম ন্যায়ালয়ে তৎক্ষণাৎ তিনি তালাকক (তালাক-এ-বিদ্দাত) সংবিধানবিৰোধী বুলি ঘোষণা কৰে।৩৪৩৫

২০১৮ চনৰ থমছন ৰয়টাৰ্ছ ফাউণ্ডেশ্যনে কৰা এক সমীক্ষাত ভাৰতক মহিলাৰ বাবে বিশ্বৰ আটাইতকৈ বিপদজনক দেশ হিচাপে আখ্যা দিছিল।৩৬ৰাষ্ট্ৰীয় মহিলা আয়োগ৩৭ আৰু ডেভেলপিং চ'চাইটিছৰ অধ্যয়ন কেন্দ্ৰই৩৮ এই সমীক্ষাৰ পদ্ধতি আৰু স্বচ্ছতাৰ অভাৱক লৈ সমালোচনা কৰিছিল।৩৯

২০১৮ চনত উচ্চতম ন্যায়ালয়ে পতিৰ অনুমতিৰ অবিহনে বিবাহিত মহিলাৰ সৈতে যৌন সম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰা আইনক বাতিল কৰে।৪০

২০১৮ চনৰ নবেম্বৰ মাহৰ পূৰ্বে মহিলাসকলক অগষ্টিয়াৰকুডামৰ ওপৰলৈ উঠিবলৈ দিয়া হোৱা নাছিল। আদালতৰ ৰায়ে এই নিষেধাজ্ঞা উঠাই দিছিল।৪১

তথ্যসূত্ৰ

  1. ↑ (10 March 2010). Rajya Sabha passes Women's Reservation Bill. দ্য হিন্দু
  2. ↑ Dyson, Tim. (2018). A Population History of India: From the First Modern People to the Present Day. Oxford University Press. পৃ. 20. ISBN 978-0-19-882905-8
  3. ↑ Stein, Burton. (2010). A History of India. John Wiley & Sons. পৃ. 90. ISBN 978-1-4443-2351-1
  4. ↑ Ramusack, Barbara N. (1999). Women in Asia: Restoring Women to History. Indiana University Press. পৃ. 27–29. ISBN 0-253-21267-7
  5. ↑ Ludden, David. (2013). India and South Asia: A Short History. Oneworld Publications. পৃ. 101. ISBN 978-1-78074-108-6
  6. ↑ Salini, S. (2017). Protection Of Women Under Indian Constitution. Buddy-Mantra
  7. ↑ Parihar, Lalita Dhar. (2011). Women and law: from impoverishment to empowerment. Eastern Book Company. ISBN 9789350280591
  8. ↑ Rao, Mamta. (2008). Law relating to women and children. Eastern Book Co. ISBN 9788170121329
  9. ↑ Narayan, Jitendra; John, Denny; Ramadas, Nirupama. (2018). Malnutrition in India: status and government initiatives. Journal of Public Health Policy. পৃ. 126–141
  10. ↑ India + Rape and Sexual Assault. Guardian
  11. ↑ Saraswati English Plus. New Saraswati House. পৃ. 47
  12. ↑ Madhok, Sujata. Women: Background & Perspective. InfoChange India
  13. ↑ Nelasco, Shobana. (2010). Status of women in India. Deep & Deep Publications. পৃ. 11. ISBN 9788184502466
  14. ↑ (5 May 2010). Oxford University's famous south Asian graduates (Indira Gandhi). BBC News
  15. ↑ Women related law:- All compiled – Into Legal World. Into Legal World
  16. ↑ Women related law:- All compiled – Into Legal World. Into Legal World
  17. ↑ (2017-08-03). Women Rights in India: Constitutional Rights and Legal Rights. EduGeneral
  18. ↑ Menon-Sen, Kalyani; Kumar, A.K. Shiva. (2001). Women in India: How Free? How Equal?. United Nations
  19. ↑ Velkoff, Victoria A.; Adlakha, Arjun. (October 1998). Women of the World: Women's Health in India. U.S. Department of Commerce, Economics and Statistics Administration
  20. ↑ Iype, George. Ammu may have some similarities to me, but she is not Mary Roy. rediff
  21. ↑ George Jacob. (29 May 2006). Bank seeks possession of property in Mary Roy case. দ্য হিন্দু
  22. ↑ Jacob, George. (2010-10-20). Final decree in Mary Roy case executed. The Hindu
  23. ↑ (2018-09-28). Supreme Court upholds the right of women of all ages to worship at Sabarimala · Live updates. The Hindu
  24. ↑ Women Of All Ages Can Enter Sabarimala Temple, Says Top Court, Ending Ban. NDTV.com
  25. ↑ (2001). National policy for the empowerment of women. wcd.nic.in. মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়
  26. ↑ Rao, M.V.R. (27 October 2006). Imrana: father-in-law gets 10 yrs, Muslim board applauds order. southasia.oneworld.net. OneWorld South Asia
  27. ↑ Chowdhury, Kavita. (16 June 2011). India is fourth most dangerous place in the world for women: Poll. ইণ্ডিয়া টুডে. Living Media
  28. ↑ Bowcott, Owen. (15 June 2011). Afghanistan worst place in the world for women, but InIn 2017dia in top five. The Guardian | World news
  29. ↑ Baldwin, Katherine. (13 June 2012). Canada best G20 country to be a woman, India worst – TrustLaw poll. Thomson Reuters Foundation News
  30. ↑ (13 June 2012). India ranked worst G20 country for women. feministsindia.com. FeministsIndia
  31. ↑ Canton, Naomi. (16 October 2017). Sexual attacks: Delhi worst in world, says poll. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  32. ↑ Criminal Law (Amendment) Act, 2013. Government of India
  33. ↑ PTI. (28 June 2014). Wife's jeans ban is grounds for divorce, India court rules. GulfNews.com
  34. ↑ (22 August 2017). Supreme Court scraps instant triple talaq: Here's what you should know about the practice
  35. ↑ (23 August 2017). Small step, no giant leap
  36. ↑ (26 June 2018). Survey terms India most dangerous country for women. Dawn
  37. ↑ Bureau, Zee Media. (27 June 2018). National Commission for Women rejects survey that said India is most dangerous place for women. Zee News
  38. ↑ (June 28, 2018). Is India really the most dangerous country for women?. BBC News. BBC
  39. ↑ Balkrishna Chayan Kundu. (September 17, 2018). Fact Check: Is India really no country for women?. India Today
  40. ↑ Biswas, Soutik. (27 September 2018). Adultery no longer a crime in India. BBC News
  41. ↑ Regan, Helen. (2019-01-18). Indian woman is first to climb Kerala mountain reserved for men. CNN

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬৪০১১৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।