অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেহনেছ টি পি

ৰেহনেছ থুম্বিৰুম্বু পৰম্বা (Rehenesh Thumbirumbu Paramba) (জন্ম - ১৩ ফেব্ৰুৱাৰী ১৯৯৩, কেৰালা) ভাৰতৰ এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলৰ এজন গোলৰক্ষক।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ৰেহনেছ থুম্বিৰুম্বু পৰম্বা (Rehenesh Thumbirumbu Paramba) (জন্ম - ১৩ ফেব্ৰুৱাৰী ১৯৯৩, কেৰালা) ভাৰতৰ এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলৰ এজন গোলৰক্ষক।

কেৰিয়াৰ

অ' এন জি চি

ৰেহনেছে নিজৰ প্ৰথমখন পেছাদাৰী খেল খেলে ২০১২ চনৰ ১ ডিচেম্বৰ তাৰিখে আই-লীগত অ' এন জি চি দলৰ হৈ পাইলান এৰ'জ দলৰ বিৰুদ্ধে। খেলখনত অ' এন জি চি দলৰ প্ৰধান গ'লৰক্ষক প্ৰসেনজিৎ ঘোষে ৰঙা কাৰ্ড পাই বাহিৰ হ'বলগা হোৱাত বিমল মিনিৰ ঠাইত substitute খেলুৱৈ হিচাপে তেওঁ খেলপথাৰত প্ৰৱেশ কৰে।১

ৰাংদাজীদ ইউনাইটেড

২০১৪ চনৰ ১৪ জানুৱাৰী তাৰিখে ৰেহনেছ ৰাংদাজীদ ইউনাইটেডৰ লগত চুক্তিবদ্ধ হয়।২ এই দলৰ হৈ তেওঁ প্ৰথমখন খেলত অংশ লয় ২০১৪ চনৰ আই-লীগত ১১ ফেব্ৰুৱাৰী তাৰিখে তিলক ময়দান ষ্টেডিয়ামত চাৰ্চিল ব্ৰাদাৰ্ছৰ বিৰুদ্ধে। খেলখনত চাৰ্চিল ব্ৰাদাৰ্ছ ১-০ গ'লৰ ব্যৱধানত বিজয়ী হয়।৩

শ্বিলং লাজং

২০১৪ চনৰ ১৪ জুন তাৰিখে তেওঁ শ্বিলং লাজং দলৰ লগত চুক্তিবদ্ধ হয়।৪

নৰ্থ ইষ্ট ইউনাইটেড

ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে তেওঁ ২০১৪ চনত জন আব্ৰাহম আৰু শ্বিলং লাজং ফুটবল ক্লাবৰ মালিকানাধীন নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ লগত চুক্তিবদ্ধ হয়। ১৯ অ্ক্টোবৰ তাৰিখে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত গোৱা এফ চি দলৰ বিৰুদ্ধে তেওঁ আই এছ এলৰ প্ৰথমখন খেলত অৱতীৰ্ণ হয়।৫

কেৰিয়াৰ পৰিসংখ্যা

ক্লাব

৬

ক্লাববৰ্ষআই এছ এলআই-লীগমুঠ
খেলCSখেলCSখেলCS
নৰ্থ ইষ্ট ইউনাইটেড২০১৪৯---৯-
ৰাংদাজীদ ইউনাইটেড (ঋণ)২০১৩-২০১৪--৭০৭০
অ' এন জি চি২০১২-২০১৩--১৮৬১৮৬
সৰ্বমুঠ৯-২৫৬৩৪৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pailan Arrows vs ONGC F.C. LIVE Commentary. Goal.com
  2. ↑ Bali, Rahul. Steven Dias and Rehnesh to sign for Rangdajied United. Goal.com
  3. ↑ Noronha, Anselm. Churchill Brothers SC 1-0 Rangdajied United FC: Wolfe's debut goal hands Churchill a vital win. Goal.com
  4. ↑ Majumder, DS. Rehnesh TP signed for Shillong Lajong. THIF LIVE
  5. ↑ (২০ অক্টোবৰ ২০১৪). FC Goa, NEUFC share honours. The Assam Tribune
  6. ↑ R. Paramba. Soccerway

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ফুটবল খেলুৱৈনৰ্থ ইষ্ট ইউনাইটেড এফ চি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেহনেছ টি পি” প্ৰবন্ধৰ সংশোধন ৩৮৬১৩৮ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।