অসমৰ মহিলা চিকিৎসক
৭ প্ৰবন্ধ
-
কমলা গোহাঁই
কমলা গোহাঁই হৈছে কুৰি শতিকাৰ চল্লিছৰ দশকৰ এগৰাকী অসমীয়া মহিলা চিকিৎসক।
-
তিলোত্তমা ৰায়চৌধুৰী
তিলোত্তমা ৰায়চৌধুৰী হৈছে এম.বি.বি.এছ. লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ দ্বিতীয়গৰাকী।
-
নিৰ্মলা চলিহা
ডাঃ নিৰ্মলা চলিহা এগৰাকী অসমীয়া মহিলা চিকিৎসক।
-
নিৰ্মলা বৰুৱা
ডাঃ নিৰ্মলা বৰুৱা হৈছে এগৰাকী অসমীয়া মহিলা চিকিৎসক। তেখেত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা।
-
ৰজনীপ্ৰভা শইকীয়া
ৰজনীপ্ৰভা শইকীয়াRajaniprabha Saikia ওৰফে ৰজনীপ্ৰভা দাস চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰা প্ৰথম অসমীয়া মহিলা। তেওঁ এছিয়া মহাদেশৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় 'কলিকতা চিকিৎসা মহাবিদ্যালয়'ৰ পৰা এম.বি.বি.এছ ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ এগৰাকী, আনগৰাকী আছিল তিলোত্তমা ৰায়চৌধুৰী।
-
দীপালি দত্ত
ডাঃ দীপালি দত্ত(Deepali Dutta) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞ। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
দীপিকা ডেকা
দীপিকা ডেকা (Dipika Deka) এগৰাকী ভাৰতীয় চিকিৎসাবিদ, অধ্যাপক তথা স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ। তেওঁ বৰ্তমান নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিভাগৰ অধ্যাপক।