ছুইজাৰলেণ্ডৰ ব্যক্তি
১৭ প্ৰবন্ধ
-
ৰ'জাৰ ফেডেৰাৰ
ৰ'জাৰ ফেডেৰাৰ (Roger Federer) হৈছে ছুইজাৰলেণ্ডৰ এগৰাকী বৃত্তিগত টেনিছ খেলুৱৈ। এচ'চিয়েশ্যন অফ টেনিছ প্ৰ'ফেশ্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি খেলুৱৈগৰাকীৰ গোলকীয় স্থান হৈছে পঞ্চদশ।
-
লী ক'ৰবাজিয়ে
চাৰ্লছ-এডৱাৰ্ড জিয়েনেৰেট-গ্ৰীজ (Charles-Édouard Jeanneret-Gris), যাক প্ৰধানকৈ লী ক'ৰবাজিয়ে (Le Corbusier;; ৬ অক্টোবৰ, ১৮৮৭ – ২৭ আগষ্ট, ১৯৬৫) নামেৰে জনা যায়, এগৰাকী খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক। তেওঁক আধুনিক স্থপতিবিদ্যাৰ জনকসকলৰ মাজত অন্যতম বুলি গণ্য কৰা হয়।
-
কাৰ্ল গুষ্টাভ য়ুং
কাৰ্ল গুষ্টাভ য়ুং (Carl Gustav Jung) আছিল এজন ছুইচ মনোচিকিৎসক আৰু মনোবিশ্লেষক। তেওঁ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ কৰ্মৰাজীয়ে মনোচিকিৎসা, নৃতত্ব, সাহিত্য, দৰ্শন আৰু ধৰ্মীয় অধ্যয়নৰ ক্ষেত্ৰখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।
-
ডিডিয়াৰ কুয়েলজ
ডিডিয়াৰ কুয়েলজ (২৩ ফেব্ৰুৱাৰি, ১৯৬৬) এজন ছুইছ জ্যোতিৰ্বিজ্ঞানী আৰু জেনেভা বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক। আৰু ত্ৰিনিটি কলেজ, কেমব্ৰিজৰ এজন সদস্য। ২০১৯চনত ঘোষিত হোৱা পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ তেওঁ এক চতুৰ্থাংশ অংশীদাৰিত্ব পায়।
-
লিঅ'নাৰ্ড অইলাৰ
লিঅ'নাৰ্ড অইলাৰ (;,; এপ্ৰিল ১৫, ১৭০৭ছেপ্টেম্বৰ ১৮, ১৭৮৩) এজন অগ্ৰদূত ছুইছ্ গণিতজ্ঞ তথা পদাৰ্থবিজ্ঞানী আছিল। তেওঁ আনকি Infinitesimal calculus আৰু Graph theoryৰ নিচিনা ভিন্ন মেৰুৰ ক্ষেত্ৰতো গুৰুত্ব-পূৰ্ণ আৱিষ্কাৰ কাৰিছিল।
-
জোচেফিন ক্ল’ফুলিয়া
জোচেফিন ক্ল’ফুলিয়া (১৮২৯–১৮৭০) আছিল চুইজাৰলেণ্ডত জন্মগ্ৰহণ কৰা এগৰাকী বিখ্যাত দাড়ি থকা নাৰী যি পি.টি.বাৰ্নামৰ "আমেৰিকান মিউজিয়াম"ৰ অংশ হোৱাৰ বাবেই আটাইতকৈ বিখ্যাত।
-
আৰছাছ ৱেৰলী
আৰছাছ ৱেৰলী (Ursus Wehrl) এগৰাকী ছুইছ হাস্যৰসিক আৰু আৰু চিত্ৰকৰ ৷ তেওঁৰ বিখ্যাত চিত্ৰকৰৰ ছবিসমূহৰ নিকাকৰণ/ সজ্জাবদ্ধ কৰা ("tidies up")ৰ বিষয়ে ৰচিত গ্ৰন্থসমূহ অতিকে জনপ্ৰিয় ৷ ২০১২ চনত তেওঁ ছুইছ ডাকবিভাগৰ বাবে এটা ডাকটিকট ডিজাইন কৰে ৷
-
উৰ্চুলা কেলাৰ
উৰ্চুলা কেলাৰ ( Ursula Keller; জন্ম: ২১ জুন ১৯৫৯) এগৰাকী চুইজাৰলেণ্ডৰ পদাৰ্থবিজ্ঞানী। ১৯৯৩ চনৰ পৰা তেওঁ চুইজাৰলেণ্ডৰ ই টি এইচ জুৰিখৰ টেন্যুৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা।
-
কাৰ্মেন মৰী
কাৰ্মেন কাষ্ট্ৰো মৰী ( Carmen Castro Mory; ২ জুলাই ১৯০৬ – ৯ এপ্ৰিল ১৯৪৭) আছিল ৰেভেনছব্ৰুক কনচেনট্ৰেচন কেম্পত নাজী জাৰ্মানী আৰু কাপোৰ চুইজাৰলেণ্ডৰ চোৰাংচোৱা। ১৯৪৭ চনত হামবাৰ্গ ৰেভেন্সব্ৰুক বিচাৰত তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল।
-
ক্লড-ইংগা বাৰবে
ক্লড-ইংগা বাৰবে (ইংৰাজী: Claude-Inga Barbey; জন্ম: ২১ জানুৱাৰী ১৯৬১ – ৩ জানুৱাৰী ২০২৬) এগৰাকী চুইছ কৌতুক অভিনেতা, অভিনেত্ৰী আৰু লেখিকা আছিল।
-
চুহেইলা ইয়াকুব
চুহেইলা ইয়াকুব (ইংৰাজী: Souheila Yacoub; জন্ম: ২৯ জুন ১৯৯২) এগৰাকী চুইছ অভিনেত্ৰী, নাট্য নিৰ্মাতা, প্ৰাক্তন ৰিদমিক জিমনাষ্ট আৰু মিছ চুইছ ৰোমাণ্ডে ২০১২-ৰ বিজয়ী। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে ক্লাইমেক্স (২০১৮), মেকিং অৱ (২০২৩) আৰু ড্যুন: পাৰ্ট টু (২০২৪)।
-
জিন পিয়াজে
জিন উইলিয়াম ফ্ৰীটজ পিঁয়াজে (ইংৰাজী: Jean William Fritz Piaget; ৯ আগষ্ট ১৮৯৬ – ১৬ ছেপ্টেম্বৰ ১৯৮০) আছিল এজন ছুইছ মনোবিজ্ঞানী, যি শিশুৰ বিকাশ সম্পৰ্কীয় গৱেষণাৰ বাবে সৰ্বত্ৰ পৰিচিত।
-
নিকোল আলমান
নিকোল আলমান (ইংৰাজী: Nicole Allmann; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী চুইছ অভিনেত্ৰী, কৌতুক অভিনেতা, মডেল আৰু লেখিকা। ২০০৪ চনৰ চুটি ছবি ফেলিচিয়াত তেওঁ প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
মাৰ্থা ষ্টেটলাৰ
এডেলহাইড ফেনী মাৰ্থা ষ্টেটলাৰ ( Adelheid Fanny Martha Stettler) জন্ম: ২৫ ছেপ্টেম্বৰ ১৮৭০ – মৃত্যু: ১৬ ডিচেম্বৰ ১৯৪৫ এগৰাকী চুইজাৰলেণ্ডৰ চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী আছিল।
-
মুচ বুলেঞ্জাৰ
মুচ বুলেঞ্জাৰ (ইংৰাজী: Mousse Boulanger; জন্মতে: বাৰ্থ ছফি নিউয়েনশ্বাণ্ডাৰ; ৩ নৱেম্বৰ ১৯২৬ – ১৬ জানুৱাৰী ২০২৩) এগৰাকী চুইজাৰলেণ্ডৰ কবি, অভিনেত্ৰী আৰু টেলিভিছন প্ৰযোজক আছিল।
-
লৌৰিয়ান গিলাৰন
লৌৰিয়ান গিলাৰন (ইংৰাজী: Lauriane Gilliéron; জন্ম: ২৫ জুলাই ১৯৮৪) এগৰাকী চুইছ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে ২০০৫ চনৰ ২১ ছেপ্টেম্বৰত মিছ চুইজাৰলেণ্ডৰ মুকুট লাভ কৰিছিল।
-
ৰিতা পাভোন
ৰিতা ওৰি ফিলোমেনা মাৰ্ক-পাভোন (ইংৰাজী: Rita Ori Filomena Merk-Pavone; জন্ম: ২৩ আগষ্ট ১৯৪৫) এগৰাকী ইটালী-ছুইজাৰলেণ্ডৰ পপ গায়িকা, অভিনেত্ৰী আৰু শ্ব’গাৰ্ল, যিয়ে ১৯৬০ চনৰ দশকত জনপ্ৰিয়তা অৰ্জন কৰিছিল।