ৰ'জাৰ ফেডেৰাৰ (Roger Federer) হৈছে ছুইজাৰলেণ্ডৰ এগৰাকী বৃত্তিগত টেনিছ খেলুৱৈ। এচ'চিয়েশ্যন অফ টেনিছ প্ৰ'ফেশ্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি খেলুৱৈগৰাকীৰ গোলকীয় স্থান হৈছে পঞ্চদশ। তেওঁ একক শিতানত অভিলেখসংখ্যক ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰাফেল নাডাল আৰু নোভাক জʼকোভিচৰ সৈতে যুটীয়াভাৱে গ্ৰেণ্ড শ্লাম বিজয়ী খেলুৱৈসকলৰ তালিকাত শীৰ্ষস্থানত আছে। ফেডেৰাৰে মুঠ ৩১০ সপ্তাহ এটিপি ৰেংকিংৰ শীৰ্ষত অৱস্থান কৰিছে। ইয়াৰে ভিতৰত ২৩৭ সপ্তাহ তেওঁ একেলেথাৰিয়ে শীৰ্ষস্থানত থাকি অভিলেখ গঢ়িছে। ইয়াৰোপৰি তেওঁ ৫বাৰকৈ প্ৰথম স্থানত থাকি বছৰটোৰ সামৰণি পেলোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। জিমি ক'ন্ন'ৰৰ পিছতেই ফেডেৰাৰে ১০৩টা একক এটিপি খিতাপ জয়েৰে সৰ্বকালৰ সৰ্বাধিক খিতাপ জয়ী খেলুৱৈসকলৰ তালিকাত দ্বিতীয় স্থানত আছে। ইয়াৰ উপৰিও তেওঁ ছবাৰকৈ এটিপিৰ খেলসমূহৰ ফাইনেলতো অংশগ্ৰহণ কৰিছে।
সমসাময়িক টেনিছ খেলুৱৈ ৰাফেল নাডাল আৰু নোভাক জʼকোভিচৰ সৈতে ফেডেৰাৰক সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষ টেনিছ খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয় আৰু তিনিওকে একেলগে বিগ থ্ৰী বা বিশাল তিনিগৰাকী বুলি অভিহিত কৰা হয়। ১৯৯৮ চনত চনত উইম্বলডনৰ জুনিয়ৰ শাখাত বিজয়ী হোৱা ফেডেৰাৰে ২০০৩ চনত একৈছ বছৰ বয়সত উইম্বলডনৰ প্ৰথমটো খিতাপ জয় কৰে। ২০০৪ চনত একক শাখাৰ চাৰিটাৰ ভিতৰত তিনিটা প্ৰধান খিতাপ জয় কৰাৰ লগতে এটিপিৰ ফাইনেল খেলসমূহত জয়লাভ কৰি পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰূপে আত্মপ্ৰকাশ কৰে। ২০০৬ আৰু ২০০৭ চনতো ফেডেৰাৰে এই ধাৰা অক্ষুণ্ণ ৰাখে। ২০০৫-২০১০ চনলৈকে তেওঁ ১৯খন প্ৰধান একক শাখাৰ ফাইনেলৰ ভিতৰত ১৮ খনতেই অৱতীৰ্ণ হ'বলৈ সক্ষম হয় আৰু এই সময়ছোৱাৰ ভিতৰতেই উইম্বলডন আৰু ইউ এচ অপেন উভয়তে একেলেথাৰিয়ে ৫টাকৈ খিতাপ জয় কৰে। ২০০৯ চনত ৰাফেল নাডালক পৰাজিত কৰি ফ্ৰেন্স অপেনৰ (ৰোলা গেঁৰো) খিতাপ জয়েৰে ফেডেৰাৰে গ্ৰেণ্ড শ্লামৰ খিতাপৰ ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। একে বছৰতে ইউম্বলডনত জয়লাভ কৰি ২৭ বছৰ বয়সত তেওঁ পূৰ্বসূৰী পিট ছাম্প্ৰাচৰ ১৪টা উইম্বলডন খিতাপৰ অভিলেখ অতিক্ৰম কৰে।
একবিংশ শতিকাৰ দ্বিতীয় দশকটোত ফেডেৰাৰ শীৰ্ষৰ তিনিটা স্থানত বৰ্তি থাকিল যদিও বিশেষভাৱে জক'ভিচ আৰু নাডালৰ সাফল্যই গ্ৰাছ কোৰ্ট (ঘাঁহ) আৰু হাৰ্ড কোৰ্টত (কঠিন) ফেডেৰাৰৰ একচ্ছত্ৰী আধিপত্যৰ অৱসান ঘটালে। ২০১০ চনৰ মধ্যভাগৰ পৰা ২০১৬ চনৰ ভিতৰত তেওঁ মাত্ৰ এটাহে প্ৰধান খিতাপ জয় কৰিবলৈ সক্ষম হ'ল। এই সময়ছোৱাত ফেডেৰাৰ আৰু ষ্টান ৱাৱৰিংকাই ছুইজাৰলেণ্ড ডেভিচ কাপৰ নেতৃত্ব বহন কৰি ২০১৪ চনত তেওঁলোকৰ প্ৰথমটো খিতাপ হস্তগত কৰে। ইয়াৰ আগতে তেওঁলোকে ২০০৮ চনৰ বেইজিং অলিম্পিকত দ্বৈত শাখাত স্বৰ্গজয় কৰিছিল। ফেডেৰাৰে ২০১২ চনৰ লণ্ডন অলিম্পিকতো এণ্ডি মাৰেৰ হাতত পৰাজয় বৰণ কৰি ৰূপৰ পদক অৰ্জন কৰিছিল। আঁঠুৰ এক অস্ত্ৰোপচাৰৰ বাবে ২০১৬ চনৰ শেষৰ ছমাহ বিৰতি লোৱাৰ পিছত গ্ৰেণ্ড শ্লামত তেওঁৰ পুনৰোত্থান ঘটে। ২০১৭ চনৰ অষ্ট্ৰেলিয়ান অপেন আৰু উইম্বলডনৰ খিতাপকে ধৰি পিছৰ দুবছৰত তেওঁ তিনিটা প্ৰধান একক খিতাপ নিজৰ হাতলৈ অনাৰ লগতে ২০১৮ চনত ৩৬ বছৰ বয়সত সবাতোকৈ বৰ্ষীয়ান বিশ্বৰ প্ৰথম ৰেংকিংপ্ৰাপ্ত খেলুৱৈৰ স্থান লাভ কৰে। আটাইকেইবিধ কোৰ্টতে নিজৰ অনায়াস দখলৰ বাবে টেনিছ অনুৰাগীৰ মাজত ফেডেৰাৰ যথেষ্ট জনপ্ৰিয় হৈ উঠে। কেৰিয়াৰৰ প্ৰাৰম্ভিক কালত স্ব-নিয়ন্ত্ৰণ অভাৱত ভোগা ফেডেৰাৰ সেই সময়লৈ নিজৰ সু-স্বভাৱৰ বাবে জানাজাত হয় আৰু ১৩ বাৰকৈ এটিপিৰ ষ্টিফেন এডবাৰ্গ স্পৰ্টছমেনশ্বিপ বঁটাৰে সন্মানিত হয়। তেওঁ অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে ল'ৰিয়াছ ৱৰ্ল্ড স্পৰ্টছমেন অফ দ্য ইয়েৰ সন্মালো লাভ কৰে। প্ৰতিযোগিতামূলক খেলৰ উপৰিও লেভাৰ কাপ দলৰ প্ৰতিযোগিতাতো তেওঁ বিশেষ গঠনমূলক ভূমিকা পালন কৰে। তেওঁ দক্ষিণ আফ্ৰিকাৰ দৰিদ্ৰ শিশুসকলৰ কল্যাণৰ বাবে ৰ'জাৰ ফেডেৰাৰ ফাউণ্ডেচনৰো প্ৰতিষ্ঠা কৰাৰ লগতে মেটচ ফৰ আফ্ৰিকা শীৰ্ষক প্ৰদৰ্শনীমূলক শৃংখলাৰ জৰিয়তে ধন সংগ্ৰহ কৰে। ফেডেৰাৰ বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈসকলৰ ভিতৰত অন্যতম আৰু তেওঁ ২০২০ চনত ১০০ মিলিয়ন ডলাৰৰ ধনৰাশিৰে সকলোৰে শীৰ্ষত স্থান পায়।
ব্যক্তিগত জীৱন
শৈশৱ আৰু কৈশোৰ
ফেডেৰাৰৰ জন্ম হয় ছুইজাৰলেণ্ডৰ বেচেলত।১ তেওঁৰ পিতৃ ৰবাৰ্ট ফেডেৰাৰ ছুইছ আৰু মাতৃ লিনেট ফেডেৰাৰ দক্ষিণ আফ্ৰিকাৰ। তেওঁৰ জ্যেষ্ঠা ভগ্নীৰ নাম ডায়েনা।২৩ মাতৃ দক্ষিণ আফ্ৰিকাৰ হোৱাৰ বাবে ফেডেৰাৰৰ দ্বৈত নাগৰিকত্ব অৰ্থাৎ ছুইজাৰলেণ্ড আৰু দক্ষিণ আফ্ৰিকা উভয় দেশৰে নাগৰিকত্ব আছে।৪ তেওঁ ৰিহেনৰ লগতে ফ্ৰান্স আৰু জাৰ্মানীৰ সীমান্তৱৰ্তী মানচেষ্টেইনতে ডাঙৰ-দীঘল হয়। ছুইচ জাৰ্মান তেওঁৰ মাতৃভাষা হ'লেও ফেডেৰাৰে মান্য জাৰ্মান, ইংৰাজী আৰু ফৰচী ভাষা সলসলীয়াকৈ কোৱাৰ লগতে ইটালিয়ান আৰু ছুইডিচ ভাষাও ক'ব পাৰে।১৫৬৭১৯৯২ আৰু ১৯৯৩ চনত তেওঁ স্থানীয় বেচেল টুৰ্ণামেণ্টত বলবয়ৰ ভূমিকা পালন কৰিছিল।৫৮
ছুইজাৰলেণ্ডৰ সকলো পুৰুষ নাগৰিকৰ দৰে ফেডেৰাৰৰ ওপৰত ছুইচ সৈন্যদলত বাধ্যতামূলকভাৱে সেৱা আগবঢ়াৱাৰ দায়িত্ব আছিল যদিও ২০০৩ চনত তেওঁক এই কাৰ্যৰ বাবে অনুপযুক্ত হিচাপে ঘোষণা কৰাৰ বাবে তেওঁ এই সেৱা আগবঢ়াব লগা নহয়।৯ ইয়াৰ পৰিৱৰ্তে তেওঁ অসামৰিক সুৰক্ষা বাহিনীত সেৱা আগবঢ়োৱাৰ লগতে ইয়াৰ বিকল্প হিচাপে নিজৰ কৰযুক্ত আয়ৰ ৩% পৰিশোধ কৰিবলগা হয়।১০ তেওঁ এফ চি বেচেল আৰু ছুইজাৰলেণ্ড জাতীয় ফুটবল দলৰ সমৰ্থক আছিল।১১ শৈশৱত ফেডেৰাৰে বেডমিণ্টন আৰু বাস্কেটবলো খেলিছিল আৰু নিজৰ চকু তথা হাতৰ সমন্বয়ৰ কৃতিত্ব তেওঁ শৈশৱতে খেলা বিভিন্ন খেলৰ ওপৰত অৰ্পণ কৰিছে।১২
বৈবাহিক জীৱন

২০০৯ চনৰ ১১ এপ্ৰিলত প্ৰাক্তন মহিলা টেনিছ খেলুৱৈ মিৰ'শ্লাভা ফেডেৰাৰৰ (নি ভেৱৰিনেক) সৈতে ফেডেৰাৰৰ বিবাহ অনুষ্ঠিত হয়। ২০০০ চনৰ ছিডনী অলিম্পিকত দুয়োয়ে ছুইজাৰলেণ্ডৰ হৈ খেলিবলৈ যাওঁতেই তেওঁলোকৰ সাক্ষাৎ হয়। মিৰকা নামেৰে পৰিচিত খেলুৱৈগৰাকীয়ে ভৰিৰ এক আঘাতৰ বাবে ২০০২ চনত অৱসৰ গ্ৰহণ কৰে।১৩১৪ সেই বছৰতে তেওঁলোকৰ এহাল যমজ কন্যাৰ জন্ম হয়।১৫ ২০১৪ চনত পুনৰ তেওঁলোকৰ এহাল যমজ পুত্ৰৰ জন্ম হয়।১৬১৭
কেৰিয়াৰ
১৯৯৩-১৯৯৮
কনিষ্ঠ (জুনিয়ৰ) খেলুৱৈ হিচাপে ফেডেৰাৰৰ প্ৰথমটো উল্লেখযোগ্য সফলতা আছিল ১৯৯৮ চনৰ উইম্বলডনৰ একক আৰু দ্বৈত দুয়োটা শাখাতে খিতাপ অৰ্জন। একক ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল ইৰেক্লি লাবাদজে। দ্বৈত শাখাত ফেডেৰাৰ আৰু অলিভিয়াৰ ৰ'কাচ যুটীয়ে মাইকেল লোড্ৰা আৰু এণ্ডি ৰেমৰ যুটীক পৰাস্ত কৰিছিল।১৮১৯ ইয়াৰ উপৰিও সেই বৰ্ষতে ফেডেৰাৰ ইউ এচ অপেন জুনিয়ৰৰ ফাইনেলত অৱতীৰ্ণ হয় যদিও ডেভিড নলবাণ্ডিয়ানৰ হাতত পৰাজিত হয়। তেওঁ গুইলাৰ্ম' ক'ৰিয়াক পৰাজিত কৰি সন্মানীয় অ'ৰেঞ্জ বওল খিতাপ হস্তগত কৰাকে ধৰি নিজৰ কেৰিয়াৰত চাৰিটা আইটিএফ জুনিয়ৰ একক টুৰ্ণামেণ্টৰ খিতাপ জয় কৰে।২০ ১৯৯৮ চনৰ অন্তত ফেডেৰাৰে বিশ্বৰ জুনিয়ৰ ৰেংকিংত প্ৰথম স্থান লাভ কৰে। ইয়াৰ লগতে তেওঁ আইটিএফ জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নৰ সন্মানো লাভ কৰে। ১৯৯৮ চনতেই তেওঁ ৰেড' অপেনত বৃত্তিগত খেলুৱৈ হিচাপে প্ৰথমখন খেল খেলে যদিও লুকাছ আৰ্ণল্ড কেৰৰ হাতত পৰাজয় বৰণ কৰে।২১
১৯৯৮-২০০২: বৃত্তিগত টেনিছ কেৰিয়াৰৰ প্ৰাথমিক কাল
১৯৯৯ চনৰ ২০ ছেপ্টেম্বৰত ফেডেৰাৰে পোন প্ৰথমবাৰৰ বাবে প্ৰথম এশগৰাকী খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্তি লাভ কৰে। সেই বছৰ মাৰ্চিলি অপেনত তেওঁ ১৯৯৮ চনৰ ফ্ৰেন্স অপেনৰ চূড়ান্ত বিজয়ী স্পেইনৰ কাৰ্ল'ছ ম'য়াক পৰাজিত কৰি অঘটন ঘটাইছিল। ২০০০ চনত তেওঁ প্ৰথমবাৰৰ বাবে মাৰ্চিলি অপেনৰ ফাইনেলত প্ৰৱেশ কৰে যদিও ছুইজাৰলেণ্ডৰেই খেলুৱৈ মাৰ্ক ৰ'জেটৰ হাতত পৰাস্ত হয়।২২ সেই সময়ৰ বিশ্বৰ শীৰ্ষতম স্থানৰ মহিলা খেলুৱৈ মাৰ্টিনা হিংগিজৰ সৈতে ফেডেৰাৰে ২০০১ চনৰ হ'পমেন কাপ জয় কৰে।২৩২৪২৫ তেওঁলোকৰ যুটীটোৱে ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মণিকা চেলেছ আএউ জন-মাইকেল গেম্বিল যুটীক হৰুৱায়। ফেডেৰাৰে কয় যে হিংগিজৰ সৈতে হোৱা তেওঁৰ অভিজ্ঞতাই নিশ্চিতভাৱে তেওঁক আজিৰ খুলুৱৈজনৰ ৰূপত গঢ় লৈ উঠাত সহায় কৰিছিল।২৬

তেওঁৰ প্ৰথমটো একক খিতাপ আছিল ২০০১ চনৰ মিলান ইনডোৰ য'ত তেওঁ জুলিয়েন বউটাৰক পৰাজিত কৰে।২২২৭ ইয়াৰ আগতে ১৯৯৯ চনত নিজৰ ১৮ সংখ্যক জন্মদিনৰ দিনাই ফেডেৰাৰে চেলেঞ্জাৰ ট্যুৰত সতীৰ্থ ডাচ্চ খেলুৱৈ চাণ্ডেৰ গ্ৰ'য়েনৰ সৈতে প্ৰথমটো যুটীয়া খিতাপ হস্তগত কৰিছিল। ২০০১ চনত তেওঁ প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অপেনৰ জৰিয়তে কোনো গ্ৰেণ্ড শ্লামৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এই খেলখনত বিশ্বৰ প্ৰাক্তন দ্বিতীয় স্থানৰ খেলুৱৈ এলেক্স কৰ্টেজাৰ হাতত পৰাজয় বৰণ কৰিলেও তেওঁৰ গোলকীয় ৰেংকিং ১৫লৈ উন্নীত হয়।২৮২৯
২০০১ চনৰ উইম্বলডনত ১৯ বছৰীয়া ফেডেৰাৰ চাৰি বছৰৰ ডিফেণ্ডিং চেম্পিয়ন আৰু গ্ৰেণ্ড শ্লামৰ সৰ্বকালৰ আগশাৰীৰ খেলুৱৈ পিট চাম্প্ৰাছৰ মুখামুখি হওঁতেই আন্তৰ্জাতিক পৰ্যায়ত তেওঁ অধিক চৰ্চালৈ আহে। প্ৰথম বাছনিৰ চাম্প্ৰাছক ফেডেৰাৰে পাঁচাটা ছেটৰ অন্তত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে।৩০ কোৱাৰ্টাৰ ফাইনেলত চতুৰ্থ ছেটৰ এক টাইব্ৰেকাৰৰ জৰিয়তে ইংলেণ্ডৰ টিম হেনমেনৰ হাতত তেওঁ পৰাজিত হয়।৩১
২০০২ চনৰ মিয়ামি মাষ্টাৰছ ইভেণ্টেই হৈছে ফেডেৰাৰ প্ৰৱেশ কৰা প্ৰথমখন মাষ্টাৰ্ছ স্তৰৰ ফাইনেল। এই খেলখনত তেওঁ হাৰ্ড কোৰ্টত বিশ্বৰ প্ৰাক্তন শীৰ্ষতম স্থানৰ খেলুৱৈ এণ্ড্ৰি আগাছীৰ হাতত পৰাস্ত হয়।৩২৩৩ ২০০২ চনত হেমবাৰ্গ মাষ্টাৰ্চৰ ক্লে কোৰ্টত মাৰাট ছাফিনৰ বিপক্ষে খেলি ফেডেৰাৰে কেৰিয়াৰৰ প্ৰথমটো মাষ্টাৰ্চ শৃংখলাৰ খিতাপ জয় কৰে। ইয়াৰ লগে লগে তেওঁ গোলকীয় ৰেংকিংত শীৰ্ষ দহজনৰ ভিতৰত স্থান পায়।৩২৩৪ ১৯৯৮-২০০২ চনৰ ভিতৰত তেওঁ দহখন একক ফাইনেলত অংশ লয় আৰু চাৰিটা খিতাপ অৰ্জন কৰে।২২৩২৩৫৩৬২৮ ইয়াৰ লগতে দ্বৈত শাখাত তেওঁ ছখনকৈ ফাইনেলত অৱতীৰ্ণ হয়। ২০০১ চনৰ ত্ৰয়োদশ স্থানৰ বিপৰীতে ২০০২ চনত তেওঁ বিশ্বৰ শীৰ্ষ দহগৰাকী খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত হৈ পিছলৈ ষষ্ঠ স্থান পায়গৈ।৩৪
২০০৩: উইম্বলডনত প্ৰৱেশ
২০০৩ চনত ফেডেৰাৰে উইম্বলডনত ছেমিফাইনেলত এণ্ডি মাৰে আৰু ফাইনেলত মাৰ্ক ফিলিপ'চিছৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো গ্ৰেণ্ড শ্লাম (টেনিছ) নিজৰ হাতলৈ আনে।৩৭ সেই বছৰৰে আগষ্ট মাহত তেওঁ এণ্ড্ৰি আগাছীক অতিক্ৰমি ৰেংকিংৰ শীৰ্ষস্থান দখল কৰাৰ সুযোগ পায় যদিও মণ্ট্ৰিলৰ ফাইনেলত ৰ'ডিকৰ বিৰুদ্ধে টাইব্ৰেকাৰত পৰাজয় বৰণ কৰি আগাছীতকৈ ১২০ পইণ্ট পিছ পৰি ৰয়। পূৰ্বতে চিনচিনাটি আৰু ইউ এছ অপেনত ডেভিড নলবাণ্ডিয়ানৰ বিপক্ষে হোৱা পৰাজয়েও পইণ্ট হ্ৰাসত অৰিহণা যোগায়।৩৮
মেক্স মিৰ্নিৰ সৈতে যুটী বান্ধি ফেডেৰাৰে লাভ কৰা একমাত্ৰ দ্বৈত মাষ্টাৰছ খিতাপ হৈয়ে মিয়ামি মাষ্টাৰ্ছ।৩৯ ইয়াৰ উপৰিও ক্লে কোৰ্ট শাখাত ৰোমৰ মাষ্টাৰ্ছ শৃংখলাত তেওঁ ফাইনেলত প্ৰৱেশ কৰে যদিও পৰাজিত হয়।৪০৪১ সেই বৰ্ষত তেওঁ এটিপি ট্যুৰৰ নখন ফাইনেল খেলে আৰু ডুবাও তথা ভিয়েনাৰ ৫০০ শৃংখলাকে ধৰি ইয়াৰে সাতখনত বিজয়ী হয়।৪০ বছৰটোৰ শেষলৈ চেম্পিয়নশ্বীপ মেটচত এণ্ড্ৰি আগাছীৰ বিৰুদ্ধে জয়লাভ কৰি ফেডেৰাৰে তেওঁৰ স্থান অৱনমিত কৰে আৰু নিজে এণ্ডি ৰ'ডিকতকৈ মাত্ৰ ১৬০ পইণ্ট পিছপৰি থাকি ৰেংকিংৰ দ্বিতীয় স্থানত অধিষ্ঠিত হয়।৪০৪২
২০০৪: আধিপত্য প্ৰতিষ্ঠা
মেটছ উইলেণ্ডাৰৰ (১৯৮৮) পিছত ২০০৪ চনত ফেডেৰাৰ তিনিটাকৈ গ্ৰেণ্ড শ্লাম জয় কৰা প্ৰথমজন খেলুৱৈৰূপে পৰিগণিত হয়। অষ্ট্ৰেলিয়ান অপেনত মাৰাট ছাফিনক পৰাজিত কৰি তেওঁ প্ৰথমবাৰলৈ বিশ্বৰ ৰেংকিংৰ শীৰ্ষস্থানত অধিষ্ঠিত হয়।৪৩ ইয়াৰ পিছতেই তেওঁ এণ্ডি ৰ'ডিকক হৰুৱাই উইম্বলডবৰ খিতাপ হস্তগত কৰে।৪৪ ইয়াৰ লগতে ২০০১ চনৰ চেম্পিয়ন লেটন হেৱিটক পৰাজিত কৰি তেওঁ ইউ এছ অপেনৰ খিতাপো জয় কৰে।৪৫
সেই বছৰ ফেডেৰাৰে তিনিখন এটিপি মাষ্টাৰ্ছ ক্ৰমে হেমবাৰ্গ (ক্লে), ইণ্ডিয়ান ৱেলছ আৰু কানাডাৰ (হাৰ্ড) খিতাপো দখল কৰে।৪৫ ডুবাইৰ এটিপি ৫০০ শৃংখলাৰ লগতে তেওঁ দ্বিতীয়বাৰলৈ বৰ্ষান্ত চেম্পিয়নশ্বিপছ জয় কৰে।৪৫ ছুইচ অপেনত বিজয় সাব্যস্ত কৰি ফেডেৰাৰে প্ৰথমবাৰলৈ গৃহভূমিত প্ৰথমখন টুৰ্ণামেণ্ট জয়ৰ সোৱাদ লাভ কৰে। তেওঁ লাভ কৰা ১১টা খিতাপৰ সফলতা দুটা দশকৰ ভিতৰতে কোনো খেলুৱৈৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ লগতে ৭৪খন মেটচৰ জয় আৰু মাত্ৰ ৬খন মেটচৰ পৰাজয়েৰে তেওঁ ১৯৮৬ চনত আইভান লেণ্ডলৰ অভিলেখ স্পৰ্শ কৰে।৪৬
২০০৫: সমূহীয়া আধিপত্য
২০০৫ চনত ফেডেৰাৰ মাৰাট ছাফিন আৰু ৰাফেল নাডালৰ হাতত পৰাজিত হৈ যথাক্ৰমে অষ্ট্ৰেলোয়ান অপেন আৰু ফ্ৰেন্স অপেনৰ ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয়।৪৭ অৱশ্যে গ্ৰাছ কোৰ্ট অৰ্থাৎ উইম্বলডনত পুনৰবাৰ তেওঁ এণ্ডি ৰ'ডিকক হৰুৱাই খিতাপ দখল কৰে।৪৮ ইউ এছ অপেনতো তেওঁ এণ্ড্ৰি আগাছীক পৰাজিত কৰে। এই খেলখন আছিল এণ্ড্ৰি আগাছীৰ কেৰিয়াৰৰ অন্তিমখন মুখ্য ফাইনেল খেল।৪৯৫০
ইয়াৰ লগতে খেলুৱৈগৰাকীয়ে মাষ্টাৰ্ছ শাখাৰ টুৰ্ণামেণ্ট ইণ্ডিয়ান ৱেলছ, মিয়ামি আৰু চিনচিনাটিৰ হাৰ্ড কোৰ্ট আৰু হেমবাৰ্গৰ ক্লে কোৰ্টটো বিজয় সাব্যস্ত কৰে।৪৯ মিয়ামিৰ ফাইনেলত ফেডেৰাৰ আৰু নাডাল প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল। পৰৱৰ্তী মাহকেইটাত তেওঁ ৰ'টেৰডাম আৰু ডুবাইৰ এটিপি ৫০০ শৃংখলা জয় কৰে।৪৯ বৰ্ষান্ত চেম্পিয়নশ্বিপছত তেওঁ নলবাণ্ডিয়ানৰ হাতত পৰাজিত হয় আৰু আঁঠুৰ আঘাতৰ বাবে ছেপ্টেম্বৰৰ পৰা পিছৰ সময়ছোৱাত টেনিছ কোৰ্টৰপৰা আঁতৰি থাকে।৫১ গোটেই বৰ্ষটোত তেওঁ নিজৰ শীৰ্ষস্থানৰ ৰেংকিং অক্ষুণ্ণ ৰাখে।৪৯
২০০৪ চনৰ দৰেই ২০০৫ চনতো ১১টা একক খিতাপ দখল কৰে। গোটেই বছৰটোত তেওঁ ৮১খন মেটচত জয়লাভ কৰে যি পিট ছাম্প্ৰাচৰ ১৯৯৩ চনৰ অভিলেখৰ সমান। মাত্ৰ চাৰিখন মেটচৰ পৰাজয়েৰে তেওঁৰ জয়লাভৰ শতাংশ (৯৫.২%) মুক্ত কালৰ (অপেন এৰা) তৃতীয় শ্ৰেষ্ঠ।৪৬
২০০৬: শ্ৰেষ্ঠতম প্ৰদৰ্শন
২০০৬ বৰ্ষটো পৰিসংখ্যাৰ দিশৰ পৰা ফেডেৰাৰৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ বৰ্ষ। ২০১১ চনৰ নৱেম্বৰৰ, টেনিছ ডট কমৰ সম্পাদকীয় লেখকগৰাকীয়ে ফেডেৰাৰৰ ২০০৬ বৰ্ষৰ প্ৰদৰ্শনক ৰ'ড লেভাৰৰ ১৯৬৯ চনৰ প্ৰদৰ্শনৰ পিছতেই, অৰ্থাৎ দ্বিতীয় স্থান দিয়ে।৫২

সেইবছৰ তেওঁ মুঠ ১২টা একক খিতাপ অৰ্জন কৰাৰ লগতে ৯৭খন মেটচৰ ৯২ খনত জয়লাভেৰে আইভান লেণ্ডলৰ (১৯৮২) সৰ্বাধিক মেটচ জয়ৰ অভিলেখ গঢ়ে। বছৰটোত তেওঁ ভাগ লোৱা ১৭খন টুৰ্ণামেণ্টৰ ১৬ খনতেই তেওঁ ফাইনেল পৰ্যায়ত প্ৰৱেশ কৰিছিল।৫৩
উক্ত বছৰটোত ফেডেৰাৰে তিনিটা গ্ৰেণ্ড শ্লাম জয় কৰে আৰু কেৱল ফ্ৰেন্স অপেনৰ ফাইনেলত নাডালৰ হাতত পৰাজিত হয়।৫৩ এয়া কোনো গ্ৰেণ্ড শ্লামত দুয়োগৰাকী খেলুৱৈৰ প্ৰথম মুখামুখি আছিল। ১৯৬৯ চনৰ ৰ'ড লেভাৰৰ অভিলেখৰ পিছত তেৱেঁই আছিল চাৰিওখন গ্ৰেণ্ড শ্লামৰে ফাইনেলত প্ৰৱেশ কৰা খেলুৱৈ। ফেডেৰাৰে উইম্বলডনত নাডালক, অষ্ট্ৰেলিয়ান অপেনত মাৰ্ক'ছ বেঘডেটিছক আৰু ইউ এছ অপেনত ২০০৩ চনৰ চেম্পিয়ন ৰ'ডিকক পৰাজিত কৰে।৫৪৫৩ ইয়াৰ উপৰিও তেওঁ ছখন মাষ্টাৰ্ছৰ ফাইনেল পায়গৈ। ইয়াৰে হাৰ্ড কোৰ্টৰ চাৰিখনত তেওঁ জয়লাভ কৰাৰ বিপৰীতে ক্লে কোৰ্টৰ দুখন ফাইনেলত নাডালৰ হাতত পৰাজিত হয়।৫৫
তেওঁ টকিঅ'ত এটিপি ৫০০ শৃংখলাৰ খিতাপ নিজৰ হাতলৈ অনাৰ লগতে বৰ্ষান্ত চেম্পিয়নশ্বিপছত তৃতীয়বাৰলৈ বিজয়ী হয় আৰু বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ হিচাপে নিজৰ স্থান অটুট ৰাখে।৫৪ ২০০৬ চনত ফেডেৰাৰ দুগৰাকী খেলুৱৈৰ হাততহে পৰাস্ত হয়: ফাইনেলত নাডালৰ হাতত চাৰিবাৰ আৰু চিনচিনাটি মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত উনৈছ বছৰীয়া এণ্ডি মাৰেৰ হাতত এবাৰ।৫৬ ফেডেৰাৰে সেইবছৰ ২৯খন মেটচ একেলেথাৰিয়ে জিকে আৰু ফ্ৰেন্স অপেনৰ পিছত মুঠ ৪৯খন মেটচৰ ৪৮খনতে বিজয় সাব্যস্ত কৰে।৫৭
বছৰটোৰ শেষলৈ গৃহভূমি বেচেলত তেওঁ ছুইচ ইনডোৰছ টুৰ্ণামেণ্টৰ খিতাপো প্ৰথমবাৰলৈ জয় কৰে। ইয়াৰ আগতে ২০০০ আৰু ২০০১ চনত তেওঁ ৰাণাৰ আপতে সন্তুষ্ট থাকিবলগীয়া হৈছিল।৫৮
গ্ৰেণ্ড শ্লাম
| ফলাফল | বৰ্ষ | টুৰ্ণামেণ্ট | পৃষ্ঠভাগ (কোৰ্ট) | বিপক্ষ খেলুৱৈ | স্কোৰ |
|---|---|---|---|---|---|
| জয় | ২০০৩ | উইম্বলডন একক | ঘাঁহনি | মাৰ্ক ফিলিপ'চিছ | ৭–৬(৭–৫), ৬–২, ৭–৬(৭–৩) |
| জয় | ২০০৪ | অষ্ট্ৰেলিয়ান অপেন একক | কঠিন | মাৰাট ছাফিন | ৭–৬(৭–৩), ৬–৪, ৬–২ |
| জয় | ২০০৪ | উইম্বলডন একক(২) | ঘাঁহনি | এণ্ডি ৰ'ডিক | ৪–৬, ৭–৫, ৭–৬(৭–৩), ৬–৪ |
| জয় | ২০০৪ | ইউ এছ এপেন একক | কঠিন | লেটন হেৱিট | ৬–০, ৭–৬(৭–৩), ৬–০ |
| জয় | ২০০৫ | উইম্বলডন একক(৩) | ঘাঁহনি | এণ্ডি ৰ'ডিক | ৬–২, ৭–৬(৭–২), ৬–৪ |
| জয় | ২০০৫ | ইউ এছ অপেন একক(২) | কঠিন | এণ্ড্ৰি আগাছী | ৬–৩, ২–৬, ৭–৬(৭–১), ৬–১ |
| জয় | ২০০৬ | অষ্ট্ৰেলিয়ান অপেন একক(২) | কঠিন | মাৰ্ক'ছ বেঘডেটিচ | ৫–৭, ৭–৫, ৬–০, ৬–২ |
| পৰাজয় | ২০০৬ | ফ্ৰেন্স অপেন একক | মাটি | ৰাফেল নাডাল | ৬–১, ১–৬, ৪–৬, ৬–৭(৪–৭) |
| জয় | ২০০৬ | উইম্বলডন একক (৪) | ঘাঁহনি | ৰাফেল নাডাল | ৬–০, ৭–৬(৭–৫), ৬–৭(২–৭), ৬–৩ |
| জয় | ২০০৬ | ইউ এছ অপেন একক (৩) | কঠিন | এণ্ডি ৰ'ডিক | ৬–২, ৪–৬, ৭–৫, ৬–১ |
| জয় | ২০০৭ | অষ্ট্ৰেলিয়ান অপেন একক (৩) | কঠিন | ফাৰ্ণাণ্ডো গঞ্জালেছ | ৭–৬(৭–২), ৬–৪, ৬–৪ |
| পৰাজয় | ২০০৭ | ফ্ৰেন্স অপেন একক | মাটি | ৰাফেল নাডাল | ৩–৬, ৬–৪, ৩–৬, ৪–৬ |
| জয় | ২০০৭ | উইম্বলডন একক (৫) | ঘাঁহনি | ৰাফেল নাডাল | ৭–৬(৯–৭), ৪–৬, ৭–৬(৭–৩), ২–৬, ৬–২ |
| জয় | ২০০৭ | ইউ এছ অপেন একক (৪) | কঠিন | নোভাক জʼকোভিচ | ৭–৬(৭–৪), ৭–৬(৭–২), ৬–৪ |
| পৰাজয় | ২০০৮ | ফ্ৰেন্স অপেন একক | মাটি | ৰাফেল নাডাল | ১–৬, ৩–৬, ০–৬ |
| পৰাজয় | ২০০৮ | উইম্বলডন | ঘাঁহনি | ৰাফেল নাডাল | ৪–৬, ৪–৬, ৭–৬(৭–৫), ৭–৬(১০–৮), ৭–৯ |
| জয় | ২০০৮ | ইউ এছ অপেন (৫) | কঠিন | এণ্ডি মাৰে | ৬–২, ৭–৫, ৬–২ |
| পৰাজয় | ২০০৯ | অষ্ট্ৰেলিয়ান অপেন একক | কঠিন | ৰাফেল নাডাল | ৫–৭, ৬–৩, ৬–৭(৩–৭), ৬–৩, ২–৬ |
| জয় | ২০০৯ | ফ্ৰেন্স অপেন একক | মাটি | ৰ'বিন ছ'ডাৰ্লিং | ৬–১, ৭–৬(৭–১), ৬–৪ |
| জয় | ২০০৯ | উইম্বলডন একক (৬) | ঘাঁহনি | এণ্ডি ৰ'ডিক | ৫–৭, ৭–৬(৮–৬), ৭–৬(৭–৫), ৩–৬, ১৬–১৪ |
| পৰাজয় | ২০০৯ | ইউ এছ এপেন একক | কঠিন | জুৱান মাৰ্টিন ডেল প'ৰ্ট' | ৬–৩, ৬–৭(৫–৭), ৬–৪, ৬–৭(৪–৭), ২–৬ |
| জয় | ২০১০ | অষ্ট্ৰেলিয়ান অপেন একক (৪) | কঠিন | এণ্ডি মাৰে | ৬–৩, ৬–৪, ৭–৬(১৩–১১) |
| পৰাজয় | ২০১১ | ফ্ৰেন্স অপেন একক | মাটি | ৰাফেল নাডাল | ৫–৭, ৬–৭(৩–৭), ৭–৫, ১–৬ |
| জয় | ২০১২ | উইম্বলডন একক (৭) | ঘাঁহনি | এণ্ডি মাৰে | ৪–৬, ৭–৫, ৬–৩, ৬–৪ |
| পৰাজয় | ২০১৪ | উইম্বলডন একক | ঘাঁহনি | নভাক জক'ভিচ | ৭–৬(৯–৭), ৪–৬, ৬–৭(৪–৭), ৭–৫, ৪–৬ |
| পৰাজয় | ২০১৫ | উইম্বলডন একক | ঘাঁহনি | নভাক জক'ভিচ | ৬–৭(১–৭), ৭–৬(১২–১০), ৪–৬, ৩–৬ |
| পৰাজয় | ২০১৫ | ইউ এছ অপেন একক | কঠিন | নভাক জক'ভিচ | ৪–৬, ৭–৫, ৪–৬, ৪–৬ |
| জয় | ২০১৭ | অষ্ট্ৰেলিয়ান অপেন একক (৫) | কঠিন | ৰাফেল নাডাল | ৬–৪, ৩–৬, ৬–১, ৩–৬, ৬–৩ |
| জয় | ২০১৭ | উইম্বলডন একক (৮) | ঘাঁহনি | মেৰিন চিলিক | ৬–৩, ৬–১, ৬–৪ |
| জয় | ২০১৮ | অষ্ট্ৰেলিয়ান অপেন একক (৬) | কঠিন | মেৰিন চিলিক | ৬–২, ৬–৭(৫–৭), ৬–৩, ৩–৬, ৬–১ |
| পৰাজয় | ২০১৯ | উইম্বলডন একক | ঘাঁহনি | নভাক জক'ভিচ | ৬–৭(৫–৭), ৬–১, ৬–৭(৪–৭), ৬–৪, ১২–১৩(৩–৭) |
ৰাষ্ট্ৰীয় প্ৰতিনিধিত্ব
অলিম্পিক
২০০০ চনৰ ছীডনিত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ যোগেদি ১৮ বছৰীয়া ফেডেৰাৰে প্ৰথমবাৰ অলিম্পিকত ভূমুকি মাৰে। একক শাখাত তেওঁ বহুকেইজন খেলুৱৈক পৰাজিত কৰি অগ্ৰগতি লাভ কৰে যদিও ছেমি ফাইনেলত টমি হাছৰ হাতত পৰাজয় বৰণ কৰে। ব্ৰঞ্জ পদকৰ যুঁজতো তেওঁ আৰ্ণড ডি পাস্কেলৰ হাতত পৰাজিত হয়।৫৯৬০
২০০৪ চনৰ এথেন্স অলিম্পিকত ফেডেৰাৰ ওঠৰ বছৰীয়া টমাছ বাৰ্ডিকৰ হাতত পৰাজিত হৈ একক শাখাৰ দ্বিতীয় ৰাউণ্ডৰ পৰাই বিদায় লয়। দ্বৈত শাখাতো দ্বিতীয় ৰাউণ্ডতে তেওঁ সেইবাৰৰ অভিযান সিমানতে সমাপ্ত কৰিবলগীয়া হয়।৬১
২০০৮ চনৰ বেইজিং অলিম্পিকত জেমছ ব্লকৰ হাতত ফেডেৰাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয়।৬২ অৱশ্যে দ্বৈত শাখাত ষ্টান ৱাৱৰিংকাৰ সৈতে যুটী বান্ধি ছুইডেনৰ ছাইমন এচপেলিন আৰু থ'মাছ জ'হানচন যুটীক পৰাজিত কৰি স্বৰ্ণপদক অৰ্জন কৰে।৬৩ এথেন্স আৰু বেইজিং উভয়ৰে উদ্বোধনী অনুষ্ঠানত ফেডেৰাৰে ছুইজাৰলেণ্ডৰ পতাকা বহন কৰিছিল।৬৪
২০১২ চনৰ লণ্ডন অলিম্পিকৰ ফাইনেলত এণ্ডি মাৰেৰ হাতত পৰাজিত হৈ তেওঁ অলিম্পিক কেৰিয়াৰৰ প্ৰথমটো ৰূপৰ পদক অৰ্জন কৰে। অৱশ্যে দ্বৈত শাখাতো ফেডেৰাৰ-ৱাৱৰিংকা যুটী দ্বিতীয় ৰাউণ্ডতে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব লগাত পৰে।৬৫৬৬
আঁঠুৰ আঘাতৰ বাবে খেলুৱৈগৰাকীয়ে ২০১৬ চনৰ ৰিঅ' অলিম্পিকত ভাগ লোৱাৰ পৰা বিৰত থাকে।৬৭
ডেভিচ কাপ
১৯৯৯ চনৰ ডেভিচ কাপত ১৭ বছৰ বয়সত ফেডেৰাৰে প্ৰথমবাৰৰ বাবে ছুইজাৰলেণ্ডৰ হৈ ইটালীৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত খেলিবলৈ লয়। প্ৰথম মেটচত তেওঁ ডেভিড ছেংগুইনেটিক চাৰিটা ৰাউণ্ডৰ অন্তত পৰাজিত কৰে।৬৮ কোৱাৰ্টাৰ ফাইনেলত তেওঁ বেলজিয়ামৰ খ্ৰীষ্ট'ফি ভান গাৰ্ছেৰ হাতত পৰাজয়বৰণ কৰে। ফলস্বৰূপৱ ছুইজাৰলেণ্ড দল ৩-২ পইণ্টত পৰাজিত হয়। পিছৰ বছৰ ল'ৰেঞ্জ' মাণ্টাৰ সৈতে ফেডেৰাৰে দ্বৈত শাখাত অগ্ৰগতি লাভ কৰে যদিও একক শাখাত দুয়োখন মেটচতে পৰাজিত হয়। অৱশ্যে এই পৰাজয়ৰ বাবে হোৱা পে'অফত বেলাৰুছৰ বিপক্ষে একক আৰু দ্বৈত দুয়ো শাকাতে জয়েৰে নিজ দেশক ৫-০ পইণ্টত জয়ী হোৱাৰ অওৱাদ দিয়ে।৬৯
২০০৩ চনত নেডাৰলেণ্ড আৰু ফ্ৰান্সৰ বিপক্ষে ৫খন মেটচত জয়লাভ কৰি ছুইচ ফলটো অষ্ট্ৰেলিয়া দলৰ বিপক্ষে খেলিবলৈ মেলব'ৰ্ন পায়গৈ।৭০ ইয়াত তেওঁ মাৰ্ক ফিলিপ'চিছক পৰাজিত কৰে যদিও দ্বৈত শাখাৰ বিপৰ্যয়ৰ বাবে ছুইচ দলটো ২-১ পইণ্টত পিছ পৰি থাকে। ইয়াৰ পিছতেই তেওঁ লেটন হেৱিটক পৰাভূত কৰি সমতা স্থাপন কৰে।৭১ অৱশ্যে পিছলৈ অষ্ট্ৰেলিয়াই ডেভিচ কাপ হস্তগত কৰে।৭২ ডেভিচ কাপৰ পৰা ধ্যান আঁতৰাই খেলুৱৈগৰাকীয়ে ব্যক্তিগত কেৰিয়াৰত অধিক গুৰুত্ব আৰোপ কৰিৱলৈ লয় আৰু মাজে মাজে কেৱল দলীয় পে'অফ মেটচসমূহত যোগদান কৰি শীৰ্ষ বাছনিত ছুইজাৰলেণ্ডৰ ৰেংকিং অক্ষত ৰাখে।৭৩৭৪৭৫
ষ্টান ৱাৱৰিংকাৰ উত্থানৰ লগে লগে ফেডেৰাৰে তেওঁৰ সৈতে যুটী বান্ধি খেলিবলৈ লয় আৰু ছুইচ দলটো ২০১৪ চনৰ ডেভিচ কাপৰ ফাইনেলত প্ৰৱেশ কৰে। পিঠিৰ আঘাতত ভুগি থকা স্বত্বেও ফেডেৰাৰে খেলা অব্যাহত ৰাখে আৰু ছুইজাৰলেণ্ডে সেই বছৰৰ ডেভিচ কাপ হস্তগত কৰে।৭৬৭৭৭৮
ডেভিচ কাপত ছুইজাৰলেণ্ডৰ বাবে ফেডেৰাৰে কেইবাটাও অভিলেলহ গঢ়ে।৭৯
হ'পমেন কাপ

ছুইজাৰলেণ্ডক প্ৰতিনিধিত্ব কৰি মাৰ্টিনা হিংগিজৰ সৈতে যুটী বান্ধি ফেডেৰাৰে ২০০১ চনৰ হ'পমেম কাপৰ খিতাপ দখল কৰে। তেওঁলোকে আমেৰিকাৰ মনিকা চেলেছ আৰু জন-মাইকেল গেম্বিলক ফাইনেলত পৰাভূত কৰে।৮০ পৰৱৰ্তী বছৰটোত তেওঁ বৰ্তমানৰ সহধৰ্মিণী মিৰকা ভেৱৰিনেকৰ সৈতে যুটীয়াভাৱে খেলে যদিও ৰাউণ্ড ৰবিন পৰ্যায়ত পৰাস্ত হয়।৮১
২০১৭ চনত বেলিণ্ডা বেনচিকৰ সৈতে যুটী বান্ধি খেলে যদিও ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয়।৮২৮৩
২০১৮ চনত পুনৰবাৰ বেনচিক-ফেডেৰাৰ যুটী হ'পমেন কাপৰ যুঁজত অৱতীৰ্ণ হয় আৰু খিতাপ দখল কৰে। ফাইনেলত তেওঁলোকে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভ আৰু এঞ্জেলিক কাৰ্বাৰক ২-১-ত পৰাস্ত কৰে।৮৪
২০১৯ চনতো ফেডেৰাৰ-বেনচিক যুটীয়ে পুনৰবাৰ জেভেৰেভ আৰু কাৰ্বাৰক পৰাজিত কৰি হ'পমেন কাপৰ খিতাপ অৰ্জন কৰে।৮৫
তিনিবাৰকৈ হ'পমেন কাপ জয় কৰা ফেডেৰাৰেই একমাত্ৰ ব্যক্তি।৮৫
আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিত্ব
লেভাৰ কাপ
ফেডেৰাৰক লেভাৰ কাপৰ উদ্ভাৱনৰো কৃতিত্ব প্ৰদান কৰা হয়। এই টুৰ্ণামেণ্টখনত ইউৰোপ বিশ্বৰ বাকী দেশসমূহৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। অষ্ট্ৰেলিয়ান টেনিছ খেলুৱৈ ৰ'ড লেভাৰৰ সন্মানত এই টুৰ্ণামেণ্টখনৰ আৰম্ভণি কৰা হয় আৰু ইয়াৰ উদ্বোধনী সংস্কৰণটো খেলা হয় ২০১৭ চনত।৮৬
২০১৭ চনৰ লেভাৰ কাপ ইউৰোপে দখল কৰে। এই গোটেই টুৰ্ণামেণ্টখনত ফেডেৰাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰূপে পৰিগণিত হয়।৮৭৮৮
২০১৮ চনতো ফেডেৰাৰৰ নেতৃত্বত ইউৰোপে বাকী বিশ্বৰ বিপক্ষে ১৩-৮ পইণ্টত জয়ী হয়। ফেডেৰাৰে নিক কিৰ্জিয়ছ আৰুজন ইছনাৰৰ বিৰুদ্ধে একেক মেটচসমূহত জয়ী হয় যদিও দ্বৈত মেটচকেইখনত তেওঁ পৰাজয় বৰণ কৰে।৮৯
২০১৯ চনত লেভাৰ কাপ জেনেভাত অনুষ্ঠিত হয় আৰু একেৰাহে তৃতীয়বাৰৰ বাবে ইউৰোপ ১১-১৩ পইণ্টত বিজয়ী হয়।
স্প'নছৰ আৰু এণ্ড'ৰ্ছমেণ্ট
২০২০ চনৰ মে' মাহত ফেডেৰাৰ ফৰ্বছ আলোচনীৰ বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী এথলীটৰ তালিকাত স্থান পোৱা প্ৰথমগৰাকী টেনিছ খেলুৱৈৰূপে পৰিগণিত হয়।৯০৯১ জাপানৰ বস্ত্ৰ কোম্পানী ইউনিকল', চুইছ কোম্পানী নেচনেল চুইজে, ক্ৰেডিট ছুইজে, ৰ'লেক্স, লিণ্ট, ছানৰাইজ আৰু জুৰা ইলেক্ট্ৰএপাৰেটৰ পৰা তেওঁ এণ্ডৰ্চমেণ্ট বা ব্যৱসায়িক চুক্তি লাভ কৰিছে।৯২ এক বাতৰি অনুযায়ী ইউনিকল'ই ১০ বছৰৰ বাবে ফেডেৰাৰৰ সৈতে প্ৰায় ৩০০ মিলিয়ন ডলাৰৰ চুক্তি কৰিছে।৯৩৯৪ ২০১০ চনত তেওঁ মাৰ্চিডিচ-বেঞ্জ চীনৰ সৈতে থকা তেওঁৰ চুক্তি গোলকীয় সহযোগিতালৈ সম্প্ৰসাৰণ কৰে।৯৫ তেওঁৰ অন্যান্য পৃষ্ঠপোষকৰ ভিতৰত জিলেট, উইলছন, বেৰিলা আৰু ময়েট এণ্ড চেণ্ডনো আছে।৯০৯৬৯৭ পূৰ্বতে তেওঁ নাইক, নেটজেটছ, এমি এজি,৯৮ আৰু ম'ৰিছ লেক্ৰ'ইক্সৰ ব্ৰেণ্ড এম্বেছাডৰ আছিল।৯৯
তথ্যসূত্ৰ
- ↑ Credit Suisse – Roger Federer, a Basel Boy Forever. Sponsorship.credit-suisse.com
- ↑ Dwyre, Bill. (12 March 2009). Roger Federer wants to show he can go from two to one. Los Angeles Times
- ↑ Briggs, Simon. (13 May 2014). Roger Federer: Birth of twins makes this time of my life. The Daily Telegraph
- ↑ Für wen schlägt Federers Fussball-Herz?, Blick, 11 September 2009
- ↑ Stauffer, René. (2007). The Roger Federer Story: Quest for Perfection. New Chapter Press. পৃ. 4. ISBN 978-0-942257-39-7
- ↑ Ask Roger — Official website. Roger Federer Official Website
- ↑ Federer, Roger. Ask Roger. Roger Federer Official Website
- ↑ Blast From The Past: Roger Federer as Ball Boy at Swiss Indoors. Tennis World USA
- ↑ Muhieddine, Fabian. (13 July 2009). Roger Federer: le voici exempté de PC... Le Matin
- ↑ (6 February 2004). Federer to serve in Swiss civil force, not army. USA Today
- ↑ (31 July 2009). Roger Federer – Celebrity fans – Interviews. FourFourTwo
- ↑ Lin, Thomas. (29 May 2009). How Badminton Helped Federer's Game. Straight Sets
- ↑ Viner, Brian. (2 July 2005). Roger Federer: A Smashing Guy. The Independent
- ↑ (11 April 2010). Off Court — Mr. and Mrs. Federer. Roger Federer Official Website
- ↑ (24 July 2009). Roger Federer and wife are proud parents of twins. OneIndia
- ↑ (6 May 2014). Roger Federer's wife gives birth to second set of twins. BBC Sport
- ↑ (13 May 2014). Roger Federer: Mirka and I couldn't be happier with twin boys – and now we know how to cope with babies on tour. The Guardian
- ↑ Boys' Singles Finals 1947–2011. The Championships, Wimbledon
- ↑ Boys' Doubles Finals 1947–2011. The Championships, Wimbledon
- ↑ ITF Junior. Federer Junior Activity
- ↑ July 7, 1998: Roger Federer makes a debut on the ATP Tour in Gstaad. Tennis World USA
- ↑ Roger Federer – 2000 Singles Playing Activity. ATP World Tour
- ↑ (6 January 2001). Hingis, Federer win Hopman Cup title over U.S.. Sports Illustrated
- ↑ Daniel, Owen. (7 January 2001). Hopman Cup: Hingis ends jinx. The Daily Telegraph
- ↑ (6 February 2001). Federer beats Boutter in Milan for first title. Hürriyet Daily News
- ↑ (6 January 2018). Roger Federer, Belinda Bencic claim the Hopman Cup for Switzerland with victory over Germany. Perth Now
- ↑ (4 February 2001). Federer claims first ATP title. BBC Sports
- ↑ Roger Federer – 2001 Singles Playing Activity. ATP World Tour
- ↑ #RF65: Looking back at each step of Roger Federer's 65-Slam run (Part 1). Tennis.com
- ↑ Roberts, Selena. (3 July 2001). Sampras, King of Wimbledon, Is Dethroned. The New York Times
- ↑ (4 July 2001). Henman marches on
- ↑ Roger Federer – 2002 Singles Playing Activity. ATP World Tour
- ↑ Miami 2002, Roger Federer recalls best second win ever. Tennis World USA
- ↑ Hamburg 2002: Roger Federer beats Marat Safin for first Masters 1000 title. Tennis World USA
- ↑ Roger Federer – 1998 Singles Playing Activity. ATP World Tour
- ↑ Roger Federer – 1999 Singles Playing Activity. ATP World Tour
- ↑ (6 July 2003). Inspired Federer wins Wimbledon. BBC Sport
- ↑ Meadows, Stephen Bierley at Flushing. (6 September 2003). Federer departs amid charges of American favouritism. The Guardian
- ↑ ATP. Roger Federer 2003 Doubles
- ↑ Roger Federer – 2003 Singles Playing Activity. ATP World Tour
- ↑ Ingle, Sean. (10 May 2007). Rome Masters: Roger Federer thrashed by Italian unknown. The Guardian
- ↑ Heritage. Nitto ATP Finals
- ↑ (1 February 2004). Majestic Federer takes title. BBC Sport
- ↑ Newbery, Piers. (4 July 2004). Federer fights back to retain title. BBC sport
- ↑ Roger Federer – 2004 Singles Playing Activity. ATP World Tour
- ↑ Hodgkinson, Mark. (24 May 2018). Fedegraphica: A Graphic Biography of the Genius of Roger Federer. Aurum Press. পৃ. 136. ISBN 978-1-78131-838-6
- ↑ Bierley, Stephen. (3 June 2005). Tennis: Nadal beats Federer in battle of wills. The Guardian
- ↑ (3 July 2005). Federer seals Wimbledon hat-trick
- ↑ Roger Federer – 2005 Singles Playing Activity. ATP World Tour
- ↑ York, Stephen Bierley in New. (13 September 2005). Federer beats Agassi to claim US crown. The Guardian
- ↑ (13 October 2005). Federer suffers ligament injury. BBC Sport
- ↑ Tignor, Steve. (28 November 2011). Final thoughts. Tennis.com
- ↑ VAVEL.com. (28 December 2015). Greatest Seasons: Roger Federer 2006. VAVEL
- ↑ Roger Federer – 2006 Singles Playing Activity. ATP World Tour
- ↑ Bierley, Steve. (24 May 2006). Tennis: Nadal blocks Federer's record hunting. The Guardian
- ↑ August 16, 2006: Murray snaps Federer's 55-match winning streak at.. Tennis World USA
- ↑ Why Roger Federer's 2006 season beats Novak Djokovic's 2015 season
- ↑ Basel 2006: Roger Federer wins first title at home to start the supremacy. Tennis World USA
- ↑ BBC World Service - Sportshour - Federer on his fading hopes of Olympic singles gold. BBC
- ↑ Summer Olympics 2000 Williams sisters win gold in women's doubles. www.espn.com
- ↑ (17 August 2004). Federer crashes out. BBC sport
- ↑ (14 August 2008). Olympics: Roger Federer beaten by James Blake in men's tennis singles. The Guardian
- ↑ (16 August 2008). Federer wins Olympic doubles gold
- ↑ (26 July 2012). London Olympics: Roger Federer on why he won't be Swiss flag bearer. Los Angeles Times
- ↑ (5 August 2012). Andy Murray wins men's singles Olympics tennis gold. BBC Sport
- ↑ (1 August 2012). Olympics tennis: Roger Federer & Stanislas Wawrinka out of doubles. BBC Sport
- ↑ (26 July 2016). Roger Federer to miss Rio 2016 Olympics and rest of season with knee injury. BBC Sport
- ↑ Roger Federer makes victorius Davis Cup debut at 17. Tennis World USA
- ↑ Davis Cup - Draws & Results. www.daviscup.com
- ↑ (6 April 2003). Davis Cup - World Group Quarterfinal results. daviscup.com
- ↑ (21 September 2003). Davis Cup - World Group semifinal results. www.daviscup.com
- ↑ Davis Cup - Flashback: 2003 Davis Cup Final. www.daviscup.com
- ↑ Switzerland Davis Cup Team. Davis Cup
- ↑ Davis Cup - Wawrinka to lead Swiss charge. www.daviscup.com
- ↑ Federer to play Davis Cup tie against US · Tennis News. NDTVSports.com
- ↑ Mitchell, Kevin. (20 November 2014). Roger Federer's back problem leaves Davis Cup final on knife edge. The Guardian
- ↑ (23 November 2014). Federer finishes the job to clinch Swiss Davis Cup triumph. The Independent
- ↑ Davis Cup - Federer hands Switzerland first Davis Cup title. www.daviscup.com
- ↑ Davis Cup – Teams. daviscup.com
- ↑ Daniel, Owen. (7 January 2001). Hopman Cup: Hingis ends jinx. Daily Telegraph
- ↑ (30 December 2017). Why Perth's in Roger's heart. PerthNow
- ↑ (2 January 2017). Roger Federer beats Dan Evans on return from injury in Hopman Cup. BBC Sport
- ↑ Sunderland, Tom. Hopman Cup 2017: Friday Tennis Scores, Results and Final Schedule. Bleacher Report
- ↑ Reuters. (6 January 2018). Roger Federer in fine form as Switzerland seal third Hopman Cup victory. The Observer
- ↑ (5 January 2019). Federer wins record third Hopman Cup crown. www.abc.net.au
- ↑ Clarey, Christopher. (20 September 2017). For Laver Cup, Roger Federer and Rafael Nadal Are on the Same Side. The New York Times
- ↑ (24 September 2017). Laver Cup 2017: Team Europe beat Team World 15-9 in inaugural competition. BBC Sport
- ↑ Laver Cup 2017: Europe v The World - results & standings. BBC Sport
- ↑ (24 September 2018). Laver Cup: Roger Federer and Alexander Zverev win as Team Europe retain title. BBC Sport
- ↑ (10 June 2019). #5 Roger Federer. Forbes
- ↑ (30 May 2020). Roger Federer becomes world's highest paid athlete says Forbes. BBC website
- ↑ (2 July 2018). Roger Federer drops decades-old Nike partnership for Uniqlo. BBC News
- ↑ Binlot, Ann. (28 August 2018). Roger Federer On Why He Ditched Nike For A $300 Million Uniqlo Deal. Forbes
- ↑ (20 May 2009). Federer Grinding It Out. Tennis.com
- ↑ (27 May 2010). Mercedes-Benz Announces Global Partnership with Roger Federer. Mercedes-Benz USA
- ↑ Soshnick, Scott; Rossingh, Danielle. (1 June 2012). Roger Federer, Agent Tony Godsick Leaving Management Company IMG. Bloomberg
- ↑ (2 January 2012). Roger Federer Moët & Chandon Ambassador. Moet.com
- ↑ (29 January 2006). Top-Ranked Player Wants Top-Shelf Endorsements. The New York Times. Bloomberg News
- ↑ (2 April 2005). Roger Federer Chronometer. Europa Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ'জাৰ ফেডেৰাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৭০ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।