অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰুথ ভানিতা

ৰুথ ভানিতা (Ruth Vanita) ভাৰতীয় একাডেমিক, সক্ৰিয় কৰ্মী আৰু লেখিকা। তেওঁ ব্ৰিটিছ আৰু ভাৰতীয় সাহিত্যৰ ইতিহাস বিশেষভাৱে লিংগ আৰু যৌনতা অধ্যয়নৰ প্ৰেক্ষাপটত অধ্যয়ন কৰে। লগতে, তেওঁ হিন্দু দৰ্শন বিষয়তো পঢ়ায় আৰু লিখে।

হালনাগাদ: ৩১ জুলাই ২০২৫ ৩৫৪ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

ৰুথ ভানিতা (Ruth Vanita) ভাৰতীয় একাডেমিক, সক্ৰিয় কৰ্মী আৰু লেখিকা। তেওঁ ব্ৰিটিছ আৰু ভাৰতীয় সাহিত্যৰ ইতিহাস বিশেষভাৱে লিংগ আৰু যৌনতা অধ্যয়নৰ প্ৰেক্ষাপটত অধ্যয়ন কৰে।১ লগতে, তেওঁ হিন্দু দৰ্শন বিষয়তো পঢ়ায় আৰু লিখে।

শৈশৱ আৰু শিক্ষা

ভানিতাই দিল্লী বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ত BA, MA আৰু PhD উপাধি লাভ কৰে।২

জীৱিকা

১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত ৰিডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। বৰ্তমান, তেওঁ মণ্টানা বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিশ্ব সংস্কৃতি বিভাগৰ অধ্যাপিকা, লগতে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়ান অধ্যয়ন কাৰ্যসূচীৰ পৰিচালক।

১৯৭৮ চনত দিল্লীত থকা অৱস্থাত, ভানিতাই "মানুষী: এ জাৰ্নেল এবাউট উইমেন এণ্ড ছ’চাইটি" নামৰ এখন আলোচনী সহ-প্ৰতিষ্ঠা কৰে। এই আলোচনী শিক্ষা-গৱেষণা আৰু সামাজিক সক্ৰিয়তাবাদৰ সমন্বয় সাধন কৰিছিল। ১৯৭৯ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ স্বেচ্ছাসেৱী সহ-সম্পাদক হিচাপে কাম কৰিছিল।

উল্লেখযোগ্য প্ৰকাশন

গ্ৰন্থসমূহ

  • ১৯৯৪: A Play of Light: Selected Poems
  • ১৯৯৬: Sappho and the Virgin Mary: Same-Sex Love and the English Literary Imagination
  • ২০০৫: Love's Rite: Same-Sex Marriage in India and the West
  • ২০০৫: Gandhi's Tiger and Sita's Smile: Essays on Gender, Sexuality and Culture
  • ২০১২: Gender, Sex and the City: Urdu Rekhti Poetry in India 1780-1870
  • ২০১৭: Dancing with the Nation: Courtesans in Bombay Cinema
  • ২০২০: Memory of Light (উপন্যাস)৩
  • ২০২২: The Dharma of Justice: Debates on Gender Varna and Species৪
  • ২০২৩: The Broken Rainbow: Poems and Translations৫
  • ২০২৪: A Slight Angle (উপন্যাস)৬

সম্পাদিত গ্ৰন্থসমূহ

  • ১৯৯১ (Madhu Kishwarৰ সৈতে): In Search of Answers: Indian Women's Voices from Manushi
  • ২০০০ (Saleem Kidwaiৰ সৈতে): Same-Sex love in India: Readings from Literature and History
  • ২০০২: Queering India: Same-Sex Love and Eroticism in Indian Culture and Society
  • ২০১৪: India and the World: Postcolonialism, Translation and Indian Literature – Essays in Honour of Professor Harish Trivedi

অনুবাদসমূহ

  • ১৯৯৪: ৰাজেন্দ্ৰ য়াদৱৰ Strangers on the Roof (২০১৪ চনত নতুন ভূমিকাৰে পুনঃপ্ৰকাশ)
  • ১৯৯৭: বিজয়দন দেতাৰ Dilemma and Other Stories
  • ২০০৩: মান্নু ভাণ্ডাৰীৰ The Great Feast (Mahabhoj)
  • ২০০৬: পাণ্ডে বেচন শৰ্মা ("উগ্ৰা")ৰ Chocolate and Other Stories on Male-Male Desire
  • ২০০৭: পাণ্ডে বেচন শৰ্মা ("উগ্ৰা")ৰ আত্মজীৱনী About Me (Apni Khabar)
  • ২০০৮: প্ৰেমচান্দৰ The Co-Wife and Other Stories

২০১৩: মান্নু ভাণ্ডাৰী, ৰাজী শেঠ আৰু অৰ্চনা বাৰ্মাৰ Alone Together: Selected Stories

  • ২০২১: মহাদেৱী বৰ্মাৰ My Family৭

বাহ্যিক সংযোগ

  • Raj Ayyar (২০০১-০৩-০৫): "Reclaiming Gay India with Ruth Vanita". GayToday. সংগৃহীত ২০০৭-০৭-১১।
  • QueerIndia (২০০৫-০৩-০৫): "Gay historians: Ruth Vanita and Saleem Kidwai"

তথ্যসূত্ৰ

  1. ↑ Miller. (2002). Who's who in Contemporary Women's Writing. The Routledge who's who series. Psychology Press. পৃ. 333. ISBN 9780415159814
  2. ↑ Global Feminisms Project. (2004-04-23). Interview with Ruth Vanita
  3. ↑ Vanita, Ruth. (2020-04-15). Memory of Light. Penguin Random House India Private Limited. ISBN 978-0-14-349766-0
  4. ↑ (2022-10-31). The Dharma of Justice in the Sanskrit Epics: Debates on Gender, Varna, and Species. Oxford University Press. ISBN 978-0-19-285982-2
  5. ↑ (29 April 2023). Three Poems By Ruth Vanita. Outlook India
  6. ↑ Gordon, Nicholas. (2024-11-14). Podcast with Ruth Vanita, author of “A Slight Angle”
  7. ↑ Varma, Mahadevi. (2021-08-16). My Family. Penguin Random House India Private Limited. ISBN 978-93-5492-158-2

সম্পৰ্কিত শ্ৰেণী

লেখিকাভাৰতীয় লেচবিয়ানসমকামিতাএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুথ ভানিতা” প্ৰবন্ধৰ সংশোধন ৫২৮৯৩২ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।