অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাফেল নাডাল

ৰাফেল "ৰাফা" নাডাল পাৰেৰা (; জন্ম: ৩ জুন ১৯৮৬) হৈছে এগৰাকী স্পেনিছ বৃত্তিগত টেনিছ খেলুৱৈ। এচ'ছিয়েচন এফ টেনিছ প্ৰফেশ্ব্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি বিশ্বত তেওঁৰ স্থান তৃতীয়। তেওঁ ২০৯ সপ্তাহৰ বাবে প্ৰথম স্থানত অধিষ্ঠিত আছিল আৰু পাঁ‌চবাৰকৈ বৰ্ষান্তৰ শীৰ্ষস্থান লাভ কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৭৮৯ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰাফেল "ৰাফা" নাডাল পাৰেৰা (; ১ জন্ম: ৩ জুন ১৯৮৬) হৈছে এগৰাকী স্পেনিছ বৃত্তিগত টেনিছ খেলুৱৈ। এচ'ছিয়েচন এফ টেনিছ প্ৰফেশ্ব্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি বিশ্বত তেওঁৰ স্থান তৃতীয়। তেওঁ ২০৯ সপ্তাহৰ বাবে প্ৰথম স্থানত অধিষ্ঠিত আছিল আৰু পাঁ‌চবাৰকৈ বৰ্ষান্তৰ শীৰ্ষস্থান লাভ কৰিছিল। নাডালে ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰ'জাৰ ফেডেৰাৰ আৰু নোভাক জʼকোভিচৰ সৈতে যুটীয়াভাৱে অভিলেখ স্থাপন কৰিছে। ইয়াৰোপৰি তেওঁ ৩৬টা মাষ্টাৰ্ছ ১০০০ একক শাখাৰ খিতাপ অৰ্জনেৰে নোভাক জʼকোভিচৰ সৈতে শীৰ্ষস্থানত আছে।

নাডালে ১৩টা ফ্ৰেন্স অপেনৰ খিতাপ জয় কৰি অভিলেখ গঢ়িছে। তেওঁ লাভ কৰা ৮৮টা খিতাপৰ ৬২টাই ধূলিয়ৰী পৃষ্ঠ বা ক্লে' কোৰ্টৰ। ইয়াৰে ভিতৰত ৩৬টা এটিপি মাষ্টাৰ্ছ ১০০০ শাখাৰ খিতাপ আৰু তাৰে ২৬টাই ক্লে' কোৰ্ট বা মাটি পৃষ্ঠৰ। এই পৃষ্ঠত তেওঁ একেলেথাৰিয়ে ৮১খন মেটচত জয়লাভ কৰি অভিলেখ গঢ়িছে।

শৈশৱ কালৰেপৰা বৃত্তিগত কেৰিয়াৰৰ অধিকাংশ কাল ৰাফেল নাডালে খুড়াক টনি নাডালৰপৰা প্ৰশিক্ষণ লাভ কৰিছিল। ১৯ বছৰ বয়সতে ফ্ৰেন্স অপেন আৰু এটিপি মাষ্টাৰ্ছ শাখায় ১৬টা খিতাপ জয়ৰ লগতে বিশ্ব ৰেংকিংৰ দ্বিতীয় স্থান দখলেৰে এটিপিৰ ইতিহাসত তেওঁ সবাতোকৈ সফল কিশোৰ খেলুৱৈৰ ভিতৰত অন্যতম। ২০০৮ চনত ৰ'জাৰ ফেডেৰাৰক ক্লে' কোৰ্টত পৰাজিত কৰি নাডালে প্ৰথমবাৰৰ বাবে বিশ্ব ৰেংকিংৰ শীৰ্ষস্থান দখল কৰিছিল। একে বছৰতে তেওঁ গ্ৰীষ্মকালীন অলিম্পিকৰ স্বৰ্ণপদকো জয় কৰে। ২০১০ চনৰ ইউ এছ অপেন খিতাপ জয়ৰ যোগেদি তেওঁ কেৰিয়াৰ গ্ৰেণ্ড শ্লাম সম্পূৰ্ণ কৰে। অলিম্পিকৰ স্বৰ্ণ জয় কৰাৰ পিছতেই তেওঁ কেৰিয়াৰ গ'ল্ডেন শ্লাম সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব অৰ্জন কৰে। পৰৱৰ্তী দশকত নাডালৰ প্ৰধান প্ৰতিদ্বন্দ্বীৰ ৰূপত জ'কোভিচৰ উত্থান ঘটে। ১৯বাৰ মুখ্য শাখাসমূহৰ ফাইনেলকে ধৰি দুয়ো ৫৭বাৰ মুখামুখি হৈছে যি মুক্ত কাল বা অপেন এৰাৰ পুৰুষৰ প্ৰতিদ্বন্দ্বিতাসমূহৰ ভিতৰত সৰ্বাধিক।

নাডালে চাৰিবাৰকৈ এটিপি ৱৰ্ল্ড ট্যুৰৰ ষ্টিফেন এডবাৰ্গ স্পৰ্টছমেনশ্বিপ বঁ‌টা জয় কৰাৰ লগতে ২০১১ আৰু ২০২১ চনত ল'ৰিয়াছ ৱৰ্ল্ড স্পৰ্টছমেনশ্বিপ অফ দ্য ইয়েৰ বঁ‌টা লাভ কৰিছে। স্পেইনক প্ৰতিনিধিত্ব কৰি তেওঁ একক আৰু দ্বৈত উভয় শাখাতে স্বৰ্ণপদক জয়ৰ লগতে দেশৰ ডেভিচ কাপ দলৰ নেতৃত্ব দি পাঁ‌চবাৰকৈ জয়ৰ সোৱাদ দিছে। নিজৰ গৃহচহৰ মেল'ৰ্কাত নাডালে এখন টেনিছ একাডেমীও প্ৰতিষ্ঠা কৰিছে।

প্ৰাৰম্ভিক জীৱন

নাডালৰ জন্ম হয় স্পেইনৰ মেনাকৰ নামৰ চহৰত। তেওঁৰ মাতৃৰ নাম আনা মাৰিয়া পাৰেৰা ফিমেনিয়াছ আৰু পিতৃৰ নাম ছেবাষ্টিয়ান নাডাল হোমাৰ। তেওঁৰ পিতৃৰ নিজা বীমা কোম্পানী, কাঁ‌চ আৰু খিৰিকীৰ ব্যৱসায় আৰু ছা পুণ্টা নামৰ এক ৰেষ্টুৰেণ্ট আছে। মাৰিয়া ইজাবেল নাডালৰ ভগ্নী। টেনিছ খেলুৱৈগৰাকীৰ খুড়াক মিগুৱেল এঞ্জেল নাডাল এজন অৱসৰপ্ৰাপ্ত ফুটবলাৰ। তেওঁ আৰচিডি মেল'ৰ্কা, এফচি বাৰ্চিলোনা আৰু স্পেইনৰ জাতীয় দলৰ হৈ খেলিছিল।২ শৈশৱকালত নাডালে ব্ৰাজিলৰ ষ্ট্ৰাইকাৰ ৰোণাল্ডোক অনুসৰণ কৰিছিল আৰু নিজ খুড়াকৰ সহায়ত বাৰ্চিলোনাৰ ড্ৰেচিং কোঠালৈ ৰোণাল্ডোৰ সৈতে এখন ফটো তুলিবৰ বাবে গৈছিল।৩ অন্য এজন খুড়াক টেনিছ প্ৰশিক্ষক টনি নাডালে শিশু ৰাফেলৰ স্বতঃস্ফূৰ্ত প্ৰতিভা লক্ষ্য কৰি তিনি বছৰ বয়সতে টেনিছৰ সৈতে তেওঁৰ পৰিচয় কৰাই দিয়ে।৪

৮ বছৰ বয়সত নাডালে ১৩ বছৰ বয়সৰ অনুৰ্ধৰ স্থানীয় এখন টেনিছ খেলত জয়ী হয়। একেসময়তে তেওঁ ফুটবলতো পাৰদৰ্শিতা দেখুৱায়।৫ ইয়াৰ পিছতেই টনি নাডালে তেওঁৰ প্ৰশিক্ষণৰ মাত্ৰা বঢ়াই দিয়ে। সেই সময়ত নাডালৰ দুয়োহতীয়া ফ'ৰহেণ্ড খেলৰ ক্ষমতা দেখি খুড়াকে তেওঁক খেলপথাৰত স্বাভাৱিক সুবিধাৰ বাবে বাঁওহাতেৰে খেলিবলৈ উৎসাহিত কৰে।৫

১২ বছৰ বয়সত নাডালে উক্ত বয়সৰ স্পেনিছ আৰু ইউৰোপীয়ান টেনিছ খিতাপ জয় কৰে আৰু লগতে ফুটবল খেলো অব্যাহত ৰাখে।৫ নাডালৰ পিতৃয়ে বিদ্যালয়ৰ কামত হেঙাৰ নপৰিবৰ বাবে ফুটবল আৰু টেনিছৰ যিকোনো এটা বাছি ল'বলৈ কয়। তেতিয়াই একে আষাৰতে নাডালে টেনিছক নিৰ্বাচন কৰে।৫

১৪ বছৰ বয়সত স্পেনিছ টেনিছ ফেডাৰেচনে প্ৰশিক্ষণ অব্যাহত ৰাখিবলৈ নাডালক মেল'ৰ্কা এৰি বাৰ্চিলোনালৈ উঠি আহিবলৈ অনুৰোধ কৰে। অৱশ্যে শিক্ষা গ্ৰহণ বাধাগ্ৰস্ত হোৱাৰ আশংকাত তেওঁৰ পৰিয়ালে এই প্ৰস্তাৱত অনুমোদন নজনায়৫ আৰু টনি নাডালে কয় যে ভাল খেলুৱৈ হ'বলৈ তেওঁৰ আমেৰিকা বা আন ঠাইলৈ যোৱাৰ প্ৰয়োজন নাই; এয়া ঘৰত থাকিয়েই কৰিব পাএই।৪ ঘৰতে থকাৰ সিদ্ধান্তৰ বাবে ফেডাৰেচনে বিত্তীয় সাহায্য কমাই দিয়ে আৰু নাডালৰ পিতৃয়েই খৰছসমূহ বহন কৰিবলগা হয়। ২০০১ চনত ক্লে' কোৰ্টৰ এক প্ৰদৰ্শনীমূলক খেলত নাডালে পূৰ্বৰ গ্ৰেণ্ড শ্লাম বিজয়ী পেট কেছক পৰাজিত কৰে।২

কেৰিয়াৰ

কেৰিয়াৰৰ আৰম্ভণি আৰু ডেভিচ কাপ

নাডালে ১৫ বছৰ বয়সৰপৰাই বৃত্তিমূলক টেনিছত সোমাই পৰে৬ আৰু ইণ্টাৰনেচনেল টেনিচ ফেডাৰেচন বা চমুকৈ আইটিএফৰ দুটা জুনিয়ৰ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০০২ চনৰ ২৯ এপ্ৰিলত ১৫ বছৰ ১০ মাহতেই তেওঁ ৰেম'ন ডেলগেড'ক পৰাজিত কৰি প্ৰথমখন এটিপি মেটচত বিজয় সাব্যস্ত কৰে। সেই সময়ত বিশ্ব ৰেংকিংত তেওঁৰ স্থান আছিল ৭৬২।৭৮

২০০১ চনত নাডালে চেলেঞ্জাৰ শৃংখলাৰ একক শাখাত এখন খেলত জিকে যদিও এখনত পৰাজয় বৰণ কৰে। আইটিএফ ফিউচাৰছত একক আৰু দ্বৈত মেটচত তেওঁৰ জিকা আৰু হৰাৰ অনুপাত আছিল যথাক্ৰমে ৭-৫ আৰু ১-২।৯

২০০২ চনত ১৬ বছৰ বয়সীয়া নাডাল উইম্বলডনৰ ল'ৰা শাখাৰ (পুৰুষ শাখা নহয়) ছেমিফাইনেল পায়গৈ।১০ সেই বছৰতে জুনিয়ৰ ডেভিচ কাপত আমেৰিকা যুক্তৰাষ্ট্ৰ পৰাজিত কৰাত স্পেইনৰ হৈ তেওঁ অৱদান আগবঢ়ায়।১০১১ ২০০২ চনৰ চেলেঞ্জাৰ শৃংখলাত তেওঁ অংশগ্ৰহণ কৰা নাছিল যদিও ফিউচাৰছৰ একক আৰু দ্বৈত শাখাত তেওঁৰ জিকা-হৰাৰ সংখ্যা আছিল ক্ৰমে ৪০-৯ আৰু ১০-৯। ইয়াত তেওঁ মুঠতে ছটা একক খিতাপ দখল কৰে। ইয়াৰে পাঁ‌চটা আছিল মাটি পৃষ্টৰ আৰু এটা কঠিন পৃষ্ঠৰ।১২১৩

এপ্ৰিল মাহলৈ নাডাল ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ যোগেদি এটিপি আন্তৰ্জাতিক শৃংখলাৰ মেল'ৰ্কা অপেনত (মাটি পৃষ্ঠ) প্ৰৱেশ কৰে আৰু একক তথা দ্বৈত উভয় শাখাতে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। একক শাখাত তেওঁ ৰেমন ডেলগেড'ক পৰাভূত কৰি নিজৰ প্ৰথমখন এটিপি মেটচত জয়লাভ কৰে। ইয়াৰ পিছত তেওঁ অলিভিয়াৰ ৰ'কাচকো পৰাজিত কৰে।১২ দ্বৈত শাখাত তেওঁ প্ৰথম ৰাউণ্ডতে পৰাজিত হয়।১৪

২০০৩ চনত নাডালে প্ৰথমটো চেলেঞ্জাৰ খিতাপ জয় কৰাৰ লগতে বছৰটোৰ শেষত বিশ্ব ৰেংকিংৰ ৪৯ স্থানত অধিষ্ঠিত হয় আৰু এটিপিৰ নিউকামাৰ অফ দ্য ইয়েৰ বঁ‌টা লাভ কৰে। একে বছৰতে তেওঁ বৰিছ বেকাৰৰ পিছতেই (১৯৮৪) উইম্বলডনৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰা কনিষ্ঠতম পুৰুষ হিচাপে পৰিগণিত হয়।১৫

২০০৪ চনত নাডালে টমি ৰব্ৰেড'ৰ সৈতে যুটি বান্ধি মহাৰাষ্ট্ৰ অপেনত যোগদান কৰে।১৬ অষ্ট্ৰেলিয়ান অপেনৰ একক শাখাত তেওঁ তৃতীয় ৰাউণ্ড পায়গৈ যদিও লেটন হেৱিটৰ হাতত তিনিটা ছেটত পৰাজিত হয়। ইয়াৰ পিছত ১৭ বছৰীয়া নাডালে সেই সময়ৰ প্ৰথম স্থানৰ খেলুৱৈ ৰ'জাৰ ফেডাৰাৰক মিয়ামি অপেনত পোনপটীয়া ছেটত পৰাজিত কৰে১৭১৮ যদিও চতুৰ্থ ৰাউণ্ডত ফাৰ্ণাণ্ডো গঞ্জালেছৰ হাতত পৰাজিত হয়। সেই বছৰ কিলাকুটিৰ আঘাতৰ বাবে তেওঁ ফ্ৰেন্স অপেনকে ধৰি বহুকেইখন ক্লে' কোৰ্টৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাৰপৰা বিৰত থাকে।২ আগষ্ট মাহত তেওঁ প্ৰ'কম অপেনত কেৰিয়াৰৰ প্ৰথমটো একক এটিপি খিতাপ জয় কৰে।১৯

১৮ বছৰ ৬ মাহ বয়সত নাডাল বিজয়ী দেশৰ বাবে ডেভিচ কাপ ফাইনেলত বিজয় সাব্যস্ত কৰা কনিষ্ঠতম খেলুৱৈৰূপে পৰিগণিত হয়।২০

গ্ৰেণ্ড শ্লাম

ফলাফলবৰ্ষটুৰ্ণামেণ্টপৃষ্ঠপ্ৰতিদ্বন্দ্বীস্কোৰ
বিজয়ী২০০৫ফ্ৰেন্স অপেনমাটিমেৰিয়ান' পুয়েৰ্টা৬–৭(৬–৮), ৬–৩, ৬–১, ৭–৫
বিজয়ী২০০৬ফ্ৰেন্স অপেন (২)মাটিৰ'জাৰ ফেডেৰাৰ১–৬, ৬–১, ৬–৪, ৭–৬(৭–৪)
পৰাজিত২০০৬উইম্বলডনঘাঁ‌হৰ'জাৰ ফেডেৰাৰ০–৬, ৬–৭(৫–৭), ৭–৬(৭–২), ৩–৬
বিজয়ী২০০৭ফ্ৰেন্স অপেন (৩)মাটিৰ'জাৰ ফেডেৰাৰ৬–৩, ৪–৬, ৬–৩, ৬–৪
পৰাজিত২০০৭উইম্বলডনঘাঁ‌হনিৰ'জাৰ ফেডেৰাৰ৬–৭(৭–৯), ৬–৪, ৬–৭(৩–৭), ৬–২, ২–৬
বিজয়ী২০০৮ফ্ৰেন্স অপেন (৪)মাটিৰ'জাৰ ফেডেৰাৰ৬–১, ৬–৩, ৬–০
বিজয়ী২০০৮উইম্বলডনঘাঁ‌হনিৰ'জাৰ ফেডেৰাৰ৬–৪, ৬–৪, ৬–৬(৫–৭), ৬–৭(৮–১০), ৯–৭
বিজয়ী২০০৯অষ্ট্ৰেলিয়ান অপেনকঠিনৰ'জাৰ ফেডেৰাৰ৭–৫, ৩–৬, ৭–৬(৭–৩), ৩–৬, ৬–২
বিজয়ী২০১০ফ্ৰেন্স অপেন (৫)মাটিৰবীন ছ'ডৰ্লিং৬–৪, ৬–২, ৬–৪
বিজয়ী২০১০উইম্বলডন (২)ঘাঁ‌হনিটমাছ বাৰ্ডিক৬–৩, ৭–৫, ৬–৪
বিজয়ী২০১০ইউ এছ অপেনকঠিননোভাক জʼকোভিচ৬–৪, ৫–৭, ৬–৪, ৬–২
বিজয়ী২০১১ফ্ৰেন্স অপেন (৬)মাটিৰ'জাৰ ফেডেৰাৰ৭–৫, ৭–৬(৭–৩), ৫–৭, ৬–১
পৰাজিত২০১১উইম্বলডনঘাঁ‌হনিনোভাক জʼকোভিচ৪–৬, ১–৬, ৬–১, ৩–৬
পৰাজিত২০১১ইউ এছ অপেনকঠিননোভাক জʼকোভিচ২–৬, ৪–৬, ৭–৬(৭–৩), ১–৬
পৰাজিত২০১২অষ্ট্ৰেলিয়ান অপেনকঠিননোভাক জʼকোভিচ৭–৫, ৪–৬, ২–৬, ৭–৬(৭–৫), ৫–৭
বিজয়ী২০১২ফ্ৰেন্স অপেন (৭)মাটিনোভাক জʼকোভিচ৬–৪, ৬–৩, ২–৬, ৭–৫
বিজয়ী২০১৩ফ্ৰেন্স অপেন (৮)মাটিডেভিড ফেৰাৰ৬–৩, ৬–২, ৬–৩
বিজয়ী২০১৩ইউ এছ অপেন (২)কঠিননোভাক জʼকোভিচ৬–২, ৩–৬, ৬–৪, ৬–১
পৰাজিত২০১৪অষ্ট্ৰেলিয়ান অপেনকঠিনষ্টান ৱাৱৰিংকা৩–৬, ২–৬, ৬–৩, ৩–৬
বিজয়ী২০১৪ফ্ৰেন্স অপেন (৯)মাটিনোভাক জʼকোভিচ৩–৬, ৭–৫, ৬–২, ৬–৪
পৰাজিত২০১৭অষ্ট্ৰেলিয়ান অপেনকঠিনৰ'জাৰ ফেডেৰাৰ৪–৬, ৬–৩, ১–৬, ৬–৩, ৩–৬
বিজয়ী২০১৭ফ্ৰেন্স অপেন (১০)মাটিষ্টান ৱাৱৰিংকা৬–২, ৬–৩, ৬–১
বিজয়ী২০১৭ইউ এছ অপেন (৩)কঠিনকেভিন এণ্ডাৰছন৬–৩, ৬–৩, ৬–৪
বিজয়ী২০১৮ফ্ৰেন্স অপেন (১১)মাটিড'মিনিক থিয়েম৬–৪, ৬–৩, ৬–২
পৰাজিত২০১৯অষ্ট্ৰেলিয়ান অপেনকঠিনন'ভাক জক'ভিচ৩–৬, ২–৬, ৩–৬
বিজয়ী২০১৯ফ্ৰেন্স অপেন (১২)মাটিড'মিনিক থিয়েম৬–৩, ৫–৭, ৬–১, ৬–১
বিজয়ী২০১৯ইউ এছ অপেন (৪)কঠিনডানিল মেডৱিডেভ৭–৫, ৬–৩, ৫–৭, ৪–৬, ৬–৪
বিজয়ী২০২০ফ্ৰেন্স অপেন (১৩)মাটিনোভাক জʼকোভিচ৬-০, ৬–২, ৭–৫

ৰাফা নাডাল স্প'ৰ্টছ চেণ্টাৰ

গৃহচহৰ মেল'ৰ্কাত নাডালৰ ৪০ হাজাৰ বৰ্গমিটাৰ জোৰা নিজা ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ আছে য'ত তেওঁ নিজে প্ৰশিক্ষণ প্ৰদান কৰে।২১ গ্ৰীচ, কুৱেইট আৰু মেক্সিকোতো এই প্ৰশিক্ষণ কেন্দ্ৰৰ শাখা অৱস্থিত।২২২৩২৪২৫

তথ্যসূত্ৰ

  1. ↑ The pronunciation by Rafael Nadal himself. ATP Tour
  2. ↑ Clarey, Christopher. (6 June 2005). Rafael Nadal, Barely 19, He's Got Game, Looks and Remarkably Good Manners. The New York Times
  3. ↑ Planet football hails O Fenômeno. FIFA.com
  4. ↑ Rajaraman, Aarthi. (1 June 2008). At Home with Humble yet Ambitious Nadal. Inside Tennis
  5. ↑ Kervin, Alison. (23 April 2006). The Big Interview: Rafael Nadal. The Sunday Times
  6. ↑ Drucker, Joel. (18 May 2010). The Rafa Renaissance. atpworldtour
  7. ↑ 29 April 2002 – Rafael Nadal wins his first ATP match at home in Mallorca. tennisworldusa.org
  8. ↑ Tignor, Stephen. (20 June 2006). Wimbledon 2006: The Duel. Tennis Magazine
  9. ↑ Nadal official ITF activity
  10. ↑ ITF Tennis – Juniors – Player Activity
  11. ↑ BNP Paribas. Junior Davis Cup and Junior Fed Cup. International Tennis Federation
  12. ↑ Tennis Abstract: Rafael Nadal ATP Match Results, Splits, and Analysis. www.tennisabstract.com
  13. ↑ Tennis Abstract: Rafael Nadal ATP Match Results, Splits, and Analysis. www.tennisabstract.com
  14. ↑ Rafael Nadal | Player Activity | ATP Tour | Tennis. ATP Tour
  15. ↑ Clarey, Christopher. (26 June 2003). Wimbledon Tennis: An unusual comfort zone. The New York Times
  16. ↑ ATP Chennai doubles info
  17. ↑ Rafael Nadal's 2004 Ranking History. ATP's official site
  18. ↑ Federer-Nadal 10 Year Rivalry Archived from the original
  19. ↑ Rafael Nadal won the first title of his career in Sopot
  20. ↑ Benammar, Emily. (8 July 2008). Rafael Nadal: All you need to know. The Daily Telegraph
  21. ↑ (5 March 2019). The Brand Rafael Nadal: Businesses (Part 2). Score and Change
  22. ↑ www.rafanadalacademykuwait.com/ . Retrieved 25 May 2021
  23. ↑ www.rafanadaltenniscentre.com/en . Retrieved 25 May 2021
  24. ↑ www.rafanadalacademy.com/ru/rafa-nadal-tennis-ce . Retrieved 25 May 2021
  25. ↑ www.rafanadalacademy.com/en/news/rafa-nadal-davi . Retrieved 25 May 2021

সম্পৰ্কিত শ্ৰেণী

টেনিছ খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাফেল নাডাল” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৫৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।