অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৪ আগষ্ট

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২২ আগষ্ট ২০২২ ২৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৬০৮ - ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমখন জাহাজ চুৰাট উপকূলত প্ৰবেশ কৰে।১২
  • ১৮১৪ - ব্ৰিটিছ বাহিনীয়ে ৱাশ্বিংটন, ডি চি দখল কৰে আৰু বহুতো ৰাজহুৱা অনুষ্ঠান ধ্বংস কৰে। (বাৰ্নি অৱ ৱাশ্বিংটন বা ১৮১২ৰ যুদ্ধ)
  • ১৯৬৯ - বৰাহগিৰি ভেংকট গিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় আৰু ১৯৭৪ চনৰ একে তাৰিখত কাৰ্যকাল শেষ হয়।
  • ১৯৭৪ - ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয়।
  • ১৯৯১ - ইউক্ৰেইনে ছ'ভিয়েট সংঘৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰে।
  • ২০০৮ - বেইজিংত ২৯তম অলিম্পিক ক্ৰীড়াৰ সামৰণি পৰে।

জন্ম

  • ১৮৪৬ - হেনৰী গেনেট (Henry Gannett), আমেৰিকান ভূগোল বিজ্ঞানী আৰু কাৰ্ট'গ্ৰাফাৰ।
  • ১৯০৮ - ৰাজগুৰু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৪২ - কাৰেণ কেছকুল্লা উলেনবেক, এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ।
  • ১৯৪৪ - ৰকি জনছন, মল্লযুঁজাৰু, হলীউডৰ অভিনেতা আৰু মল্লযুঁজাৰু ডৱেন "দ্য ৰক" জনছনৰ পিতৃ।
  • ১৯৪৫ - ভিন্স মেকমাহন, ডব্লিউ ডব্লিউ ইৰ (WWE) মুৰব্বী, মল্লযুঁজাৰু।
  • ১৯৬৩ - হিডৌ ক'জিমা, ভিডিঅ' গেমৰ নিৰ্মাতা।
  • ১৯৬৫ - মাৰ্লি মেটলিন, অমেৰিকান অভিনেত্ৰী, অস্কাৰ বিজয়ী একমাত্ৰ বধিৰ শিল্পী।
  • ১৯৬৯ - মুকেশ তিৱাৰী, অভিনেতা।
  • ১৯৮৬ - শান্তনু ভাগ্যৰাজ, প্ৰসিদ্ধ তামিল চলচ্চিত্ৰ অভিনেতা।
  • ১৯৮৮ - পদ্মনাভ বৰদলৈ, ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক।
  • ১৯৯০ - এলিজাবেথ ডেবিকি, ফৰাচী অভিনেত্ৰী।
  • ১৯৯৭ - এলান ৱাকাৰ, জনপ্ৰিয় সংগীত নিৰ্মাতা আৰু ডি জে (DJ)।

মৃত্যু

  • ১৮৮৮ - ৰুডল্ফ ক্ল'ছিয়াছ (ইংঃ Rudolf Clausius), জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ, তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰ (second law of thermodynamics) আৰু এনট্ৰ'পি (entropy) সূত্ৰৰ আৱিষ্কাৰক।
  • ১৯২৫ - ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকৰ, সমাজ সংস্কাৰক।
  • ১৯৮৯ - ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱা, বিপ্লৱী, কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামী।
  • ২০১৪ - ৰিছাৰ্ড এটেনবৰ', ব্ৰিটিছ আভিনেতা, অস্কাৰ বিজয়ী গান্ধী কথাছবিৰ নিৰ্মাতা আৰু পৰিচালক।
  • ২০১৯ - অৰুণ জেটলী, ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ।
  • ২০২০ - জীৱেশ্বৰ ডেকা, অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা।

দিৱস

  • স্বাধীনতা দিৱস (ইউক্ৰেইন)।
  • পতাকা দিৱস (লাইবেৰিয়া)।

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ When and why did the British first choose to invade India?. India Today
  2. ↑ 24th August 1608: The First Representative of the East India Company Lands in Surat. Maps of India

সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৪ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৩৩১১৭০ (২২ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।