মিৰ্জা জাহিৰুদ্দিন মহম্মদ বাবৰ আছিল মধ্য এছিয়াৰ এজন বিখ্যাত মুছলমান সম্ৰাট আৰু মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। ১ তেওঁক সাধাৰণতে বাবৰ বুলি জনা যায়। ১৪৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত বৰ্তমানৰ উজবেকিস্তানত তেওঁ জন্মগ্ৰহণ কৰে আৰু তেওঁৰ মৃত্যু হয় ১৫৩০ চনৰ ২৬ ডিচেম্বৰত। তেওঁ প্ৰথম পানীপথৰ যুদ্ধত দিল্লীৰ লোডী বংশৰ শেষ চুলতান ইব্ৰাহিম লোডীক পৰাস্ত কৰি দিল্লী দখল কৰি মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। ২ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মিৰ্জা হুমায়ুনে সিংহাসনত আৰোহণ কৰে।
বংশানুক্ৰম

তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাবৰ” প্ৰবন্ধৰ সংশোধন ৪৫৪৬৭৩ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।