অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নোভাক জʼকোভিচ

নোভাক জʼকোভিচ (Novak Djokovic)(জন্ম ২২ মে ১৯৮৭) ছাৰ্বিয়া দেশৰ এজন পেছাদাৰী টেনিছ খেলুৱৈ। জকোভিচে সামগ্ৰিকভাৱে ২০ টা গ্ৰেণ্ড স্লেম পুৰুষৰ একক খিতাপ আৰু ৮৪ টা এটিপি একক খিতাপ জিকিছে, যাৰ ভিতৰত আছে অভিলেখ নটা অষ্ট্ৰেলিয়ান অপেন খিতাপ আৰু যুটীয়া অভিলেখ ৩৬ টা মাষ্টাৰ্ছ ইভেণ্ট (ৰাফেল নাডালৰ সৈতে)।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নোভাক জʼকোভিচ (Novak Djokovic)(জন্ম ২২ মে ১৯৮৭) ছাৰ্বিয়া দেশৰ এজন পেছাদাৰী টেনিছ খেলুৱৈ। জকোভিচে সামগ্ৰিকভাৱে ২০ টা গ্ৰেণ্ড স্লেম পুৰুষৰ একক খিতাপ আৰু ৮৪ টা এটিপি একক খিতাপ জিকিছে, যাৰ ভিতৰত আছে অভিলেখ নটা অষ্ট্ৰেলিয়ান অপেন খিতাপ আৰু যুটীয়া অভিলেখ ৩৬ টা মাষ্টাৰ্ছ ইভেণ্ট (ৰাফেল নাডালৰ সৈতে)। আধুনিক এটিপি ট্যুৰত সকলোবোৰ "বিগ টাইটেল" জয় কৰা তেওঁ একমাত্ৰ খেলুৱৈ – অৰ্থাৎ চাৰিওটা গ্ৰেণ্ড শ্লাম (টেনিছ) টুৰ্ণামেণ্ট, নটা এটিপি মাষ্টাৰ্ছ ইভেণ্ট, আৰু এটিপি ফাইনেল। বিশেষকৈ, তেওঁ অপেন এৰাৰ একমাত্ৰ খেলুৱৈ যিয়ে দ্বৈত কেৰিয়াৰ গ্ৰেণ্ড শ্লাম অৰ্জন কৰে, লগতে কেৰিয়াৰ গোল্ডেন মাষ্টাৰ্ছ সম্পূৰ্ণ কৰা একমাত্ৰ খেলুৱৈ।১২

জʼকোভিচে ২০০৩ চনত তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০ বছৰ বয়সত, তেওঁ ৰ'জাৰ ফেডেৰাৰৰ আৰু ৰাফেল নাদালৰ একেৰাহে ১১ টা মেজৰৰ ধাৰাত বাধা দি ২০০৮ চনত অষ্ট্ৰেলিয়ান অপেনত তেওঁৰ প্ৰথম গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰে। ২০১০ চনৰ ভিতৰত, জʼকোভিচে পুৰুষৰ টেনিছত ফেডাৰেৰ আৰু ৰাফেল নাডালৰ সৈতে বিগ থ্ৰীত যোগদান কৰে, যি তিনিজন খেলুৱৈৰ গোট এক দশকৰো অধিক সময় ধৰি পুৰুষৰ টেনিছত আধিপত্য বিস্তাৰ কৰিছিল। ২০১১ চনত জকোভিচে প্ৰথমবাৰৰ বাবে ১ নম্বৰ স্থান লাভ কৰে আৰু চাৰিটা মেজৰৰ ভিতৰত তিনিটাত জয়লাভ কৰে আৰু পাঁচটা মাষ্টাৰ্ছ ইভেণ্টৰ তেতিয়াৰ ছিজন ৰেকৰ্ড লাভ কৰে। তেওঁ তাৰ পিছত এক দশকধৰি পুৰুষ টেনিছৰ শ্ৰেষ্ঠ খেলুৱৈ হৈ আছিল, মেজৰ আৰু মাষ্টাৰ্ছ খিতাপত ভ্ৰমণত নেতৃত্ব দিছিল, আৰু ২০১২ চনৰ পৰা ২০১৫ চনলৈ একেৰাহে এটিপি ফাইনেলত তেওঁ পাঁচটা খিতাপৰ ভিতৰত চাৰিটা জিকিছিল। জকোভিচে চাৰিবাৰ লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছমেন অফ দা ইয়েৰ বঁটা লাভ কৰিছে। তেওঁ অৰ্ডাৰ অফ ছেইণ্ট চাভা, অৰ্ডাৰ অফ Karađorđe ষ্টাৰ, আৰু অৰ্ডাৰ অফ দ্য ৰিপাব্লিকা স্প্ৰস্কাৰ খিতাপ লাভ কৰিছিল।। প্ৰতিযোগিতাৰ বাহিৰেও, জʼকোভিচ এ.টি.পি খেলুৱৈ পৰিষদৰ প্ৰাক্তন সভাপতি আছিল৩ আৰু লগতে তেওঁএজন সক্ৰিয় সমাজসেৱকও।৪

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

নোভাক জʼকোভিচৰ জন্ম হৈছিল ১৯৮৭ চনৰ ২২ মে তাৰিখে বেলগ্ৰেড, এছ আৰ ছাৰ্বিয়া, এছএফআৰ যুগোশ্লাভিয়াত। তেওৰ পিতৃ(চৰডন)Srđan আৰু মাতৃ ডিজানা নোভাক জকোভিচ। তেওঁৰ পিতৃ ছাৰ্বিয়াৰ আৰু মাতৃৰ ক্ৰোৱেচিয়াৰ আছিল।৫ তেওঁৰ দুই সৰু ভাতৃ মাৰ্কো আৰু ডজৰ্ডজেও পেছাদাৰী টেনিছ খেলুৱৈ।৬

সৰুতে জʼকোভিচক তেওঁৰ পিতৃ-মাতৃয়ে এটা মিনি ৰেকেট আৰু কোমল ফোমৰ সামগ্ৰীৰে বনোৱা বল এটা দিছিল, যিটো তেওঁৰ দেউতাকে দাবী কৰিছিল, "তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰিয় পুতলা" হৈ পৰিছিল। ৭। জʼকোভিচে চাৰি বছৰ বয়সত টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল৮। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক নভি চাদৰ এটা টেনিছ শিবিৰলৈ পঠিয়াইছিল,৭ কিয়নো তেওঁৰ পিতৃ-মাতৃয়ে অতীতত কোনো টেনিছ খেলা নাছিল৯। ১৯৯৩ চনৰ গ্ৰীষ্মকালত প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ পূৰ্বে ছয় বছৰীয়া শিশুটোক টেনিস্কি ক্লাব পাৰ্টিজানৰ দ্বাৰা আয়োজিত টেনিছ শিবিৰলৈ পঠোৱা হৈছিল৯ আৰু ইউগোস্লাভ টেনিছ খেলুৱৈ জেলেনা Genčić তত্বাৱধানত মাউণ্ট কোপাওনিকত ১০ তেওঁ টেনিছ খেলিছিল। জʼকোভিচৰ পিতৃ-মাতৃয়ে ফাষ্ট ফুড পাৰ্লাৰ ১১ আৰু এটা ক্ৰীড়া ব্যৱসায়িক সঁজুলি চলাইছিল।৭ শিশু জকোভিচক টেনিছ খেলি থকা দেখি জেলেনাই এইদৰে কৈছিল: "মনিকা চেলেছৰ পিছত মই দেখা এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰতিভা।"৯

তথ্যসূত্ৰ

  1. ↑ Novak Djokovic Stands Alone With Big Titles Sweep, ATP. Aug 22, 2018
  2. ↑ Carayol, Tumaini. (2021-06-13). Novak Djokovic rallies to beat Stefanos Tsitsipas in epic French Open final. the Guardian
  3. ↑ Djokovic resigns from player council. BBC Sport
  4. ↑ Novak Djokovic Doubling Donations In His Foundation's Season Of Giving · ATP Tour · Tennis. ATP Tour
  5. ↑ Bowers, Chris. (2017). Novak Djokovic – The Biography. Kings Road Publishing. ISBN 978-1-78606-550-6
  6. ↑ Novak Djokovic official website. Novakdjokovic.rs
  7. ↑ EDT, Teddy Cutler On 03/13/16 at 9:46 AM. (13 March 2016). Exclusive: Novak Djokovic's father talks Andy Murray, Roger Federer and his son's career. Newsweek
  8. ↑ (22 October 2013). Novak Djokovic Biography. Bio.True Story
  9. ↑ Medić, Jelena. MAJKE ŠAMPIONI! Dijana Đoković kroz suze otkrila sve tajne: "OSTALA SAM ŽELJNA NOVAKA. Bilo je teško, Srđan pozajmi od zelenaša i ode sa Noletom, a ja sa dvoje dece NEMAM NI ZA HLEB". Blic.rs
  10. ↑ Drucker, Joel. (14 February 2008). Behind every good man is an even better woman coach. ESPN
  11. ↑ Clarey, Cristopher. (1 December 2010). Behind Serbia's Rise in Tennis, a Star and His Family. The New York Times

সম্পৰ্কিত শ্ৰেণী

টেনিছ খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নোভাক জʼকোভিচ” প্ৰবন্ধৰ সংশোধন ৫২৭৩০৯ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।