ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰৰ (১৭ মাৰ্চ, ১৯০৯ - ১১ ডিচেম্বৰ, ২০০১)১ (रामचंद्र नारायण दांडेकर; Ramchandra Narayan Dandekar) জন্ম ১৯০৯ চনৰ ১৭ মাৰ্চত মহাৰাষ্ট্ৰৰ শতৰা নামে ঠাইত হৈছিল। তেখেত প্ৰাচীন ভাৰতীয় শিক্ষা আৰু সাংস্কৃতিক পৰম্পৰা, প্ৰাচ্য অধ্যয়ন আদিৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱাৰ লগতে ভাৰততত্বৰ বিভিন্ন দিশত পাণ্ডিত্বপূৰ্ণ বহুতো প্ৰবন্ধ ৰচনা আৰু সম্পাদনা কৰে।২
শিক্ষা
পুনাৰ ডেক্কান মহাবিদ্যালয় আৰু জাৰ্মানীৰ হিডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা গ্ৰহণ কৰি বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু প্ৰাচীন ভাৰতীয় সংস্কৃতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
কৰ্মজীৱন আৰু লাভ কৰা সন্মান
তেখেতে পুনা বিশ্ববিদ্যালয় আৰু ফাৰ্গুচন মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। তেখেত দেশী-বিদেশী বহুতো বিশ্ববিদ্যালয়ৰ পৰা অলেখ পুৰস্কাৰ আৰু উপাধিৰ সন্মান লাভ কৰিছিল।২ পুনা বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু হিডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰা ‘বাচস্পতি’ উপাধি লাভ কৰে। স্বধ্যালয়া মণ্ডলে ‘বিদ্যাভূষণ’, অযোধ্যাৰ সংস্কৃত কাৰ্যালয়ে ‘প্ৰাচ্যবিদ্যালংকা’ আৰু বাৰাণসীৰ অখিল ভাৰতীয় পণ্ডিত মহাপৰিষদে ‘মহামহোপধ্যায়’ উপাধি প্ৰদান কৰে। ১৯৬২ চনত ভাৰত চৰকাৰে পদ্মভূষণ আৰু ১৯৯২ চনত অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ ejvs.laurasianacademy.com
- ↑ শ্ৰীমন্ত শংকৰদেৱ বঁটা, হিৰণ্য কুমাৰ ভূঞা, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ” প্ৰবন্ধৰ সংশোধন ৪২০৮৩৭ (৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।