ৰবিন গুৰুং (Robin Gurung) (জন্ম - ২৪ অক্টোবৰ, ১৯৯২) হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগত শ্বিলং লাজং দলত আৰু ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলত ডিফেণ্ডাৰ হিচাপে খেলে।
কেৰিয়াৰ
অ' এন জি চি
২০১০ চনৰ ৪ ডিচেম্বৰ তাৰিখে গুৰুঙে আই-লীগৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত কলিকতাৰ ছল্ট লেক ষ্টেডিয়ামত অ' এন জি চি দলৰ হৈ ইষ্ট বেংগল দলৰ বিৰুদ্ধে নিজৰ পেছাদাৰী ফুটবল কেৰিয়াৰৰ পাতনি মেলে। খেলখনত অ' এন জি চি ১-০ গ'ল ব্যৱধানত পৰাস্ত হয়।১ ছিজনৰ শেষত অ' এন জি চি দল আই-লীগৰপৰা অৱনমিত হয়। অৱশ্যে ২০১২ চনত আই-লীগৰ দ্বিতীয় ডিভিজনৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰি দলটো পুনৰ আই-লীগৰ মূল ডিভিজনলৈ উন্নীত হয়।২
শ্বিলং লাজং
২০১৩ চনৰ ১৮ জুলাইত গুৰুং শ্বিলং লাজঙৰ লগত চুক্তিবদ্ধ হয়।৩ এই দলৰ হৈ গুৰুঙে প্ৰথমখন খেল খেলে ২০১৩ চনৰ ২২ ছেপ্টেম্বৰত ডুলেৰ ষ্টেডিয়ামত ডেম্পোৰ বিৰুদ্ধে। তেওঁ সম্পূৰ্ণ ৯০ মিনিট খেলপথাৰত থাকে আৰু লাজং ৩-০ গ'লত জয়ী হয়।৪
নৰ্থ ইষ্ট ইউনাইটেড
ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে তেওঁ ২০১৪ চনত হিন্দী চলচ্চিত্ৰ তাৰকা জন আব্ৰাহম আৰু শ্বিলং লাজং ফুটবল ক্লাবৰ মালিকানাধীন নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ লগত চুক্তিবদ্ধ হয়। ১৩ অ্ক্টোবৰ তাৰিখে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত কেৰালা ব্লাষ্টাৰ্ছ এফ চি দলৰ বিৰুদ্ধে তেওঁ প্ৰথমখন খেল খেলে আৰু নৰ্থ ইষ্ট ইউনাইটেড ১-০ গ'লত জয়ী হয়।৫
কেৰিয়াৰ পৰিসংখ্যা
ক্লাব
| ক্লাব | বৰ্ষ | আই এছ এল | আই-লীগ | ফেডাৰেচন কাপ | ডুৰাণ্ড কাপ | এ এফ চি | মুঠ | ||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | ||
| নৰ্থ ইষ্ট ইউনাইটেড | ২০১৪ | ৯ | ০ | - | - | - | - | - | - | - | - | ৯ | ০ |
| শ্বিলং লাজং | ২০১৩-১৪ | - | - | ১৯ | ০ | ২ | ০ | ০ | ০ | - | - | ২১ | ০ |
| অ' এন জি চি | ২০১২-১৩ | - | - | ১৯ | ০ | ০ | ০ | - | - | - | - | ১৯ | ০ |
| সৰ্বমুঠ | ৯ | ০ | ৩৮ | ০ | ২ | ০ | ০ | ০ | ০ | ০ | ৪৯ | ০ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Ozbey clinches it for East Bengal. The Statesman
- ↑ ONGC PROMOTED, TO PLAY I LEAGUE NEXT SEASON. Barefoot Magazine
- ↑ Shillong Lajong FC sign Vinay Singh and Robin Singh
- ↑ Dempo SC 0-3 Shillong Lajong FC: Glen ends the north eastern side's Goan voodoo. Goal.com
- ↑ (১৩ অক্টোবৰ ২০১৪). As it happened: ISL Match 2, NorthEast United FC vs Kerala Blasters. IBN Live
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবিন গুৰুং” প্ৰবন্ধৰ সংশোধন ৪৫৩৫১০ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।