অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৪ জুন

১২০৬ - কটুবুদ্দিন দিল্লীৰ চুলতান হয়। দিল্লীত চুলতানী শাসনৰ সূচনা হয়। উল্লেখ্য যে জীৱনৰ প্ৰথমচোৱা কুটুবুদ্দিন আছিল মহম্মদ ঘোৰীৰ ক্ৰীতদাস। ১৯৬৩ - ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ হয়। ১৯৭৬ - ভিয়েটনাম যুদ্ধৰ অৱসান হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৪ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১২০৬ - কটুবুদ্দিন দিল্লীৰ চুলতান হয়। দিল্লীত চুলতানী শাসনৰ সূচনা হয়। উল্লেখ্য যে জীৱনৰ প্ৰথমচোৱা কুটুবুদ্দিন আছিল মহম্মদ ঘোৰীৰ ক্ৰীতদাস।
  • ১৯৬৩ - ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ হয়।
  • ১৯৭৬ - ভিয়েটনাম যুদ্ধৰ অৱসান হয়। উত্তৰ আৰু দক্ষিণ ভিয়েটনাম লগ হৈ গঠন ছ’চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম বা ভিয়েটনাম ৰাষ্ট্ৰ।
  • ১৯৮৪ - কানাড়া সাহিত্যিক মাস্তি ভেংকটেশ আয়েংগাৰলৈ ১৯৮৩ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
  • ২০১১ - ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় আৰু বহুতো নথি পত্ৰ জুইত জাহ যায়।
  • ২০১১ - দেশৰ নতুন গৃহ সচিব ৰূপে আৰ কে সিঙে দায়িত্ব লয়।
  • ২০১২ - উজনি অসমত বানৰ তাণ্ডৱত ১০জন লোকৰ মৃত্যু হৈছিল।
  • ২০১২ - শিৱসাগৰ জিলাত এনচেফেলাইটিচৰ ভয়াবহ আক্ৰমণৰ ফলত ৫ জনৰ মৃত্যু আৰু বহু লোক আক্ৰান্ত হয়।
  • ২০১২ - এনকেফেলাইটিছ ৰোগত অসমৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশতো ২০০ তকৈও অধিকলোকৰ মৃত্যু হয়।
  • ২০২৪ - ৰিয়ান পৰাগ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ১

জন্ম

  • ১৮৬৯ - দামোদৰ হৰি ছাপেৰকাৰ, ভাৰতীয় সশস্ত্ৰ বিপ্লৱী।
  • ১৮৮৫ - তাৰা সিং, ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা।
  • ১৮৯৩ - ৰয় ডিজনী, আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী।
  • ১৮৯৭ - ওঙ্কাৰনাথ ঠাকুৰ, ভাৰতীয় সংগীত শিল্পী।
  • ১৯৩৭ - অনিতা দেশাই বা অনিতা মজুমদাৰ, ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্‌ছ ইন্‌ষ্টিটিউট অৱ টেক্‌ন'ল'জীৰ হিউমেনিটী বিষয়ৰ এমাৰিটাজন ই বুৰ্চাৰ্ড অধ্যাপিকা, ১৯৭৮ চনত Fire on the Mountain উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, The Village by the Sea উপন্যাসৰ বাবে ব্ৰিটিছ গাৰ্ডিয়ান বঁটা লাভ কৰিছিল।
  • ১৯৬৬ - বিজয়াশান্তি, ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ।
  • ১৯৮৭- লিঅ'নেল মেছি, আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ।

মৃত্যু

দিৱস

  • সেনা দিৱস (ভেনেজুৱেলা)।
  • কাৰ্বি স্বায়ত্ত্ব পৰিষদৰ ৬২ তম প্ৰতিষ্ঠা দিৱস।

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ (24 June 2024). India squad for Zimbabwe T20I series: Riyan Parag, Abhishek Sharma, Nitish Reddy get maiden call-up; Gill named captain. SPORTSTAR

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৪ জুন” প্ৰবন্ধৰ সংশোধন ৪৩৪১৫২ (২৯ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।