অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাম দুলাৰী সিনহা

ৰাম দুলাৰী সিনহা (: Ram Dulari Sinha; ৮ ডিচেম্বৰ ১৯২২ – ৩১ আগষ্ট ১৯৯৪) এগৰাকী জাতীয়তাবাদী, স্বাধীনতা সংগ্ৰামী, কংগ্ৰেছৰ সংসদ সদস্য, কেন্দ্ৰীয় মন্ত্ৰী, আৰু ৰাজ্যপাল আছিল। বিহাৰৰ প্ৰথমগৰাকী মহিলাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে বিহাৰৰ পৰা ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলাও।

হালনাগাদ: ২৭ মাৰ্চ ২০২৫ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰাম দুলাৰী সিনহা (: Ram Dulari Sinha; ৮ ডিচেম্বৰ ১৯২২ – ৩১ আগষ্ট ১৯৯৪) এগৰাকী জাতীয়তাবাদী, স্বাধীনতা সংগ্ৰামী, কংগ্ৰেছৰ সংসদ সদস্য, কেন্দ্ৰীয় মন্ত্ৰী, আৰু ৰাজ্যপাল আছিল। বিহাৰৰ প্ৰথমগৰাকী মহিলাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে বিহাৰৰ পৰা ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলাও। ইয়াৰ উপৰিও তেওঁ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ নিৰ্বাচিত উপাধ্যক্ষ আছিল।

সিনহা এগৰাকী বিশিষ্ট ব্যক্তিত্ব সম্পন্ন মহিলা আছিল, ক্ৰমে পাটনা লোকসভা সমষ্টি আৰু শ্বেওহৰ লোকসভা সমষ্টিৰ পৰা সংসদ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সীতামড়ী জিলাৰ মাজৰগঞ্জ বিধান সভা সমষ্টিৰ পৰা প্ৰথম বিহাৰ বিধানসভাৰ সদস্য হোৱাৰ লগতে কেইবাবাৰো গোপালগঞ্জ বিধান সভা সমষ্টিৰ পৰাও বিধানসভালৈ নিৰ্বাচিত হৈছিল।

বিহাৰৰ পৰা অহা এই গৰাকী ৰাজনীতিবিদে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়ত মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। শক্তিশালী শৈক্ষিক পটভূমিৰ অধিকাৰী ছাত্ৰীগৰাকীয়ে স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু স্বাধীনতাৰ পিছতো শ্ৰমিক শ্ৰেণীৰ অধিকাৰৰ পোষকতাত উৎসৰ্গিত হৈ আছিল। অসংখ্য শ্ৰমিক সংগঠনত নেতৃত্বৰ ভূমিকা পালন কৰি যৌতুক ব্যৱস্থা, পূৰদাহ ব্যৱস্থা, অস্পৃশ্যতাৰ দৰে সামাজিক বিষয়ৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।

স্বাধীনতা আন্দোলন আৰু প্ৰাৰম্ভিক ৰাজনৈতিক জীৱন

বিহাৰৰ গোপালগঞ্জৰ পৰা অহা সিনহাই ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈতে গভীৰভাৱে জড়িত আছিল। সিনহাৰ নামটোৱে বিহাৰত অপৰিসীম সন্মান লাভ কৰিছে, তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে। তেওঁৰ সমগ্ৰ পৰিয়ালটো স্বাধীনতা আন্দোলনত গভীৰভাৱে নিয়োজিত আছিল। ১৯৪৭-৪৮ চনত বিহাৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ ভূমিকা গ্ৰহণ কৰিছিল। সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰখনৰ ভিতৰত নিজৰ নিষ্ঠা আৰু নেতৃত্ব প্ৰদৰ্শন কৰি বিহাৰ মহিলা কংগ্ৰেছৰ সংগঠন সম্পাদক হিচাপে নিযুক্তি লাভ কৰে।

১৯৫১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিহাৰৰ মাজৰগঞ্জ সমষ্টিত জয়লাভ কৰি তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হয়। পিছলৈ ১৯৬২ চনত তৃতীয় লোকসভাত পাটনা লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।১

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰু কেৰালাৰ ৰাজ্যপাল হিচাপে

পৰৱৰ্তী বছৰবোৰত ১৯৬৯ আৰু ১৯৭২ চনত গোপালগঞ্জ সমষ্টিৰ পৰা বিহাৰ বিধান সভালৈ একেৰাহে পুনৰ নিৰ্বাচিত হয়। ১৯৭১ চনৰ পৰা ১৯৭৭ চনলৈকে বিহাৰ চৰকাৰত ৰাজ্যিক কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি শ্ৰম আৰু নিয়োগ, পৰ্যটন, চুগাৰ কেন, সমাজ কল্যাণ, আৰু সংসদীয় পৰিক্ৰমা সুচাৰুৰূপে চম্ভালিছিল।২

ইয়াৰ পিছত ১৯৮৪ চনৰ পৰা ১৯৮৫ চনলৈকে ১৯৮৪ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৪ চনৰ ৩১ অক্টোবৰলৈ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ১৯৮৪ চনৰ ৪ নৱেম্বৰৰ পৰা ১৯৮৫ চনৰ ২৫ ছেপ্টেম্বৰলৈ ৰাজীৱ গান্ধীৰ অধীনত ভাৰত চৰকাৰত দুবাৰকৈ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।১

ৰাম দুলাৰী সিনহা, কেৰালাৰ ৰাজ্যপাল হিচাপে

১৯৮৮ চনৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা ১৯৯০ চনৰ ১২ ফেব্ৰুৱাৰীলৈকে তেওঁ কেৰালাৰ ৰাজ্যপাল হয়।৩

তথ্যসূত্ৰ

  1. ↑ Smt. Ram Dulari Sinha. www.rajbhavan.kerala.gov.in
  2. ↑ नारी शक्ति: दहेज, पर्दा और छूआछूत के खिलाफ लड़ती रहीं रामदुलारी. Hindustan
  3. ↑ (5 December 2018). पूर्व राज्यपाल रामदुलारी सिन्हा की जयंती होगी ऐतिहासिक: मधुरेंद्र. Dainik Bhaskar

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম দুলাৰী সিনহা” প্ৰবন্ধৰ সংশোধন ৪৯৮১১৬ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।