অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰালেংনাও খাথিং

ৰালেংনাও খাথিং (১৯১২–১৯৯০), বব খাথিং নামেৰেও পৰিচিত, এজন ভাৰতীয় সৈনিক, চৰকাৰী কৰ্মচাৰী আৰু কূটনীতিবিদ আৰু ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰা জনজাতীয় মূলৰ প্ৰথমজন ব্যক্তি। ভাৰত চৰকাৰে ১৯৫৭ চনত তেওঁক জাতিলৈ কৰা সেৱাৰ বাবে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৬ ৬১৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰালেংনাও খাথিং (১৯১২–১৯৯০), বব খাথিং নামেৰেও পৰিচিত, এজন ভাৰতীয় সৈনিক, চৰকাৰী কৰ্মচাৰী আৰু কূটনীতিবিদ ১২৩৪ আৰু ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰা জনজাতীয় মূলৰ প্ৰথমজন ব্যক্তি। ৫৬৭৮ভাৰত চৰকাৰে ১৯৫৭ চনত তেওঁক জাতিলৈ কৰা সেৱাৰ বাবে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে। ৯খাথিঙে প্ৰথম সশস্ত্ৰ বাহিনীক নেতৃত্ব দি টাৱাঙত প্ৰৱেশ কৰে যিয়ে তদানীন্তন অসমৰ ৰাজ্যপাল জয়ৰামদাস দৌলাত্ৰামৰ প্ৰত্যক্ষ তত্ত্বাৱধানত অঞ্চলটোত ভাৰতীয় নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰে। ১০১১

জীৱনী

১৯১২ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰালেংনাও খাথিঙে জন্মগ্ৰহণ কৰিছিল ১২১৩ (জন্ম তাৰিখ বিতৰ্কিত, অন্য প্ৰতিৱেদনত তেওঁৰ জন্ম ২৫ ফেব্ৰুৱাৰী বুলি উল্লেখ কৰা হৈছে।১৪ আৰু কিছুমান তথ্য অনুসৰি ৮ ফেব্ৰুৱাৰী৬১৫)ত উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ ইম্ফালৰ ওচৰৰ উপনগৰ জিলা উখৰুলত এটা টাংখুল পৰিয়ালত।৬ কংপোকঁপি মিছন এম ই স্কুল আৰু ইম্ফলৰ জনষ্টোন হায়াৰ চেকেণ্ডাৰী স্কুলৰপৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত যোগদান কৰি তাৰপৰাই স্নাতক ডিগ্ৰী লাভ কৰি মণিপুৰৰপৰা প্ৰথম জনজাতীয় স্নাতক হয়। ৫৬ ব্ৰিটিছ সেনাবাহিনীত যোগদান কৰি তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিল, প্ৰথমে ১৯ নং হায়দৰাবাদ ৰেজিমেণ্টৰ (পৰৱৰ্তী দিনত কুমাওন ৰেজিমেণ্ট) আয়ুক্ত হিচাপে আৰু তাৰ পিছত মণিপুৰৰ ভি ফৰ্চ অপাৰেচনৰ স্থানীয় কেপ্তেইন হিচাপে যোগদান কৰে। ৬১২১৬

মণিপুৰৰ তদানীন্তন মহাৰাজৰ পৰামৰ্শমতে খাথিং যুদ্ধৰ পাছত সেনাবাহিনীৰপৰা অৱসৰ লৈ মণিপুৰ চৰকাৰত পাহাৰ প্ৰশাসনৰ মন্ত্ৰী হিচাপে যোগদান কৰে। ৬ ভাৰতৰ স্বাধীনতাৈৰ পিছত ১৯৪৮ চনত তেওঁ সদৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি ১৪ প্ৰথম মণিপুৰ বিধানসভালৈ নিৰ্বাচিত হয় আৰু ১৯৪৯ চনত ভাৰতীয় সংঘত আত্মসাৎ হোৱাৰ পিছত বিধানসভা ভংগ নোহোৱালৈকে পাহাৰ প্ৰশাসন আৰু মণিপুৰ ৰাইফলছৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ৬ পিছৰ বছৰত তেওঁ অসম ৰাইফলছৰ ২য় বেটেলিয়নৰ সহকাৰী অধিনায়ক হিচাপে নিৰ্বাচিত হয়। ৫ তাত থকা কালছোৱাত ১৯৫০ চনত অসমত হোৱা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰ আৰু পুনৰ্বাসন অভিযানৰ লগত জড়িত আছিল ৬

পৰৱৰ্তী সময়ত তেওঁ নিযুক্তি হৈছিল উত্তৰ-পূব সীমান্ত সংস্থা (NEFA)ৰ সহকাৰী ৰাজনৈতিক বিষয়া হিচাপে। ৫ তেওঁৰ নেতৃত্বত অসম ৰাইফলছৰ দুটা প্লাটুনে ১৯৫০ চনত টাৱাং দখল কৰি মেকমেহন লাইনৰ বুম লা অঞ্চলত ভাৰতীয় প্ৰশাসনিক নিয়ন্ত্ৰণ স্থাপন কৰে। ৬১২ ১৯৫৩ চনত ভাৰত চৰকাৰে ভাৰতীয় সীমান্ত প্ৰশাসনিক সেৱা (IFAS) গঠন কৰে আৰু খাথিংক অসামৰিক সেৱাৰ দুজন বিষয়াৰ ভিতৰত এজন হিচাপে নিযুক্তি দিয়া হয়। ৬ ১৯৫৪ চনত টুয়েছাং সীমান্ত বিভাগত ৰাজনৈতিক বিষয়া হিচাপে তেওঁৰ প্ৰথম পদবী হৈছিল আৰু গাঁও স্বেচ্ছাসেৱী বাহিনী স্থাপনত তেওঁৰ অৱদানৰ কথা উল্লেশ আছে। ৫৬ চাৰি বছৰ এই পদত থকাৰ পিছত তেওঁক মকোকচুং জিলাৰ প্ৰথম উপাযুক্ত হিচাপে পদোন্নতি দিয়া হয়। ৬১৯৬১ চনত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ত অধ্যয়ন কৰা প্ৰথমজন ভাৰতীয় নাগৰিক হৈ দ্বিতীয় বেটচত পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ৫ পিছৰ বছৰত তেওঁক ছিকিমৰ উন্নয়ন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয় যদিও ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধ আৰম্ভ হোৱাৰ সময়ত তেওঁক নেফাৰ নিৰাপত্তা আয়ুক্ত হিচাপে বদলি হোৱাৰ বাবে এই কাৰ্যকাল অল্পকালীন আছিল।৫ তেওঁ তেজপুৰৰ চতুৰ্থ কৰ্পছৰ মুখ্য অসামৰিক যোগাযোগ বিষয়া হিচাপেও কাম কৰিছিল আৰু ১৯৬২ চনৰ যুদ্ধৰ পিছত স্থাপিত অৰ্ধসামৰিক বাহিনী সাশাস্ত্ৰ সীমা বাল গঠনত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰা আছে। ৬

১৯৬৭ চনত খাথিং নাগালেণ্ডৰ মুখ্য সচিব হয়। তেওঁৰ কাৰ্যকালতে নাগালেণ্ড সশস্ত্ৰ আৰক্ষী আৰু নগা ৰেজিমেণ্ট স্থাপন কৰা হয়।৫ পাঁচ বছৰৰ পাছত ১৯৭২ চনত বাৰ্মাত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত তেওঁ ৰাষ্ট্ৰদূত হোৱা প্ৰথমজন ভাৰতীয় জনজাতীয় হিচাপে পৰিগণিত হয়। ৫ তেওঁ বমাত ৩ বছৰ আছিল আৰু তাৰপিছত অৱসৰ গ্ৰহণ কৰে৭ যদিও তেওঁক ৰাজ্যপালৰ পদৰ প্ৰস্তাৱ দিয়া হৈছিল, তথাপি তেওঁ ইয়াক নাকচ কৰিছিল। কিন্তু মণিপুৰৰ ৰাজ্যপালৰ উপদেষ্টা হিচাপে, জনজাতীয় আইন আয়োগ আৰু প্ৰশাসনিক সংস্কাৰ আয়োগৰ অধ্যক্ষ আৰু নাগালেণ্ড প্ৰশাসনিক আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৫ চনৰ শ্বিলং চুক্তি আৰু নাগালেণ্ড ৰাজ্য গঠনৰ ফলত হোৱা ১৬ দফীয়া চুক্তি চূড়ান্ত কৰাৰ বাবেও তেওঁ কমিটীৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৯ ১৫

মৃত্যু

১৯৯০ চনৰ ১২ জানুৱাৰীত ইম্ফলৰ মন্ত্ৰীপুখ্ৰীৰ ভেলী ভিউত থকা নিজৰ ঘৰত খাথিঙৰ মৃত্যু হয়। ৫৬ তেওঁৰ চাৰিটা সন্তান, দুজন পুত্ৰ জন ছমি আৰ খাথিং আৰু ডাৰ্লাণ্ডো থানমি খাথিং আৰু দুগৰাকী কন্যা লেবাল্লা খাথিং গুপ্তা আৰু চেলা এন খাথিং।৮ জন খাথিং শুল্ক আৰু কেন্দ্ৰীয় আবকাৰী বিভাগৰ প্ৰাক্তন মুখ্য আয়ুক্ত ২ আৰু ডাৰলাণ্ডো আছিল কেন্দ্ৰীয় ঝাৰখণ্ড বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য। ৮ ডাঙৰ কন্যা লেবালাই অল ইণ্ডিয়া কিচেন গাৰ্ডেন এছ’চিয়েশ্যনৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে সৰু কন্যা চেলা শ্বিলঙৰ লেডী কিন কলেজৰ অধ্যাপিকা তথা ইংৰাজী বিভাগৰ মুৰব্বী। ৮

বঁটা আৰু স্বীকৃতি

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সেনাবাহিনীত কৰা সেৱাৰ বাবে খাটিঙক ব্ৰিটিছ সাম্ৰাজ্যই সামৰিক ক্ৰছ প্ৰদান কৰে। .৫৬১৪ পিছলৈ যুক্তৰাজ্যৰ ৰাণীয়ে তেওঁক ব্ৰিটিছ সাম্ৰাজ্যৰ অৰ্ডাৰৰ সদস্য (এম বি ই) উপাধিৰে সন্মানিত কৰে।[ ৫৬৭১৪

ভাৰত চৰকাৰে ১৯৫৭, ১৯৫৫ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী প্ৰদান কৰে। ৭ মণিপুৰ ৰাজ্যৰপৰা এই সন্মান লাভ কৰা তেওঁ প্ৰথম ব্যক্তি১ ভাৰতীয় সেনাবাহিনীৰ মুখ্য সেনাধ্যক্ষৰ বীৰত্বৰ প্ৰমাণ-পত্ৰও দুবাৰকৈ লাভ কৰিছিল ৭১৫

বমডিলাৰ ওচৰৰ আৰ আৰ হিলৰ নাম মেজৰ খাটিংৰ নামেৰে ৰখা হৈছে, য’ত এটা সৰু স্মৃতিসৌধ থিয় হৈ আছে।

তথ্যসূত্ৰ

  1. ↑ (12 January 2015). Fitting tributes paid to Major Bob Khathing. Sangai Express
  2. ↑ (2015). Manipur Update. Manipur Update
  3. ↑ (2015). Bob Kathing remembered in Imphal. Eastern Mirror
  4. ↑ (2015). Imphal Free Press. Imphal Free Press
  5. ↑ (13 January 2015). WW-II veteran from NE who became envoy to Myanmar. Assam Tribune
  6. ↑ (2015). Major Ralengnao "Bob" Khathing - the first tribal ambassador from North-East India. North East India
  7. ↑ (April 2012). Ralengnao Khathing: Service Unmatched. Eastern Panorama
  8. ↑ (18 April 2015). Major Khathing remembered. Huieyen Lan Pao
  9. ↑ (2015). Padma Awards (1954–2013). Ministry of Home Affairs, Government of India
  10. ↑ (17 December 2022). When Bob Khathing marched in: India's Tawang action of 1951 may have been Sardar Patel's last gift to nation
  11. ↑ Army Man Who Brought Tawang Under India's Control To Be Honoured Tomorrow
  12. ↑ (13 January 2015). Manipur remembers man who won Tawang | Guwahati News - Times of India. The Times of India
  13. ↑ (12 January 2015). Bob Khathing remembered on his 25th Death Anniversary. Hueiyen News Service (via E-PAO)
  14. ↑ (13 January 2015). Bob Kathing remembered. The Telegraph
  15. ↑ (26 February 2012). Legendry Hero Of Manipur In Peace And War: Major Ralengnao (Bob) Khathing, Padma Shri, MC, MBE. Kangla Online
  16. ↑ (12 January 2015). Legendary Bob Khathing remembered on 25th death anniversary. Imphal Free Press

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ ব্যক্তিসেনা বিষয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰালেংনাও খাথিং” প্ৰবন্ধৰ সংশোধন ৫৮১৮৩৩ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।