সংগীত গোষ্ঠী
৬ প্ৰবন্ধ
-
দ্য বিটল্চ
দ্য বিটল্চ (The Beatles) আছিল এটা প্ৰসিদ্ধ আমেৰিকান ৰকবেণ্ড। ১৯৬০ চনত লিভাৰপুলত এই বেণ্ডটো গঠিত হৈছিল। বেণ্ডৰ গুৰি ধৰিছিল জন লেনন, প'ল মেককাৰ্টনি, জৰ্জ হেৰিছন আৰু ৰিংগো ষ্টাৰে। তেওঁলোকক প্ৰায়েই "সৰ্বকালৰ সবাতোকৈ প্ৰভাৱশালী বেণ্ড" হিচাপে আখ্যায়িত কৰা হয়।
-
নুৰান চিষ্টাৰ্চ
নুৰান চিষ্টাৰ্চ বা নুৰান ভগ্নীদ্বয় (Nooran Sisters) দুগৰাকী ভগ্নী জ্যোতি নুৰান আৰু চুলতানা নুৰানৰ বেণ্ড। ভাৰতৰ জলন্ধৰৰ এই বেণ্ড তেওঁলোকৰ চুফী সংগীতৰ প্ৰদৰ্শনৰ বাবে বিখ্যাত। ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত পৰম্পৰাত তেওঁলোক শাম চৌৰাছিয়া ঘৰাণাৰ অন্তৰ্গত।
-
ক'ল্ডপ্লে
ক'ল্ডপ্লে (ইংৰাজী: Coldplay) হৈছে গায়ক তথা কীবৰ্ডীষ্ট ক্ৰীচ মাৰ্টিন আৰু মুখ্য গীটাৰিষ্ট জনী বাকলেণ্ডে ১৯৯৬ চনত লণ্ডনৰ য়ুনিভাৰ্ছিটী কলেজত প্ৰতিষ্ঠা কৰা এটা ব্ৰিটিছ ৰকবেণ্ড।
-
চাবি (সংগীত)
চাবি (আৰবী: شعبي, lit. 'folk') আলজেৰিয়াৰ এল হাজ এম'হামেদ এল আংকাৰ দ্বাৰা গঠন কৰা এক পৰম্পৰাগত সংগীত। মূলতঃ কাছবাহৰ পৰা অহা চাবি নামেৰে জনাজাত এই সংগীতধাৰা শেহতীয়া পৰম্পৰাৰ অন্তৰ্গত। ১৯৩০ চনৰ ভিতৰত ইয়াৰ আৱিৰ্ভাৱ হয়, আৰু আজিও জনপ্ৰিয় হৈ আছে।
-
ভেণ্ডি বজাৰ ঘৰানা
ভেণ্ডি বজাৰ ঘৰানা হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীত অন্যতম কণ্ঠ ঘৰানা, যাৰ উৎপত্তি ১৮৯০ চনত মুম্বাইৰ ভেণ্ডি বজাৰৰ পৰা হৈছিল। ঘৰানাৰ প্ৰতিষ্ঠাপকসকল মূলতঃ উত্তৰ প্ৰদেশৰ মোৰাদাবাদ অঞ্চলৰ ব্যক্তি আছিল।
-
ৱান ডাইৰেকশ্বন
ৱান ডাইৰেকশ্বন (One Direction) হৈছে ২০১০ চনত গঠিত হোৱা ল'ৰাৰ এটা ব্ৰিটিছ বেণ্ড। ইয়াৰ সদস্যসকল হৈছে: নিয়াল হ'ৰাণ, জাইন মালিক, লিয়াম পাইন, হেৰী ষ্টাইলছ আৰু লুইছ টমলিনছন। এই বেণ্ডটোৱে ব্ৰিটিছ সংস্কৰণৰ 'দা এক্স ফেক্টৰ'ৰ সপ্তমটো ছিৰিজত তৃতীয় স্থান দখল কৰিছিল।