চেমিনলেন দংগেল Seminlen Doungel (জন্ম- ৩ জানুৱাৰী) এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগত শ্বিলং লাজং দলত আৰু ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলত ফৰৱাৰ্ড স্থানত খেলে।
কেৰিয়াৰ
ইষ্ট বেংগল
মণিপুৰত জন্ম গ্ৰহণ কৰা দংগেলে জে চি টি যুৱ দলত নিজৰ কেৰিয়াৰৰ পাতনি মেলে। ২০১১ চনত তেওঁ আই-লীগৰ দল ইষ্ট বেংগলত যোগদান কৰে।১ প্ৰথম ছিজনত দংগেলে মাত্ৰ কেইখনমান খেলতহে অৱতীৰ্ণ হয় যদিও ২০১২ চনৰ ৯ মে'ত এ এফ চি কাপত কাজমা স্প'ৰ্টিং ক্লাবৰ বিৰুদ্ধে নিজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অৱতীৰ্ণ হয়। তেওঁ প্ৰথমৰপৰা ৭২ মিনিট সময় খেলপথাৰত থাকে। খেলখনত ইষ্ট বেংগল ১-২ গ'লত পৰাস্ত হয়।২
পাইলান এৰ'জ (ঋণ)
২০১৩ চনৰ ১১ জানুৱাৰী তাৰিখে ২০১২-১৩ ছিজনৰ বাকী খেলকেইখনৰ বাবে দংগেল আই-লীগৰ আন এটা দল পাইলান এৰ'জৰ লগত ঋণত চুক্তিবদ্ধ হয়। ১২ জানুৱাৰীৰ দিনা তেওঁ নতুন দলৰ হৈ এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। তেওঁ প্ৰথমৰপৰা ৮৮ মিনিট সময় খেলপথাৰত থাকে আৰু খেলখন ১-১ গ'লত ড্ৰ হয়।৩ সেই বছৰৰ ২৪ মাৰ্চ তাৰিখে মোহন বাগানৰ বিৰুদ্ধে খেলৰ ৪৯ মিনিটত তেওঁ নিজৰ পেছাদাৰী কেৰিয়াৰৰ প্ৰথমটো গ'ল দিয়ে। অৱশ্যে দলটো মোহন বাগানৰ হাতত ২-৩ গ'লত পৰাস্ত হয়।৪
সেই বছৰৰে ২০ এপ্ৰিল তাৰিখে ছালগাওকাৰৰ বিৰুদ্ধে খেলৰ ৩৬ মিনিটত নিজৰ দ্বিতীয়টো গ'ল দিয়ে। পাইলান এৰ'জ খেলখনত ১-২ গ'লত পৰাস্ত হয়।৫
পুনৰ ইষ্ট বেংগললৈ
২০১৩-১৪ বৰ্ষৰ আই-লীগৰ কাৰণে দংগেল ইষ্ট বেংগল দললৈ পুনৰ ঘূৰি আহে।৬ ঘূৰি অহি তেওঁ নিজৰ প্ৰথমখন খেল খেলে ২০১৩ চনৰ ১ নৱেম্বৰ তাৰিখে ছালগাওকাৰৰ বিৰুদ্ধে কল্যাণী ষ্টেডিয়ামত। খেলৰ ৭১তম মিনিটত পৰিৱৰ্তিত খেলুৱৈ হিচাপে খেলপথাৰত প্ৰৱেশ কৰি ৭৭তম মিনিটত এটা গ'ল দিবলৈ সক্ষম হয় যদিও ইষ্ট বেংগল ২-৩ গ'লত পৰাস্ত হয়।৭ ২০১৪ চনৰ ২৩ মাৰ্চ তাৰিখে ৰাংদাজীদ ইউনাইটেডৰ বিৰুদ্ধে খেলৰ ৫৩তম মিনিটত পৰিৱৰ্তিত খেলুৱৈ হিচাপে প্ৰৱেশ কৰি সেই ছিজনত তেওঁৰ দ্বিতীয়টো গ'ল দিয়ে আৰু ইষ্ট বেংগল ৩-১ গ'লত জয়ী হয়।৮
দংগেলে ছিজনৰ শেষৰফালে দুখন খেলত দুটা গ'ল দি ইষ্ট বেংগলত নিজৰ কেৰিয়াৰ সামৰে। ১৯ এপ্ৰিল তাৰিখে পুণে দলৰ বিৰুদ্ধে খেলৰ ৭৫ মিনিটত গ'ল দি ইষ্ট বেংগলক ২-১ গ'লত জয়ী কৰায়।৯ ২৮ এপ্ৰিল তাৰিখে ইউনাইটেড দলৰ বিৰুদ্ধে ইষ্ট বেংগল ৩-০ গ'লত জয়ী হয় য'ত শেষৰটো গ'ল দিয়ে দংগেলে।১০
শ্বিলং লাজং
২০১৩-১৪ ছিজনৰ আই-লীগৰ শেষত ২০১৪ চনৰ ৫ মে' তাৰিখে তেওঁ আই-লীগৰ আন এটা দল শ্বিলং লাজং দলৰ সৈতে চুক্তিবদ্ধ হয়।১
নৰ্থ ইষ্ট ইউনাইটেড
ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে তেওঁ ২০১৪ চনত জন আব্ৰাহম আৰু শ্বিলং লাজং ফুটবল ক্লাবৰ মালিকানাধীন নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ লগত চুক্তিবদ্ধ হয়। ৮ নৱেম্বৰ তাৰিখে চেন্নায়িন দলৰ বিৰুদ্ধে ৩৮ মিনিটত তএওঁ আই এছ এলত নিজৰ প্ৰথমটো গ'ল দিয়ে। খেলখন ২-২ গ'লত অমীমাংসিত হৈ ৰয়।১১
কেৰিয়াৰ পৰিসংখ্যা
| ক্লাব | বৰ্ষ | আই এছ এল | আই-লীগ | ফেডাৰেচন কাপ | ডুৰাণ্ড কাপ | এ এফ চি | মুঠ | ||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | ||
| নৰ্থ ইষ্ট ইউনাইটেড | ২০১৪ | ৮ | ১ | - | - | - | - | - | - | - | - | ৮ | ১ |
| শ্বিলং লাজং | ২০১৪-১৫ | - | - | ০ | ০ | ০ | ০ | ০ | ০ | ০ | ০ | ০ | ০ |
| ইষ্ট বেংগল | ২০১৩-১৪ | - | - | ১৭ | ৪ | ০ | ০ | ০ | ০ | ০ | ০ | ১৭ | ৪ |
| পাইলান এৰ'জ (ঋণ) | ২০১২-১৩ | - | - | ১১ | ২ | ০ | ০ | ০ | ০ | — | — | ১১ | ২ |
| ইষ্ট বেংগল | ২০১১-১২ | - | - | ৪ | ০ | ০ | ০ | ০ | ০ | ১ | ০ | ৫ | ০ |
| সৰ্বমুঠ | ৮ | ১ | ৩২ | ৬ | ০ | ০ | ০ | ০ | ১ | ০ | ৪১ | ৭ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ East Bengal Youngster Len Doungel Signs For Shillong Lajong. Feverpitch
- ↑ East Bengal vs. Kazma 1 – 2. Soccerway
- ↑ Air India vs Pailan Arrows 1 – 1. Soccerway
- ↑ Arrows vs Mohun Bagan 2 – 3. Soccerway
- ↑ Arrows vs Salgaocar 1 – 2. Soccerway
- ↑ Chaudhuri, Arunava. East Bengal Club's squad for the 2013/14 season. Arunfoot
- ↑ East Bengal vs Salgaocar 2 – 3. Soccerway
- ↑ East Bengal vs Rangdajied United 3 – 1. Soccerway
- ↑ Pune vs East Bengal 1 – 2. Soccerway
- ↑ United vs East Bengal 0 – 3. Soccerway
- ↑ (৯ নৱেম্বৰ ২০১৪). NEUFC draws 2-2 with Chennaiyin FC. The Northeast Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেমিনলেন দংগেল” প্ৰবন্ধৰ সংশোধন ৫৭০৪১৬ (১৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।