ঘটনাৱলী
- ১৫২৯ - বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত। এই ঘটনাৰ পিছতে মোগল সম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হয়।
- ১৮৪০ - বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় যুক্তৰাজ্যত। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল। টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লেক’।
- ১৮৫৩ - আমেৰিকান সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ হয়।
- ২০২৫ চন - ২০২৫ ভাৰত–পাকিস্তান সংঘাত: দুসপ্তাহ পূৰ্বে সংঘটিত হোৱা ২০২৫ পেহালগাম আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ভাৰতৰদ্বাৰা পাকিস্তান আৰু পাকিস্তান-প্ৰশাসিত কাশ্মীৰৰ ভিতৰত একাধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ।১
জন্ম
- ১৭৯২ - মাৰ্টিন ওম, জাৰ্মান গণিতজ্ঞ।
- ১৮১১ - জেম্ছ ইয়ং ছিম্পছন, স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লেৰোফৰ্মৰ আৱিষ্কাৰক।
- ১৮৫৬ - ছিগমন্ড ফ্ৰয়েড, অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী।
- ১৮৬১ - মতিলাল নেহৰু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পিতৃ।
- ১৯০৪ - হেৰী মাৰ্টিনছন, ছুইডেনৰ কবি, ঔপন্যাসিক। ১৯৭৪ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰিছিল।
- ১৯০৯ - এডমিৰেল ৰবাৰ্ট এডুইন প্যাৰী, উত্তৰ মেৰুত প্ৰথম মানৱৰ প্ৰথম খোজ দিয়া আমেৰিকাৰ অভিযাত্ৰী (১৮৫৬ চন)।
- ১৯১১ - মৃদুলা সাৰাভাই, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
- ১৯২৬ - সোণেশ্বৰ বৰা, ভাৰতীয় স্বাধীনতা সংগ্ৰামী,ৰাজনীতিবিদ আৰু সমাজকৰ্মী।
- ১৯৫৩ - টনী ব্লেয়াৰ, ব্ৰিট্ৰিছ প্ৰধান মন্ত্ৰী।
- ১৯৮৩ - গগন নাৰং, ভাৰতীয় শ্বুটাৰ।
- ১৯৮৬ - শ্বাহানা গোস্বামী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯৪৯ - মৰি মেটাৰলংক, বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি। ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্ৰসিদ্ধ ৰচনা। ‘নীলা চৰাই’ নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে। ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৫২ - মাৰিয়া মণ্টেছৰী, ইটালিয়ান স্বাস্থ্যবিদ আৰু শিক্ষাবিদ।
- ১৯৯২ - মাৰ্লিন ডিট্ৰিস, জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।
- ২০০২ - শান্তা গান্ধী, ভাৰতীয় নাট পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ।
দিৱস
- আন্তঃৰাষ্ট্ৰীয় নো ডায়েট দিৱস
- শ্বহীদ দিৱস (লেবানন আৰু ছিৰিয়া)
- আজুলেজো দিৱস (পৰ্তুগাল)২
- হিদিৰেলেজৰ প্ৰথম দিন (তুৰস্ক)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৬ মে'” প্ৰবন্ধৰ সংশোধন ৫৬৭২৫৮ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।